নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৮ চনৰ গোচৰত কাৰাগাৰৰ ভিতৰতে পুনৰ গ্রেপ্তাৰ ৰাজকন্যাক

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ সুৰাৰ ৰাগিত মাতাল হৈ ৰাজপথত কর্মৰত আঠজন শ্রমিক আৰু এজন পথচাৰীক গাড়ীৰে খুন্দিয়াই আহত কৰা ৰাজকন্যা বৰুৱাৰ বিপদ এতিয়াও আঁতৰি যোৱা নাই৷ ৰুক্মিণীগাঁৱৰ হিট এণ্ড ৰান গোচৰত গ্রেপ্তাৰ হোৱা ৰাজকন্যাক পুনৰ আন এটা গোচৰত কাৰাগাৰৰ ভিতৰতে গ্রেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে৷ ২০১৮ চনত ৰুজু হোৱা এটা গোচৰত বিতর্কিত মডেলগৰাকীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই নতুন গোচৰটোত গ্রেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ আদালতে পুনৰ জে’ল–হাজোতলৈ প্রেৰণ কৰে ৰাজকন্যাক৷

উল্লেখ্য যে ২০১৮ চনত ৰুক্মিণীগাঁৱত এগৰাকী প্রাক্তন বিধায়িকাৰ পুত্রক গাড়ীৰে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল বিতর্কিত এই মডেলগৰাকীয়ে৷ এই দুর্ঘটনাত প্রাক্তন বিধায়িকাগৰাকীৰ পুত্র ডিঙিৰ লগতে শৰীৰৰ কেইবাস্থানতো আঘাতপ্রাপ্ত হৈছিল৷ অৱশ্যে সেই সময়ত এই গোচৰত গ্রেপ্তাৰ কৰা হোৱা নাছিল ৰাজকন্যাক৷

ইপিনে যোৱা ১ অক্টোবৰৰ নিশা সান্ধ্য আইন ভংগ কৰি জন্মদিনৰ পার্টী দুপৰ নিশালৈকে অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া ভিভাণ্টাই এতিয়াও উত্তৰ দিয়া নাই কামৰূপ মহানগৰ জিলা প্রশাসনৰ জাননীৰ৷ প্রাপ্ত তথ্য অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনৰ জাননীৰ উত্তৰ প্রদান কৰিবলৈ পুনৰ অতিৰিক্ত সময় বিচাৰিছে বিলাসী হোটেলখনে৷ অৱশ্যে সাত দিনৰ ভিতৰত এই জাননীৰ উত্তৰ প্রদান নকৰিলে জিলা প্রশাসনে ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ভিভাণ্টাত অনুষ্ঠিত নৈশ পার্টীৰ পৰা উভতি অহাৰ সময়তে ১ অক্টোবৰৰ মাজনিশা ৰুক্মিণীগাঁৱত ৰাজপথৰ মেৰামতিৰ কামত নিয়োজিত আঠজনকৈ শ্রমিকক গাড়ীৰে মহটিয়াই নিছিল ৰাজকন্যা বৰুৱাই৷

You might also like