নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী উপাধি মানহানি গোচৰ : SCতো সকাহ নাপালে ৰাহুলে

বিশেষ বাৰ্তা, ২১ জুলাইঃ মোদী উপাধি মানহানি গোচৰত দুবছৰৰ কাৰাবাসৰ ৰায়ক প্রত্যাহ্বান জনাইছে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাহুল গান্ধীৰ আবেদন আজি শুনানী লয় যদিও ৰাহুল গান্ধীয়ে সর্বোচ্ছ ন্যায়ালয়ৰ পৰা নাপালে সঁকাহ৷ গুজৰাটৰ চূৰাতৰ নিম্ন আদালতে মোদী উপাধি মানহানি গোচৰত ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ড বিহা ৰায় গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰখাৰ পিছত দুবছৰ কাৰাবাস স্থগিতৰ বাবে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনায়৷ ৰাহুল গান্ধীৰ আবেদন আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভাইৰ নেতৃত্বত বিচাৰপীঠে শুনানী কৰি ৰাহুল গান্ধীৰ কাৰাবাস স্থগিতাদেশৰ আবেদনক কোনো ৰায় নিদিলে৷ অর্থাৎ গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি এই আবেদনৰ পৰৱর্তী শুনানি ৪ আগষ্টত কৰা হ’ব বুলি পৰৱর্তী দিন ধার্য কৰে৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অৱশ্যে এই গোচৰ সন্দর্ভত অভিযোগকাৰী গুজৰাটৰ প্রাক্তন মন্ত্রী পুর্নেশ মোদী আৰু গুজৰাট চৰকাৰৰ মতামত বিচাৰি জাননী জাৰি কৰে৷ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ পি কে মিশ্রৰ বিচাৰপীঠে পুর্নেশ মোদী আৰু গুজৰাট চৰকাৰলৈ জাননী জাৰি কৰাটো ৰাহুল গান্ধীৰ বাবে কিছু আশাব্যঞ্জক যদিও উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে ৰাহুল গান্ধীৰ ৰাজনীতিক ভৱিষ্যৎ নির্ভৰ কৰিব৷ উল্লেখ্য যে ২০১৯ চনৰ ১৩ এপ্রিলত কর্ণাটকৰ ক’লাৰত এক নির্বাচনী সভাত ৰাহুল গান্ধীয়ে সকলো চোৰৰে সাধাৰণ উপাধি কেনেকৈ মোদী হয় বুলি মন্তব্য কৰিছিল৷ এই মন্তব্যৰ বাবেই ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ প্রাক্তন মন্ত্রী তথা বিজেপি বিধায়ক পুর্নেশ মোদীয়ে অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰিছিল৷ চুৰাতৰ নিম্ন আদালতে এই গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে৷ দোষী সাব্যস্ত হৈ দুবছৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ বাবে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদো খাৰিচ কৰা হয়৷ ২৩ মার্চত চুৰাতৰ আদালতে মানহানি গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাবাস বিহাৰ কেইঘণ্টামান পিছতে ২৪ মার্চত ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ খাৰিচ কৰা হয়৷ আজি উচ্চতম ন্যায়ালয়ৰ ৰাহুল গান্ধীৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভি আৰু পুর্নেশ মোদীৰ হৈ মহেশ জেঠমালানিয়ে যুক্তি প্রদর্শন কৰে৷ দুয়ো পক্ষৰ যুক্তি শুনাৰ পিচত বিচাৰপীঠে পুর্নেশ মোদী আৰু গুজৰাট চৰকাৰলৈ জাননী জাৰি কৰাৰ লগতে পৰৱর্তী শুনানিৰ দিন ৪ আগষ্ট ধার্য কৰে৷

You might also like