নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ আমন্ত্রণ প্রত্যাখ্যান কৰি কংগ্রেছ হিন্দুবিৰোধী হৈয়ে থাকিল : ড০ শর্মা

🔹 ৰাহুল গান্ধীক পর্যটক আখ্যা মুখ্যমন্ত্রী ড০ শর্মাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্রা লৈ অসমলৈ আহিবলগীয়া কংগ্রেছ নেতা ৰাহুল গান্ধীক পর্যটক আখ্যা দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২২ চনত অসমত ৪৪ লাখ পর্যটক আহিছে৷ ২০২৩ চনত এতিয়ালৈ ৭০ লাখ পর্যটক আহিছে৷ এতিয়া আৰু কেইজনমান পর্যটক আহিলে ভাল কথা৷ ৰাহুল গান্ধীয়ে ন্যায় যাত্রাৰে অসমলৈ অহা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ন্যায় যাত্রাই হওক, অন্যায় যাত্রাই হওক, অসমলৈ যিয়েই আহিব, পর্যটক হিচাপে আমি আদৰণি জনাব লাগে৷ ৰাহুল গান্ধীয়ে মোৰ ঘৰত আহি মোক গামোচা পিন্ধালে ময়ো তেওঁক কেম্পত গৈ গামোচা পিন্ধাম৷ আনহাতে, ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ বাবে বিদ্যালয়ৰ খেলপথাৰৰ অনুমতি নোপোৱা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষানুষ্ঠান খোলা থকা দিনত কেনেকৈ অনুমতি লাভ কৰিব? দেওবাৰ হ’লে অনুমতি লাভ কৰিব৷ কিন্তু খোলা দিনত অনুমতি লাভ নকৰে৷ বিদ্যালয়ৰ লগতে গুৱাহাটী মহানগৰীৰ মাজেৰেও কোনো শোভাযাত্রা কৰি যোৱাৰ অনুমতি দিয়া নহয়৷ গুৱাহাটী মহানগৰীৰ ক্ষেত্রত ৰাষ্ট্রীয় পথ হৈ যাব পাৰিব৷ কিন্তু মহানগৰীৰ মাজেৰে নহয়৷ কোনো দলকেই, আনকি বিজেপিকো মহানগৰীৰ মাজেৰে শোভাযাত্রা কৰাৰ অনুমতি দিয়া নহয়৷ কালি খানাপাৰাৰ পৰা কলাক্ষেত্রলৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক শোভাযাত্রা কৰি আদৰি নিয়া প্রসংগ সাংবাদিকে উনুকিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে খানাপাৰাৰ পৰা কলাক্ষেত্রলৈ সেয়া মহানগৰীৰ মাজেৰে সমদল নুবুজায়৷ খানাপাৰাৰ পৰা জালুকবাৰীলৈ মহানগৰীৰ মাজেৰে যোৱাটোহে মহানগৰীৰ মাজেৰে যোৱাটো বুজায়৷ কংগ্রেছেও ৰাজীৱ ভৱনৰ পৰা উলুবাৰীলৈ সমদল কৰি যায়৷ তাত বাধা দিয়া নহয়৷ কিন্তু গোটেই মহানগৰীখনত যান–জঁটৰ সৃষ্টি কৰি সমদল উলিয়াবলৈ দিয়া নহয়৷ ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ বাবে এতিয়া পথাৰ বিচাৰিবলগীয়া পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পথাৰ ঠিক কৰিবলগীয়া থাকিলে জিলা আয়ুক্তক কৈ দিলেই হ’ল৷ আমি পথাৰ সমান কৰি দিয়াৰ ব্যৱস্থা কৰিম৷ ৰাহুল গান্ধীৰ অসম ভ্রমণৰ বাবে কংগ্রেছে এতিয়াও প্রশাসনৰ পৰা অনুমতি বিচাৰি আবেদন কৰা নাই বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিও তেওঁ মুখ্য সচিবক সুধিছে– কংগ্রেছে কিবা অনুমতি বিচাৰিছে নেকি? কিন্তু মুখ্য সচিবে জনাইছে– এতিয়ালৈকে নাই বিচৰা৷ আনকি চৰকাৰে ৰাহুল গান্ধীয়ে ভ্রমণ কৰিবলগীয়া পথৰ বিষয়েও নাজানে৷ ইপিনে, ৰাহুল গান্ধীৰ সভাত জনসমাগম নোহোৱাৰ ইংগিত দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীৰ ভাওনা চাবলৈ কোনো নাহে৷ ইফালে, বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ পুনৰ প্রতিষ্ঠাৰ অনুষ্ঠানলৈ কংগ্রেছ নেতৃত্বক আমন্ত্রণ কৰিছে যদিও কংগ্রেছে সেয়া প্রত্যাখ্যান কৰি তেওঁলোক যে হিন্দুবিৰোধী দল, সেয়া পুনৰ প্রতিপন্ন কৰিছে বুলি কৈ তেওঁ কয়- বিশ্ব হিন্দু পৰিষদে কংগ্রেছ নেতৃত্বক পুৰণা পাপ মোচনৰ যি সোণালী সুযোগ দিছিল, কংগ্রেছ নেতৃত্বই সেয়া প্রত্যাখ্য়ান কৰি তেওঁলোক হিন্দুবিৰোধী দল হৈয়েই থাকিল৷ এই পৰম্পৰা জৱাহৰলাল নেহৰুৰ সময়তেই আৰম্ভ হৈছিল৷ নেহৰুৱে সোমনাথ মন্দিৰ প্রতিষ্ঠাৰ সময়তে সেই পৰম্পৰা আৰম্ভ কৰিছিল৷ বর্তমানৰ কংগ্রেছ নেতৃত্বয়ো সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি চিৰদিনলৈ হিন্দুবিৰোধী দল হৈয়ে থাকিল৷

You might also like