নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯২ শতাংশ নম্বৰে ৰহাৰ টকলাটোপলৈ গৌৰৱ কঢ়িয়ালে খুচি ছেত্ৰীয়ে

স্কুলৰ ৰান্ধনী মাতৃৰ চকুলো মচি খুচিয়ে দেখুৱালে পাৰদৰ্শিতা

নিয়মীয়া বাৰ্তা ৰহা,২৭জুনঃ” মোৰ এবছৰ বয়সতে দেউতা ঢুকালে। মোৰ মায়ে স্কুলৰ ৰান্ধনী কৰে। স্কুল বন্ধ হ’লে লোকৰ পথাৰত হাজিৰা কৰে। মায়ে এনেদৰে খোৱাৰ যোগাৰ উপৰিও মোৰ পঢ়া-শুনাৰ খৰছ উলিয়াই পঢ়াইছে। বৰদউতা-খুৰা আৰু পৰিয়ালৰ সকলোৱে সহায় কৰাত মই পঢ়িবলৈ সুবিধা পাইছোঁ। কোনো দিনাখন পইছা নাথাকিলে স্কুল যাব নোৱাৰিছিলো। আৰু পাঁচ নম্বৰ লাভ কৰা হ’লে ষ্টেণ্ড কৰিলোঁহেতেন—” এইদৰে কৈ থকাৰ সময়তে তাইৰ দুচকুৰে নিগৰিছিল  চকুলো। ছাত্ৰী গৰাকীৰ নাম খুচী ছেত্ৰী। নগাঁও জিলা ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত টকলাটোপৰ এইগৰাকী ছাত্ৰীয়ে কালি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯২ শতাংশ নম্বৰ লাভেৰে সমগ্ৰ ৰহা অঞ্চলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰহা সমষ্টিৰ এটি ভিতৰুৱা অঞ্চল কপিলী পাৰৰ টকলাটোপ গাঁৱত মাতৃৰ সহিতে বসবাস কৰা খুচীৰ এই সাফল্যত গৌৰৱাম্বিত গাঁওবাসী। খুচীৰ ফলাফলৰ খবৰ লাভ কৰি খুচীৰ বাসগৃহত উপস্থিত হৈছিল ৰহাৰ কেইবাগৰাকী সাংবাদিক।

 সাংবাদিক সকলৰ আগত খুচীয়ে কেনেদৰে অধ্যয়ন কৰি সফলতা লাভ কৰিছিল ইয়াৰ এক বৰ্ণনা দাঙি ধৰিছিল য’ত আছিল মাতৃৰ এক সংগ্ৰামী জীৱন। খুচীয়ে জানিব দিয়ামতে ঘৰৰ কাষতে থকা টকলাটোপ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি আমতলা প্ৰগতিশীল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অংক,অসমীয়া, হিন্দী আৰু ইংৰাজী বিষয়ত লেটাৰ মাৰ্কসহ ৮২ শতাংশ নম্বৰে উত্তীৰ্ণ হৈছিল। পাছত পৰিয়ালৰ বৰদেউতাক-খুৰাক আৰু আন সদস্য সকলৰ সহায়ত ৰহা ৰিজ’নেন্স জুনিয়ৰ কলেজত নামভৰ্তি কৰে। এবছৰ বয়সতে পিতৃক হেৰুৱাৰ পাছত মাতৃ সীতা ছেত্ৰীয়ে খুচীক বুকুত সাৱতি লৈ অন্ধকাৰ বাটেৰে পোহৰ বিছাৰি আগুৱাই গৈছিল। একমাত্ৰ সন্তান খুচীক এগৰাকী সৎ নাগৰিক হিছাপে গঢ় দিয়াৰ মানসেৰে স্কুলৰ ৰান্ধনী হিচাপে কাম কৰে। অতি কম মাননীৰে ঘৰ চলাবলৈ নোৱাৰি স্কুল বন্ধৰ দিনত পথাৰত হাজিৰা কৰিও সন্তান খুচীৰ বাবে টকা যোগাৰ কৰিছিল। মাতৃৰ এই কষ্ট আৰু শ্ৰমক খুচীয়ে যেন গুৰুত্ব বুজি পাইছিল মাক আৰু পৰিয়ালক কিদৰে ইয়াৰ দক্ষিণা দিব তাৰ বাবে চেষ্টা কৰিছিল।বৰদেউতাক দেৱ বাহাদুৰ ছেত্ৰীয়ে জানিব দিয়ামতে খুবেই কষ্ট কৰি পঢ়িছিল  আৰু যদি পাঁচ নম্বৰ পোৱাহেতেন এটা পজিচন লাভ কৰিলেহেতেন। লগতে খুৰাক তেজ বাহাদুৰ ছেত্ৰীয়ে কয় যে অতি সৰুতে দেউতাকে এৰি থৈ যোৱাৰ পাছত মাকে অশেষ কষ্ট কৰিছে, লগতে পৰিয়ালেও সহায় কৰে। ৰাতি এক-দুঘন্টা মানহে শুৱে। তাকেলৈ ঘৰৰ মানুহে গালি পাৰে। টোপনি ক্ষতি কৰাত তাইৰ অসুখো হৈ থাকে। মাক কামলৈ গ’লে ঘৰৰ সমস্ত কামবন কৰি পঢ়াৰ টেবুলত বহিছিল। কোনো টিউচন নোলোৱাকৈ ঘন্টাৰ পাছত ঘন্টা হিচাপে দৈনিক ১২ ঘন্টাকৈ পঢ়াশুনা কৰিছিল। এনেদৰে চৰকাৰী স্কুলৰ পৰা  ৮৮ শতাংশ নম্বৰ লাভ কৰি  হোৱা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৫৪৮নম্বৰ লাভ কৰি  সফলতা  অৰ্জন কৰে।

