নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ আছুৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : ৰঙিয়াত আছুৰ প্ৰতিবাদ৷ বাকচ বনাই ৰেল বিভাগক কৰিলে দাহন৷ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় আৰু চতুৰ্থবৰ্গত ১০০ শতাংশ থলুৱা নিযুক্তি আৰু ৰাজধানী এক্সপ্ৰেছ ৰেল ৰখোৱাৰ দাবীত কৰে প্ৰতিবাদ৷ ৰঙিয়াস্থিত ৰেল বিভাগৰ মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্য্যালয় সন্মুখত দাহন কৰিলে ৰেল বিভাগৰ প্ৰতিলিপি। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে৷ ৰেল বিভাগ হায় হায়, ৰেল মন্ত্ৰী হায় হায়, আছু জিন্দাবাদ আদি শ্লোগানৰে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্য্যালয় উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে কয় যে ৰঙিয়াত ৰেল ডিভিজন হোৱা দুটা দশক হ’ল কিন্তু ৰেল বিভাগে আজিলৈকে ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰেলখন ৰখোৱাৰ ব্যৱস্থা নকৰিলে ৷ পূৰ্বতেও আছুকে ধৰি বিভিন্ন দল সংগঠনে ৰাজধানী এক্সপ্ৰেছখন ৰঙিয়াত ৰখোৱাৰ বাবে কেবাবাৰো প্ৰতিবাদ কৰিছিল। কিন্তু আজিলৈকে ৰঙিয়া ৰেল জংচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱা কোনো ব্যৱস্থা নকৰিলে ৷

প্ৰেৰক ফাৰুক হুছেইন

You might also like