নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ ঘৰ সমগ্ৰ ভাৰত : বাংলো আবণ্টনৰ পিছত ৰাহুলৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ৮ আগষ্টঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংসদীয় সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ পিছত দিল্লীৰ ১২ টোগলক লেন বাংলোটো পুনৰ আবণ্টন দিয়া হৈছে। এতিয়া তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া চৰ্চালৈ আহিছে। সাংসদ হিচাপে নিজৰ চৰকাৰী বাসগৃহ ঘূৰাই পোৱাৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত ৰাহুলে সংবাদ সংস্থা এএনআইক কয় যে মোৰ ঘৰ সমগ্ৰ ভাৰত। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত আমেথি সমষ্টিত জয়লাভ কৰি ৰাহুলক প্ৰথম বাংলো আবণ্টন দিয়া হৈছিল। মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পোৱাৰ ৩ দিনৰ পাছত সোমবাৰে ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ পুনৰ ঘূৰাই পালে। উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰখাৰ পিছতে লোকসভা সচিবালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২০১৯ চনত মোদী উপাধি সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া বক্তব্যৰ বিপৰীতে ২০২৩ চনৰ মাৰ্চ মাহত গুজৰাটৰ চুৰাট উচ্চ ন্যায়ালয়ে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ঠিক পিছদিনা লোকসভা সচিবালয়ে তেওঁৰ সংসদৰ সদস্যপদ বাতিল সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত কমিটীয়ে জাননী প্ৰেৰণ কৰাৰ পিছত এপ্ৰিল মাহত ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰী বাসগৃহ খালী কৰিছিল। কিন্তু ৪ আগষ্ট উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰাখি অৱশেষত ১৩৭ দিনৰ অন্তত গান্ধীক সংসদলৈ উভতি যাবলৈ অনুমতি প্ৰদান কৰে।

You might also like