নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ পদ কৰ্তন : ৰাহুল গান্ধীৰ ব্যক্তিগত কৰ্মচাৰী প্ৰত্যাহাৰ কেৰালা চৰকাৰৰ

বিশেষ বাৰ্তা, ৬ জুনঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ বাতিল হোৱাৰ পাছত আজি কেৰালা চৰকাৰে দুজন কৰ্মচাৰীক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। সংবাদ সংস্থা এ এন আইৰ মতে, ৰাহুল গান্ধীৰ ব্যক্তিগত সহায়ক ৰথীশ কুমাৰ কে আৰ আৰু চালক মহম্মদ ৰফীক ৱায়ানাদৰ পৰা সাংসদ হৈ থকাৰ সময়ত আই কাৰ্ড ঘূৰাই দিবলৈ কোৱা হৈছে। মোদী উপাধিৰ গোচৰত চলিত বৰ্ষৰ মাৰ্চ মাহত চুৰাট আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ইয়াৰ পিছত ২৪ মাৰ্চত লোকসভা সচিবালয়ে ৰাহুল গান্ধীক সংসদৰ সদস্যপদৰ পৰা বাতিল কৰি অধিসূচনা জাৰি কৰে। ইয়াৰ আঁৰত ভাৰতীয় সংবিধান আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১০২ (১) অনুচ্ছেদৰ উল্লেখ কৰা হৈছিল। সদস্যপদ হেৰুৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁ কয় যে ৰাজনীতিত অহাৰ পিছত মই কেতিয়াও ভবা নাছিলো যে এনেকুৱা হ’ব, কিন্তু এনে লাগে যেন মই এক বৃহৎ সুযোগ পাইছো।’ তেওঁ আৰু কয় যে মই কাৰো পৰা সমৰ্থন লোৱা নাই। মোৰ যুঁজখন বৰ স্পষ্ট। ইয়ালৈ আহি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিছো কিন্তু বুজিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় তেনে কৰিবলৈ অক্ষম। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত ৰেলী কৰি নীৰৱ মোদী, ললিত মোদী আদিৰ নাম লৈ কৈছিল যে সকলো চোৰৰ উপাধি কেনেকৈ মোদী। এই সন্দৰ্ভত বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

You might also like