নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইলট বনাম গেহলট : ৰাজস্থানৰ পৰিস্থিতি পৰ্যালোচনাৰ ৰোডমেপ কংগ্ৰেছৰ

বিশেষ বাৰ্তা, ২৮ মেঃ ৰাজস্থান কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ কাজিয়া দিনক দিনে বৃদ্ধি পাইছে। অৱশ্যে এতিয়া অনুমান কৰা হৈছে যে অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা কাজিয়াৰ অন্ত পৰিব পাৰে। অহা সপ্তাহত কংগ্ৰেছ হাইকমাণ্ডে ৰাজস্থান কংগ্ৰেছৰ বৈঠকত যুদ্ধংদেহি দুই ফৈদৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰিব পাৰে। সূত্ৰ অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই নিৰ্বাচনী বৰ্ষত ৰাজস্থানত দুয়োগৰাকী নেতাৰ মাজত শান্তি স্থাপনৰ বাবেও কংগ্ৰেছ নেতা শচীন পাইলটক সাক্ষাৎ কৰিব। ৰাজস্থানত চলি থকা ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ তথ্য ল’বলৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে দলৰ ৰাজ্যিক প্ৰভাৰী সুখৱিন্দৰ সিং ৰান্ধোৱা, তিনিওজন সহ-ভাৰপ্ৰাপ্ত আৰু ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাকো সাক্ষাৎ কৰিব পাৰে। এই বৈঠকত ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাজ্যিক প্ৰভাৰী সুখৱিন্দৰ সিং ৰান্ধোৱা, মুখ্যমন্ত্ৰী অশোক গেহলট, পিচিচি গোবিন্দ সিং দোটাছাৰা, শচীন পাইলট আৰু তিনিওজন সহঃ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকিব। ইয়াৰ সমান্তৰালকৈ প্ৰতাপ সিং খাচাৰিয়াৱাছ, হৰিশ চৌধুৰী, ৰঘু শৰ্মা, ৰঘুবীৰ মীনাৰ দৰে নেতাই সভাত অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰা হৈছে। সভাত ৰান্ধোৱাই ৰাজস্থান সন্দৰ্ভত তেওঁৰ প্ৰতিবেদনো দেখুৱাব পাৰে। ইফালে ক্ষোভিত শচীন পাইলটক নিৰ্বাচনৰ বাবে ৰাজ্যিক দলৰ সভাপতিৰ পদ যাচিব বুলি ধাৰণা কৰা হৈছে। লগতে আগন্তুক নির্বাচনৰ প্রার্থী বাছনিতো পাইলটক মুক্ত বিচাৰৰ সুবিধা দিব পাৰে কংগ্ৰেছে ৷ ইয়াৰ বাহিৰেও যদি নির্বাচনৰ পাছত কংগ্রেছ চৰকাৰ গঠন হয়, তেনেহ’লে দুজন উপ-মুখ্যমন্ত্রী বনাব৷ ইয়াৰে এটা পাইলটৰ আৰু আনটো গেহলট শিবিৰৰ হ’ব যদিও দলৰ এই অফাৰক লৈ ক্ষুব্ধ আৰু চিন্তিত মুখ্যমন্ত্ৰী গেহলট বুলি সূত্ৰই প্ৰকাশ কৰিছে।

You might also like