বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্রদ্বয় ড০ জুৰি শৰ্মা বৰদলৈ আৰু সুভাষ দত্তই আজি এখন সংবাদ মেলৰ জৰিয়তে প্রদেশ কংগ্ৰেছক তীব্র ভাষাৰে সমালোচনা কৰে। মুখপাত্র ড০ জুৰি শৰ্মা বৰদলৈৰ মতে দশক দশকজুৰি কংগ্ৰেছ দলে ভাৰতবৰ্ষক শোষণ কৰাৰ লগতে অন্যায় কৰি আহিছে। সেয়ে তেওঁলোকে ন্যায়ৰ কথা ক’লে শোভা নাপায়। কংগ্রেছৰ ভাৰত জোড়ো যাত্রাক তীব্র ভাষাৰে সমালোচনা কৰি মুখপাত্রগৰাকীয়ে কয় যে দেশ বিভাজন কৰাসকলৰ শোভাযাত্রাত জনতাই অংশগ্রহণ নকৰে, এইটো এটা অর্থবিহীন যাত্রা। কংগ্রেছে একমাত্র অসমকে নহয় সমগ্র দেশবাসীকে অন্যায় কৰি আহিছে। তেওঁলোকে দলিতসকলক অপমান কৰি আহিছে, দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত বিভাজন সৃষ্টি কৰি আহিছে। কংগ্ৰেছীসকলৰ এনে নেৰেটিভক দেশবাসীয়ে অন্যায় বুলি বিবেচিত কৰে। মুখপাত্ৰগৰাকীয়ে কয়, কংগ্রেছী নেতা জৱাহৰলাল নেহৰুৰ দৰে ব্যক্তিয়ে বহু বছৰৰ পূৰ্বেই দেশখনক বিভাজন কৰি থৈ গৈছে, সেই কংগ্রেছে এতিয়া ভাৰত জোড়ো অথবা ন্যায়ৰ কথা ক’লে আমি লাজ পাওঁ। আনহাতে সংবাদ মেলত মুখপাত্র সুভাষ দত্তই কয়, ৰাহুল গান্ধীয়ে অসমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে উন্নয়ন কৰিছে সেয়া চাবলৈ আহিব। অসমত কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত ৰাহুল গান্ধীৰ দৰে কংগ্ৰেছী নেতাসকলে অসমলৈ দুদিন থকাকৈয়ো আহিবলৈ সাহস কৰা নাছিল। এতিয়া বিজেপিৰ দিনত আঠ দিন থকাকৈ অসমলৈ আহিব বিচাৰিছে। বিজেপি চৰকাৰৰ দিনত বিজেপিৰ নেতৃত্বই অসমৰ যে সর্বাংগীণ উন্নয়ন, অসমৰ শান্তি-শৃংখলা উত্তৰণ হৈছে সেয়া ৰাহুল গান্ধীয়ে আওপকীয়াকৈ স্বীকাৰ কৰিব। ৰাহুল গান্ধীয়ে এতিয়া অসমলৈ আহি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমৰ সমাজ জীৱনৰ কাৰণে যিসমূহ উন্নয়নমূলক কাম কৰা নাছিল সেইসমূহ সমাধান হোৱা দেখিবলৈ পাব। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে ২০০৪ চনৰ পৰা ২০১০ চনলৈকে অসমে খাৰুৱা তেলৰ ৰয়েল্টি বাবদ পাবলগীয়া ধন ৭৭৭০ কোটি টকা বন্ধ কৰি ৰাখিছিল, এয়া কংগ্ৰেছ চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায় আছিল। অসম আন্দোলনৰ ফলশ্রুতিত অসমে লাভ কৰা নুমলীগড় তেল শোধনাগাৰ শোধন ক্ষমতা বিজেপি চৰকাৰৰ দিনত তিনি মিলিয়ন মেট্রিক ট্ৰনৰ পৰা ৯ মিলিয়ন মেট্রিক ট্রনলৈ বৃদ্ধি হোৱাৰ লগতে শোধনাগাৰৰ পৰিসৰ বৃদ্ধি হৈছে, ৰাহুল গান্ধীয়ে এতিয়া এনেধৰণৰ উন্নয়ন চাবলৈ অসমলৈ আহিব। মুখপাত্ৰগৰাকীয়ে লগতে কয়, শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে পাহাৰীয়া জিলাত কংগ্ৰেছ শূন্য বুলি সমালোচনা কৰিছিল, ইফালে হোটেল লিলিত বহিও তেওঁলোকে ঐক্যৰ কথা কয়। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একোটা মুদ্রাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰি মুখপাত্ৰগৰাকীয়ে লগতে কয়, কংগ্রেছ দলে বিৰোধী দল আৰু বিৰোধী ঐক্যক ধূলিস্যাৎ কৰি বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰিব। সুভাষ দত্তই লগতে কয়, কংগ্রেছ দলে ন্যায় যাত্রা কৰাতকৈ পাপ মোচন যাত্ৰা কৰক আৰু এই যাত্রা তেওঁলোকে আমগুৰিৰ পৰাই আৰম্ভ কৰক। আমগুৰিৰ পবিত্র ভূমিত থিয় হৈ কওক যে আমাৰ নেতাসকলে পাপ কৰিছে, সেয়ে আমি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ। ৰাহুল গান্ধীক কটাক্ষ কৰি মুখপাত্রগৰাকীয়ে কয়, ভাৰত জোড়ো যাত্ৰাৰ সময়ত কলকাতাৰ পৰাই ভাৰতবৰ্ষ আৰম্ভ হয় বুলি ৰাহুল গান্ধীয়ে টুইট কৰিছিল। ৰাহুল গান্ধীক আধুনিক ভাৰতবৰ্ষৰ বিচ্ছিন্নতাবাদী বুলি কটাক্ষ কৰি মুখপাত্র দত্তই কয় যিজনে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ ভিতৰত নাই বুলি টুইট কৰিব পাৰে সেইজনেই হৈছে আধুনিক ভাৰতৰ বিচ্ছিন্নতাবাদী। তেখেতসকলৰ পূৰ্বপুৰুষে যেতিয়া অসমত শাসন কৰিছিল তেতিয়া অসম আন্দোলনৰ সময়ত ৰাজ্যৰ ৮৫৫জন অসমীয়া তেজাল যুৱকক হত্যা কৰা হৈছিল। পূৰ্বপুৰুষে কৰা পাপ মোচনৰ কাৰণে যদি ৰাহুল গান্ধী অসমলৈ আহিছে তেতিয়া আহক।