নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰখপুৰত ৰেলৱে প্ৰবন্ধকৰ ঘৰত টকাৰ উজান

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ গোৰখপুৰত ৰেলৱেৰ মুখ্য প্ৰবন্ধক আৰু ১৯৮৮ বেচৰ ভাৰতীয় ৰেলৱে ষ্ট’ৰ ছাৰ্ভিচৰ বিষয়া কে চি যোশীক গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে। ৩ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। বিষয়াজনৰ ঘৰত অভিযান চলাৰ সময়ত তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ২.৬১ কোটি টকা। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি গোৰখপুৰস্থিত মেছাৰ্ছ সুক্তি এছ’চিয়েটছৰ স্বত্বাধিকাৰী প্ৰণৱ ত্ৰিপাঠীৰ অভিযোগৰ ভিত্তিত সোমবাৰে (১১ ছেপ্টেম্বৰ) অভিযুক্ত বিষয়া কে চি যোশীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭নং ধাৰাত এফআইআৰ ৰুজু কৰা হয়। তাৰ পিছতে অভিযুক্তৰ ঘৰত অভিযান চলায় চিবিআয়ে। বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ লাভ কৰাৰ পিছতে চিবিআইয়ে মঙলবাৰে (১২ ছেপ্টেম্বৰ) ফান্দ পাতি অভিযোগকাৰীৰ পৰা উৎকোচ লোৱাৰ সময়ত অভিযুক্ত যোশীক হাটেলোটে ধৰা পেলায়। ইয়াৰ পিছতে চিবিআইয়ে নয়দাৰ গোৰখপুৰ আৰু ছেক্টৰ-৫০ত থকা অভিযুক্তৰ চৰকাৰী বাসগৃহত তালাচী চলাই ২.৬১ কোটি টকা উদ্ধাৰ কৰে। এফ আই আৰ অনুসৰি অভিযুক্ত বিষয়াজনে ত্ৰিপাঠীৰ ফাৰ্মৰ পঞ্জীয়ন বাতিল নকৰাৰ বাবে চৰকাৰী ই মাৰ্কেটপ্লেচ (জি ই এম) পৰ্টেলৰ পৰা ৭ লাখ টকাৰ উৎকোচ দাবী কৰিছিল। এফ আই আৰত কোৱা হৈছে যে প্ৰণৱ ত্ৰিপাঠীয়ে জানুৱাৰী মাহত জিম পৰ্টেলৰ জৰিয়তে এন ই আৰত তিনিখন ট্ৰাক যোগানৰ নিবিদা লাভ কৰিছিল। অৱশ্যে অভিযুক্ত কে চি যোশীয়ে প্ৰণৱে ৭ লাখ টকা নিদিলে তেওঁৰ ফাৰ্মৰ পঞ্জীয়ন বাতিল কৰাৰ হুংকাৰ দিছিল। ইয়াৰ পিছত ত্ৰিপাঠীয়ে যোশীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

You might also like