নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

🔹 অংকিতা দত্তই ন্যায় পাবনে ? ন্যায় যাত্ৰাৰ নামত ৰাহুল গান্ধীয়ে অন্যায় যাত্ৰাহে কৰিলে।- আমগুৰিত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ

🔹 ন্যায় বিচাৰি ৰাজপথত নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : মধুৰ নহল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসম ভ্ৰমণ  । ১৬  জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা কংগ্ৰছৰ  পূবৰ পৰা পশ্চিমলৈ ভাৰত ন্যায় যাত্ৰা আজি অসমত প্ৰৱেশ কৰে । আজি পুৱা নাগালেণ্ডৰ তুলিৰ পৰা যাত্ৰা আৰম্ভ কৰি শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত প্ৰৱেশ কৰে ৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে  এই ন্যায় যাত্ৰাৰ জৰিয়তে ৰাইজৰ কাষ চপাৰ উদ্দেশ্যৰে অসমত  প্ৰৱেশ কৰিছিল। সেই সময়তে সদ্য অপসাৰিত প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ বিক্ষোভৰ পৰিপ্ৰেক্ষিতত থমকি ৰ’ল ৰাহুল গান্ধীৰ ৰঙীন সপোন । ৰাহুল গান্ধীৰ আগমনৰ সময়ত ন্যায় বিচাৰিলে নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই। তেওঁ কয়- ‘বিগত ১০ মাহে মোক কিয় ন্যায় নিদিলে, ৰাহুল গান্ধীয়ে আজি মোক ন্যায় দিবই লাগিব।’ উল্লেখযোগ্য যে কেইমাহ মানৰ পূৰ্বে যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰাৰ পিছতে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছিল অংকিতা দত্তক। প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই আমগুৰি চাৰিআলিত ন্যায় বিচাৰি আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত নেত্ৰীগৰাকীক কেইবাশ কৰ্মীয়ে সহযোগ কৰে । নাৰীয়ে ন্যায় পাবনে বুলি ৰাহুল গান্ধীক প্ৰশ্ন কৰি আমগুৰিৰ লগতে হালোৱাটিঙত বেনাৰ-পোষ্টাৰ আঁৰিছিল অংকিতা বাহিনীয়ে ।  হালোৱাটিঙত ৰাহুল গান্ধীৰ সভাস্থলীৰ কাষত আঁৰি দিছিল বেনাৰ-পোষ্টাৰসমূহ । ফলত সেই বেনাৰ-পোষ্টাৰসমূহ ঢাকি দিছিল কংগ্ৰেছ বাহিনীয়ে । ৰাজ্যিক সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ ভাষণেৰে আৰম্ভ হয় হালোৱাটিঙত ৰাহুলৰ সভা৷ সভাত ৰাইজৰ  উপস্থিতি আছিল তেনেই নগণ্য । প্ৰায় ১৩০০ লোকৰ সমাৱেশত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা যুৱৰাজ ৰাহুল গান্ধীয়ে মাত্ৰ পাঁচ মিনিট ভাষণ দি সভাস্থলী ত্যাগ কৰে । যুৱৰাজৰ ভাষণৰ  সময়ত সভাস্থলীত পিছফালে থকা খালী চকীসমূহে সভাখনৰ অসফলতাৰ স্পষ্ট ছবি দাঙি ধৰিছিল। অংকিতা দত্তৰ প্ৰতিবাদ আৰু পোষ্টাৰিঙৰ ফলত যুৱৰাজে পূৰ্ব নিৰ্ধাৰিত বহু কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয় । পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আমগুৰি চহৰৰ মাজেৰে ৰেলী কৰি ৰাজীৱ ভ্ৰমণলৈ যোৱা কথা আছিল আৰু সেইবাবেই ৰাজীৱ ভ্ৰমণত আটকধুনীয়াকৈ ৰেড কাৰ্পেট পাৰি দিয়াৰ লগতে সাংস্কূতিক  কাৰ্যসূচী ৰূপায়ণৰ বাবে কেইবাটাও সাংস্কৃতিক দল সাজু  কৰি ৰখা হৈছিল  । আমগুৰি চহৰত অংকিতা দত্তৰ প্ৰতিবাদৰ ৰোষত পৰাৰ ভয়ত  ততাতৈয়াকৈ সকলো কাৰ্যসূচী প্ৰত্যাহাৰ কৰি আমগুৰি এৰি মৰিয়নিলৈ যায় যুৱৰাজে । যুৱৰাজৰ অনে কাণ্ডত ক্ষোভিত হৈ পৰে আমগুৰিৰ ৰাইজ ।

You might also like