নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ অক্টোবৰৰ পৰা ১০০% যাত্রীৰে চলিব দেশীয় বিমান

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  দেশত দৈনিক ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হৈছে৷ এনে পৰিপ্রেক্ষিততে দুর্গোৎসৱৰ পিছতেই অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীয়ে দেশীয় বিমান সেৱা অব্যাহত হ’ব বুলি আজি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিমানত যাত্রীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাক লৈ ১৮ অক্টোবৰৰ পৰা বিমান সেৱা আৰম্ভ হ’ব৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰা মতে, বর্তমান ৮৫ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা চলি আছে৷

বিমান যাত্রীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি দেশৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনাৰ অন্তত এশ শতাংশৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দেশৰ সকলো প্রান্তলৈ বিমান সেৱা পুনৰ স্বাভাৱিক ৰূপত চলাচল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলিও মন্ত্রালয়ে প্রকাশ কৰিছে৷ অৱশ্যে ভ্রমণৰ সময়ছোৱাত যাত্রীসকলে ক’ভিড–১৯ প্রট’কল মানি চলিব লাগিব বুলিও মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে৷

মন কৰিবলগীয়া যে চলিত বর্ষৰ মার্চৰ পৰা ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পিছত ১ জুনৰ পৰা ৫ জুলাইলৈ ৫০ শতাংশ বিমান চলাচলৰ অনুমতি আছিল৷ পৰৱর্তী সময়ত ৫ জুলাইৰ পৰা ১২ আগষ্টলৈ ৬৫ শতাংশ আৰু ১৩ আগষ্টৰ পৰা ৮৫ শতাংশ যাত্রীৰে বিমান চলাচলৰ অনুমতি দিয়া হৈছে৷ সম্প্রতি ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ দ্রুতগতিত নিম্নগামী হৈ থকাৰ বাবে সম্পূর্ণ আসন ক্ষমতাৰে বিমান চলাচলৰ অনুমতি দিয়া হৈছে৷

You might also like