তৃণমূলত চামিল হ’ব ৰাইজৰ দল!
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ উপ–নির্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে তৃণমূল কংগ্রেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক সাক্ষাৎ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ আজি এই কথা মুকলিকৈ প্রকাশ কৰিলে অখিল গগৈয়ে৷ সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দুবাৰকৈ কলকাতালৈ গৈ তৃণমূল কংগ্রেছৰ সৈতে ৰাজনীতি বিষয়ক লৈ আলোচনা হৈছিল অখিল গগৈৰ৷
প্রথমবাৰ মুখ্যমন্ত্রী মমতা বেনার্জীক সাক্ষাৎ কৰাৰ সময়তে তৃণমূল কংগ্রেছৰ মুৰব্বীগৰাকীয়ে অখিল গগৈৰ ওচৰত দাঙি ধৰিছিল এক ৰাজনৈতিক প্রস্তাৱ৷ এই বৈঠকতে মমতা বেনার্জীয়ে ৰাইজৰ দলক তৃণমূল কংগ্রেছৰ সৈতে চামিল হ’বলৈ আহ্বান জনোৱাৰ লগতে অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ল’বলৈ অখিলক অনুৰোধ জনাইছিল৷
আনহাতে দ্বিতীয়বাৰ বৈঠকত দলটোৰ আন এজন শীর্ষ নেতা অভিষেক বেনার্জীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল৷ অখিল গগৈয়ে প্রকাশ কৰা মতে, মমতা বেনার্জীয়ে আগবঢ়োৱা ৰাজনৈতিক প্রস্তাৱ সন্দর্ভত ৰাইজৰ দলৰ মজিয়াত আলোচনা হৈছিল যদিও কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ আগন্তুক লোকসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে মমতা বেনার্জীয়ে বিৰোধীক ঐক্যবদ্ধ কৰাৰ প্রচেষ্টা চলাই থকাৰ সময়তে অখিল গগৈলৈ আগবঢ়োৱা এনে ৰাজনৈতিক প্রস্তাৱ যথেষ্ট লক্ষণীয় হৈ পৰিছে৷