নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ উজনি, উত্তৰ অসমৰ মাজেৰে মধ্য অসম পাৰ হৈ আজি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্রাৰ আজি গুৱাহাটীত প্ৰৱেশ ঘটে। গুৱাহাটীত প্রৱেশৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ প্রশাসনে দলটোক খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে জালুকবাৰী হৈ আমিনগাঁৱলৈ যোৱাৰ অনুমতি দিছিল৷ কিন্তু কংগ্রেছে প্রশাসনৰ সেই বাধা-নিষেধ অমান্য কৰি খানাপাৰাৰ পৰা বেলতলা, লাষ্টগেট, গণেশগুৰি হৈ জি এছ ৰোডেৰে যাব বিচাৰে৷ এইক্ষেত্রত কংগ্রেছ নেতা ৰাহুল গান্ধীৰ প্রত্যক্ষ প্রৰোচনাত ন্যায় যোদ্ধাসকলে খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি, আৰক্ষীৰে হতাহতিত লিপ্ত হৈ মহানগৰীত প্রৱেশৰ চেষ্টা কৰে৷ ফলত পৰিস্থিতি ভয়ংকৰ হৈ উঠে। পিছত আৰক্ষীয়ে ন্যায় যোদ্ধাসকলৰ ওপৰত লাঠীচালনা কৰে৷ ঘটনাত ভূপেন বৰা, দেবব্রত শইকীয়া, গৌৰৱ গগৈ, বর্ণালী ফুকন, জুবেৰ আনম চৌধুৰীকে ধৰি বহুকেইগৰাকী কংগ্রেছ নেতা আহত হয়৷ লগতে কেইবাজনো আৰক্ষী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে৷ ইয়াৰ আগেয়ে ৰাহুল গান্ধীয়ে মেঘালয়ৰ জি এছ ৰোডত থকা কুইন হোটেলত উত্তৰ-পূব কংগ্রেছ সমন্বয়ৰক্ষী সমিতিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ তাৰ পিছত ইউএছটিএম প্রেক্ষাগৃহত শিক্ষাৰ্থীৰে আসন্ন লোকসভা নির্বাচনত ইণ্ডিয়া ঐক্যমঞ্চই যুগুতাবলগীয়া নির্বাচনী ইস্তাহাৰত উত্তৰ-পূর্বাঞ্চলৰ কি কি বিষয় সন্নিৱিষ্ট হোৱাটো বিচাৰে সেই সম্পর্কত মত বিনিময় কৰাৰ কথা আছিল৷ কিন্তু ইউএছটিএম কর্তৃপক্ষৰ পৰা সেই বৈঠক অনুষ্ঠিত কৰাৰ বাবে অনুমতি লাভ নকৰিলে৷ সেই অনুসৰি ৰাহুল গান্ধীৰ নেতৃত্বত ন্যায় যাত্রাৰ দলটো খানাপাৰা অভিমুখে অগ্রসৰ হোৱাৰ সময়ত নমাইল আৰু খানাপাৰাৰ মাজত সহস্রাধিক ছাত্র-ছাত্রীয়ে ৰাহুল গান্ধীক সাক্ষাতৰ বাবে পথৰ দাঁতিত ৰৈ থাকে৷ ৰাহুল গান্ধীয়ে নিজৰ বাহনৰ পৰাই ছাত্র-ছাত্রী আৰু উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তাৰ পিছতেই ন্যায় যাত্রাৰ দলটো খানাপাৰাৰে আহি গুৱাহাটী মহানগৰীত প্রৱেশৰ চেষ্টা চলায়৷ কিন্তু আৰক্ষী–প্রশাসনে পূর্বৰে পৰা তাত বেৰিকেড দি পথটো বন্ধ কৰি ৰাখে৷ ইয়াকে কেন্দ্র কৰি আৰক্ষী আৰু কংগ্রেছৰ মাজত প্রথমতে বাকযুদ্ধ আৰু পাছত বলপূর্বক যোৱাৰ চেষ্টা কৰে৷ মন কৰিবলগীয়া এয়ে যে ন্যায় যাত্রাৰ দলটোৰ সৈতে আৰক্ষীৰ সংঘাত তীব্রতৰ হৈ পৰাৰ সময়ত ৰাহুল গান্ধীয়ে নিজৰ বাহনখনৰ ওপৰত থিয় হৈ সমগ্র পৰিস্থিতি চাই আছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত বিভিন্নজনে ৰাহুল গান্ধীৰ প্রৰোচনাতেই আজি গুৱাহাটীত আৰক্ষী-প্রশাসনৰে কংগ্রেছৰ সংঘাত হয় বুলি সন্দেহ ব্যক্ত কৰে৷ কিয়নো, চৰকাৰ-প্রশাসনে পূর্বৰে পৰাই যান-জঁটৰ সমস্যাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে জি এছ ৰোড হৈ ন্যায় যাত্রাৰ দলটো যোৱাৰ বিৰোধিতা কৰি আহিছে৷ তাৰ পৰিপ্রেক্ষিততে সেই পথটোৰে যোৱাৰ বাবে অনুমতিও প্রদান কৰা নাছিল৷ ইয়াৰ পৰিৱর্তে প্রশাসনে বিকল্প ব্যৱস্থা হিচাপে ৰাষ্ট্রীয় ঘাইপথেৰে খানাপাৰাৰ পৰা জালুকবাৰীলৈ যোৱাৰ ব্যৱস্থা কৰে৷ ৰাষ্ট্রীয় ঘাইপথেৰে ন্যায় যাত্রাৰ দলটো যোৱাত যাতে বিশেষ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি আজি দিনৰ ভাগত জনসাধাৰণক পৰাপক্ষত ৰাষ্ট্রীয় ঘাইপথ পৰিহাৰ কৰি গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে যোৱাৰ বাবেও প্রশাসনে আহ্বান জনাইছিল৷ কিন্তু ইমানৰ পিছতো কংগ্রেছে অনুমতিবিহীনভাৱে বেৰিকেড ভাঙি গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে যাব বিচৰাক লৈ বিভিন্ন প্রশ্নৰ উদ্রেক ঘটিছে৷ অৱশ্যে এই ঘটনাৰ পাছত ন্যায় যাত্রাৰ দলটোৱে প্রশাসনৰ পৰা অনুমতিপ্রাপ্ত ৰাষ্ট্রীয় ঘাইপথেৰেই আমিনগাঁও-দদৰা হৈ অগ্রসৰ হয়৷