প্ৰান্তে-প্ৰান্তে ৰাহুল গান্ধীক ৰাইজৰ উষ্ম আদৰণি
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : যোৱা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত দুদিনীয়া পৰিভ্ৰমণৰ অন্তত আজি বিশাল সমৰ্থক লৈ পুৱাই লখিমপুৰ জিলাত পদাৰ্পণ কৰেহি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে। পুৱা জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত পদুমণি আইথানত সেৱা আগবঢ়াই লখিমপুৰ নগৰ অভিমুখে আগবাঢ়ি অহা ভাৰত জোড়ো ন্যায় যাত্ৰাক আদৰিবলৈ জিলাখনৰ প্ৰান্তে-প্ৰান্তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিশাল জনতাই ভিৰ কৰা পৰিলক্ষিত হয়। জিলাখনৰ নাওবৈচাৰ পহুমৰাস্থিত বীৰ লাচিত আৰু ৰাজআলিস্থিত বীৰ বীৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি ৰাহুল গান্ধীয়ে লালুকত এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি হাৰমতীৰ গুমতো গেটত এখন বিশাল পথসভাত অংশগ্ৰহণ কৰে। উক্ত সভাত অংশগ্ৰহণ কৰি তেওঁ পোনে-পোনে ইটানগৰলৈ বুলি যাত্ৰা কৰে। ইয়াৰ পূৰ্বে লালুকত সংবাদমেল সম্বোধন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ জয়ৰাম ৰমেশ, সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে। কাইলৈ ইটানগৰত এক পদযাত্ৰা কাৰ্যসূচীত অংশ লৈ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা বিশ্বনাথ চাৰিআলিত উপস্থিত হ’ব আৰু বিশ্বনাথ চাৰিআলিত এখন পথসভাত অংশ লৈ কলিয়াবৰৰ পৰা বিশাল ৰোড শ্ব’ত অংশ লব। উক্ত পদ যাত্ৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ো অংশ গ্ৰহণ কৰিব । ২২ জানুৱাৰীৰ পুৱা ভাৰত জোড়ো ন্যায় যাত্ৰা নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদোৱা থানত উপস্থিত হ’ব। উক্ত থানতে নিশা কটাই ২৩ জানুৱাৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত উপস্থিত হ’ব। ইফালে ৰাহুল গান্ধীয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেলতো অংশ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
প্ৰেৰক নিতুল বৰা