নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ ৰে’লৱে লেভেল ক্ৰছিঙে কন্দুৱাইছে ৰাইজক

🔹 অভাৰব্ৰীজৰ দাবীত ভুক্তভোগীৰ অৱস্থান

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : বজালী জিলাৰ সদৰ পাঠশালাৰ এখন ৰে’লৱে লেভেল ক্ৰছিঙক লৈ হাহাকাৰ লাগিছে দক্ষিণ বজালী অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ মাজত। যাৰ বাবে অৱশেষত অতিষ্ঠ ৰাইজে আজি ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে ৰে’লৰ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে ৰঙিয়া-বঙাইগাঁও ৰে’লপথত ডাবল লাইনৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছে আৰু প্ৰায় ছমাহ পূৰ্বৰ পৰা দুয়োটা পথ মুকলি কৰি দিছে বিভাগে। দ্বৈত ৰে’লপথ মুকলি হোৱাৰ পিছত ৰে’লৰ চলাচল যথেষ্ট বৃদ্ধি পাইছে। সেই অনুসৰি প্ৰতি দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে ৰে’ল চলাচল কৰে এই পথেৰে, ফলত প্ৰায়ে বন্ধ থাকে এইখন ৰে’ল গেট ৷ ৰ’দ, বতাহ, বৰষুণ, দিন হওক বা নিশা হওক এই পথছোৱা পাৰ হ’ব লাগিলে কমেও আধা ঘন্টা ৰখাটো বাধ্যতামূলক হৈ পৰিছে ৰাইজৰ বাবে৷ প্ৰতি দিনে ঘন্টাৰ পিছত ঘণ্টা ৰে’লগেটত আবদ্ধ হৈ থকা শ শ লোকৰ ছবি এতিয়া সুলভ হৈ পৰিছে।শিক্ষানগৰী পাঠশালাৰ পৰা কাঁহ শিল্প নগৰী সৰ্থেবাৰীলৈ যোৱা এই গুৰুত্বপূৰ্ণ তথা অতি ব্যস্ত পথটোৰ এই স্থানত অভাৰব্ৰীজ নথকাৰ বাবে পঞ্চাশখন ৰাজহ গাঁৱৰ ৰাইজৰ যাতনাৰ সীমা নোহোৱা হৈছে। সাধাৰণ ৰাইজৰ কথা বাদেই, স্কুল-কলেজৰ বহু ছাত্ৰ-ছাত্ৰী প্ৰায়ে সময় মতে নিজৰ শিক্ষানুষ্ঠান গৈ নাপায় ৷ কাৰণ আঠ বজাৰ পৰা গাড়ীৰ চলাচলো বৃদ্ধি পায়, যাৰ বাবে পৰীক্ষা থাকিলেও সময় মতে বিদ্যালয় নাপায় ছাত্ৰ-ছাত্ৰীসকলে। ইফালে, উক্ত স্থানত প্ৰখৰ ৰ’দতো থিয় হ’বলৈ নাই এডাল গছ। এনে এক প্ৰেক্ষাপটতে এই অতি ব্যস্ত পথত এখন অভাৰব্ৰীজ স্থাপনৰ দাবীত আজি দক্ষিণ বজালী নাগৰিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অঞ্চলটোৰ ৰাইজে। শীঘ্ৰেই এই স্থানত অভাৰব্ৰীজ স্থাপন নকৰিলে ভয়াৱহ আন্দোলন কৰিব বুলি সকীয়াই দি চৰকাৰ আৰু ৰে’ল বিভাগৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইফালে, ৰাইজে পাটাছাৰকুছিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক তিনি মাহৰ ভিতৰত এখন অভাৰব্ৰীজ স্থাপনৰ দাবী উত্থাপন কৰি এই অভাৰব্ৰীজৰ কথা তেওঁৰ ভিজন ডকুমেন্টত অন্তভুৰ্ক্ত কৰিবলৈ দাবী জনায়। পাঠশালা ৰে’ল ষ্টেচনৰ সমীপৰ SK31 ৰে’লৱে লেভেল ক্ৰছিঙৰ স্থানত উৰণীয়া সেতুৰ বাবে চৰকাৰৰ ৰে’ল বিভাগে এতিয়া কি ব্যবস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় হ’ব। আজিৰ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰ, লক্ষেশ্বৰ দাস, সমাজকৰ্মী দিলীপ বৰুৱা, ধৰণী শৰ্মা, বলভদ্ৰ তালুকদাৰ, মন্টু কুমাৰ শৰ্মা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like