বিশেষ বাৰ্তা, ৫ জুলাইঃ অৱশেষত নিলম্বিত হ’ল ৰহাৰ ঘোচখোৰ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ডিম্বেশ্বৰ মহন্ত। কেইদিনমানৰ পূৰ্ৱে চিডিপিঅ’গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু কেমেৰাত বন্দী হৈছিল উৎকোচৰ ধন ঘূৰাই দিয়াৰ দৃশ্য। অভিযোগ মতে তৰামাই বেগন নামৰ এগৰাকী অংগনৱাড়ী কৰ্মীৰ পৰা উচ্চতম ন্যায়ালয়ৰ গোচৰ আঁতৰাই চাকৰি ৰাখিবলৈ ১০,০০০ টকাৰ উৎকোচ লৈছিল ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ডিম্বেশ্বৰ মহন্তই। জানিব পৰা মতে ৰহাৰ দীঘলীআটি-আটিগাওঁ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী তৰামাই বেগমৰ বিৰুদ্ধে তেওঁ চাকৰি কৰা কেন্দ্ৰটো কৰ্মীগৰাকীৰ সীমাৰেখাৰ অন্তৰ্গত নহয় বুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল চাকৰিটোৰ বাবে আবেদন কৰা অন্য এটা পক্ষই। আৰু সেই সন্দৰ্ভত ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া গৰকীৰ লগত আলোচনা কৰাত গোচৰ সন্দৰ্ভত মকামিলাৰ বাবে ১০,০০০ টকা দাবী কৰিছিল ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীয়ে। তাৰ পিছতে চাকৰি ৰক্ষাৰ স্বাৰ্থত বিচৰা মতে ধন আদায় দি আহিছিল অংগনৱাডী কৰ্মী তৰামাই বেগমে। কিন্তু শেষত তৰামাইক চাকৰিৰ পৰা বহিস্কাৰ কৰিবলৈ জাননী অহাত আদায় দিয়া ধন ঘূৰাই বিচাৰে কৰ্মী গৰাকীয়ে। ৰহাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মহন্তই লোৱা ধন ঘূৰাই দিয়া সমগ্ৰ ঘটনা আবদ্ধ হয় কেমেৰাত আৰু সংবাদ মাধ্যমত সম্প্ৰচাৰ হ’ল সমগ্ৰ ঘটনা। ইয়াৰ পূৰ্বেও তিনিমাহ পূৰ্বে বিনীতা মেধি ছেত্ৰী নামৰ এগৰাকী ১৪ বছৰ কৰ্মৰত কৰ্মীক চাকৰিৰ পৰা অন্যায়ভাৱে অপসাৰন কৰে| ৰহাৰ চিডিপিঅ ডিম্বেশ্বৰ মহন্তক বেয়া বুদ্ধিৰে সহায় কৰে বুলি জানিব পৰা গৈছে ডেপুটি ডাইৰেক্টৰ গৌতম মজুমদাৰে | আৰু অৱশেষত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধ্যক্ষ সচিৱ মুকেশ চন্দ্ৰ ছাহুৱে নিলম্বন কৰে অভিযুক্ত ডিম্বেশ্বৰ মহন্তক।
প্ৰেৰক মানৱ বৰা