ধলপুৰৰ জামুগুৰি ব্ৰহ্মপুত্ৰৰ পাৰত পঞ্চানন মুহিবাবা ক্ষেত্ৰত ৰাজসূয় যজ্ঞ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ পৃথিৱীৰ চাৰিমুঠি জীৱৰ কল্যাণ, মানৱ জাতিক প্ৰাকৃতিক দুৰ্যোগ আৰু কৰ’নাসদৃশ মহামাৰীৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে দেৱতাক সন্তুষ্ট কৰিবৰ বাবে আহুতি প্ৰদানৰ উদ্দেশ্যে লখিমপুৰ জিলাৰ ধলপুৰ জামুগুৰিৰ মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ পঞ্চানন মুহিবাবা ক্ষেত্ৰত যোৱা ৬ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা ৰাজসূয় যজ্ঞৰ আজি তৃতীয় দিনা পুৰোহিতৰ বেদমন্ত্ৰৰ স্বাহা ধ্বনিত জামুগুৰি অঞ্চলৰ আকাশ বতাহ মুখৰ হৈ পৰিছে ৷ প্ৰতিকুল বতৰৰ বাবে যজ্ঞ প্ৰস্তুতি আৰু পৰিচালনাত ব্যাঘাত জন্মালেও দেৱতাৰ কৃপা প্ৰাৰ্থী ভক্তৰ আগমনে যজ্ঞ পৰিচালনা সমিতিৰ লগতে দূৰ দূৰণিৰ পৰা অহা গেৰুৱা বস্ত্ৰ পৰিহিত সাধু-সন্ত, পূজাৰী, পুৰোহিতসকলক আহ্লাদিত কৰিছে ৷ পুৱাৰ ভাগত নিত্যপূজা, বেদপাঠ, যজ্ঞাহুতি, নাম প্ৰসংগৰ পিছতে দিনৰ দুই বজাত যজ্ঞ চৌহদত থকা নামঘৰত মহিলাসকলে দিহানাম পৰিবেশন কৰে ৷ কালি পুৱা ৯.৩০ বজাত কুমাৰী ছোৱালীৰ দ্বাৰা জলাহৰণ কৰা হয় ৷ ১০ বজাত জাগৃতসকলক বৰণ কৰা হয় আৰু ১০.৩০ বজাত অগ্নি আহৰণ কৰা হয় ৷ ১১ বজাত দবা, শংখ, খোল, তাল, ডম্বৰু আদি মাংগলিক বাদ্য, আয়তীৰ উৰুলিধ্বনিৰে যজ্ঞ মণ্ডপ আৰু যজ্ঞকুণ্ড পৰিক্ৰমা কৰি যজ্ঞ আৰম্ভ কৰা হয় ৷ দিনৰ ১২ বজাত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হয় ৷ ২.৩০ বজাত একাংশ সত্ৰীয়া নৃত্য শিল্পীয়ে শংকৰী কলা কৃষ্টিৰ প্ৰদৰ্শন কৰে ৷ নিশালৈ লখিমপুৰ পহুমৰাৰ গংগাধৰ নাট্যগোষ্ঠীয়ে “মৎস্য অৱতাৰ” নাটৰ ভাওনা পৰিবেশন কৰে৷ উল্লেখ্য যে প্ৰাকৃতিক দুৰ্যোগ আৰু আৰ্থিক দিশত ৰাজনৈতিক সমৰ্থন অবিহনে ৰাজসূয় যজ্ঞৰ ভালেখিনি কাৰ্যসূচী সংকুচিত কৰা হয় আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷
প্ৰেৰক মাধুৰ্য দাস