খুচীয়ে  ইংৰাজীত-৮৬,  অসমীয়া-৯২,  তৰ্কশাস্ত্ৰ-৯৩,  শিক্ষাতত্ব- ৯৭, ৰাজনীতি বিজ্ঞান-৯০ আৰু অৰ্থনীতি বিজ্ঞানত-৮৬ নম্বৰ লাভ কৰে। কিন্তু খুচীৰ এনে সাফল্যৰ পাছতো যেন হাঁহিব পৰা নাই তাই। একান্ত ইচ্ছা আছিল ইংৰাজী বিষয়ক গুৰুপাঠ্যক্ৰম হিচাপে লৈ নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰিব। পাছে আৰ্থিক অসুবিধাৰ বাবে মাতৃয়ে সেই সুবিধা দিব নোৱাৰে। কাৰণ খুচীয়ে ঘৰৰ পৰা অহা-যোৱা কৰি পঢ়া-শুনা কৰিবলৈ যাতায়ত আৰু অন্যান্য অসুবিধা। সেহে মাকে য’তে পঢ়িবলৈ দিয়ে তাতে পঢ়িবলৈ আগ্ৰহী খুচী। যদি খুচীয়ে ৰহা মহাবিদ্যালয়ত নামভৰ্তি কৰে তেন্তে ৰহা মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ বেদ কুমাৰ চলিহা আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক পৃথ্বীৰাজ বৰকাকতিয়ে সহায় কৰিব বুলি জানিব দিছে। তদুপৰি শুকুৰবাৰে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰহাৰ বিজেপিৰ যুৱীকৰ্মী সঞ্জীৱ হাজৰিকাই নগদ তিনিহাজাৰ টকা প্ৰদান কৰা লগতে যাৱতীয় সহায় সহযোগিতা কৰিব বুলি আশ্বাস দিয়ে।তদুপৰি ৰহা নগৰ সমিতিৰ প্ৰাক্তন সভাপতি মনজ্যোতি বৰাইয়ো ছাত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰি প্ৰয়োজনীয় সহায় -সহযোগিতা কৰিব বুলি আশ্বাস দিয়ে।

উল্লেখ্য যে, ৰহা সমষ্টিৰ কপিলী পাৰৰ তথা অতি পিছপৰা অঞ্চল টকলাটোপৰ এইগৰাকী ছাত্ৰীৰ সাফল্যত সকলোৱে শুভেচ্ছা জনাইছে। ইয়াৰ লগতে স্থানীয় একাংশলোকে ছাত্ৰী গৰাকীৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত কোনো সুহৃদ লোকে সহায় কৰিলে নিশ্চিত ভাৱে ছাত্ৰীগৰাকী উপকৃত হ’ব বুলিও মন্তব্য কৰিছে।

You might also like