নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ কংগ্রেছৰ শাসন কালত অসম বা উত্তৰ-পূবত যি নজিৰবিহীন দুর্নীতি-নিয়ম, ভ্রষ্টাচাৰৰ লগতে এই অঞ্চলৰ জনসাধাৰণৰ প্রতি ব্যাপক অন্যায় কৰা হৈছিল তাৰ বাবে কংগ্রেছ দলৰ নেতা ৰাহুল গান্ধীয়ে অসম বা উত্তৰ-পূবত ক্ষমা প্রার্থনা যাত্রাহে কৰা উচিত৷ এইদৰে কংগ্রেছক কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ বশিষ্ঠস্থিত দলৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি দলৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে যি সময়ত অসমৰ জনসাধাৰণে বিশেষকৈ অসমীয়া জীয়ৰী-বোৱাৰী পর্যন্ত চীনৰ আক্রমণৰ বিৰুদ্ধে ভাৰতীয় সেনাবাহিনীক নিজৰ অলংকাৰ পর্যন্ত দান কৰি সহায়-সহযোগিতা আগবঢ়াইছিল, সেই সময়ত তদানীন্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে অসমৰ জনসাধাৰণক বিদায় দি মাই হার্ট গ’জ টু দ্য পিপল অৱ আসাম বুলি কৈ প্রকাৰান্তৰে অসমক বিদায় সম্ভাষণ জনাইছিল৷ আনহাতে ঐতিহাসিক অসম আন্দোলনৰ সময়তো কংগ্রেছ দলে অসমৰ জনসাধাৰণৰ ন্যায্য দাবী সন্দর্ভত যি জনবিৰোধী স্থিতি গ্রহণ কৰিছিল, সিয়ে কংগ্রেছ দল যে অসমৰ জনতাৰ ভৱিষ্যৎ সন্দর্ভত চূড়ান্ত নির্লিপ্ত সেয়া প্রতিপন্ন কৰিছে৷ আনকি জাতীয় আন্দোলনক মষিমূৰ কৰাৰ নামত ৮৫৫গৰাকী অসমীয়া যুৱক-যুৱতীক হত্যা কৰা আৰু কেইবাসহস্র লোকক ঘূণীয়া কৰি তদানীন্তন কংগ্রেছ চৰকাৰে চূড়ান্ত অসমবিৰোধী স্থিতি গ্রহণ কৰিছিল৷ একেদৰে ’৮৩ৰ অবৈধ নির্বাচন, অসমবিৰোধী আইএমডিটি আইন প্রণয়ন আৰু অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বর্বৰ দমন, উৎপীড়নেৰে নস্যাৎ কৰাৰ অভিযোগৰে অভিযুক্ত কংগ্রেছ দল অথবা কংগ্রেছ নেতৃত্বৰ আজি অসমত ন্যায় কথা কোৱাৰ নূ্যনতমো অধিকাৰ নাই৷ মুখ্য মুখপাত্র মনোজ বৰুৱাই এই বুলিও অভিযোগ কৰে যে কংগ্রেছ চৰকাৰে বর্বৰ নজিৰ সৃষ্টি কৰি বিদ্রোহ দমনৰ নামত মিজোৰামত বোমা বর্ষণৰ দৰে চূড়ান্ত স্বৈৰতান্ত্রিক কার্যকলাপো সংঘটিত কৰিছিল৷ কংগ্রেছ দলৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণাৰ নামত সকলো গণতান্ত্রিক ব্যৱস্থাৰ প্রতি ভাবুকি সৃষ্টি কৰি বিৰোধী ৰাজনৈতিক দল, বিৰোধী ৰাজনৈতিক দর্শনত বিশ্বাসী ব্যক্তিৰ ওপৰত অবর্ণনীয় অত্যাচাৰেৰে যি অন্যায় কার্য সংঘটিত কৰিছিল, সেই কংগ্রেছ দলৰ নেতা ৰাহুল গান্ধীৰ আজি ন্যায়ৰ কথা কোৱাৰ কোনো অধিকাৰেই থাকিব নোৱাৰে৷