নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী এক্সপ্ৰেছযোগে অমৃত উদ্যানলৈ অসমৰ ভূমি

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ ৰাজ্যৰ সকলো উন্নয়ন খণ্ড আৰু পৌৰ এলেকাৰ পৰা সংগৃহীত সর্বমুঠ ২৭০ টা অমৃত কলহ কঢ়িয়াই গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যাত্রা কৰিবলগীয়া যুৱক-যুৱতীসকলক আজি পুৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰেল ষ্টেচনত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপনৰ লগতে ফ্লেগ অফ কৰি নতুন দিল্লী অভিমুখী ৰেলগাড়ীখনৰ যাত্রা শুভাৰম্ভ কৰে৷ উল্লেখ্য যে অসমৰ সকলো ব্লক আৰু পৌৰ এলেকাৰ পৰা সংগৃহীত ২৭০টা অমৃত কলহ লৈ নতুন দিল্লীলৈ যাত্রা কৰা এই নির্বাচিত যুৱক–যুৱতীসকলে কাইলৈ নতুন দিল্লীত গৈ উপস্থিত হব৷ এই অমৃত কলহসমূহ নতুন দিল্লীৰ অসম হাউচত সংৰক্ষণ কৰা হব৷ স্মর্তব্য যে, মোৰ মাটি মোৰ দেশ কার্যসূচীৰ অংশ হিচাপে যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত অমৃত কলহ যাত্রাৰ কার্যসূচী আৰম্ভ কৰা হৈছিল৷ গান্ধী জয়ন্তীৰ পৱিত্র দিনটোত ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্রতিখন গাঁও আৰু প্রতিটো ৱার্ডৰ প্রতি ঘৰৰ পৰা সংগ্রহ কৰি অনা মাটি অথবা চাউল অমৃত কলহত সংগ্রহ কৰি গাঁও পঞ্চায়ত নতুবা পৌৰ কার্যালয়ত একত্রিত কৰা হৈছিল৷ ২৫ অক্টোবৰৰ দিনা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত সংগৃহীত কলহসমূহৰ মাটি পুনৰ সংমিশ্রণ কৰি দুটা পিতলৰ কলহত ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানলৈ প্রেৰণ কৰা হৈছিল৷ ব্লক বা পৌৰ সভাৰ পৰা অহা সকলো অমৃত কলহ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রাংগণত ২৬ অক্টোবৰৰ দিনা সংগ্রহ কৰি দুটাকৈ কলহৰ একোটাকৈ সর্বমুঠ ২৭০ টা কলহ দিল্লী অভিমুখে প্রেৰণৰ বাবে সাজু কৰা হয়৷ আজি নতুন দিল্লী অভিমুখী ৰেলগাডীখন ফ্লেগ অফ কৰাৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে সদৰি কৰে যে নতুন দিল্লীত নির্মাণ হবলগীয়া অমৃত বাটিকা বা অমৃত উদ্যানস্থলীত অহা ৩১ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত দেশৰ অন্য প্রান্তৰ পৰা অহা মাটিৰ সৈতে ৰাজ্যৰ এহ পৱিত্র ভূমি সংলগ্ন হব৷ আনহাতে, অৱশিষ্ট দ্বিতীয় কলহকেহটাৰ মাটি বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত গহপুৰত প্রতিষ্ঠা হবলগীয়া বিশ্ববিদ্যালয়খনৰ নির্মাণৰ কামত ব্যৱহাৰ কৰা হব৷ মুখ্যমন্ত্রীয়ে অমৃত কলহ যাত্রা সফল কৰি তোলাৰ বাবে অসমবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ ফ্লেগ অফৰ সময়ত বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিং, সাংসৃক্তিক পৰিক্রমা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, বিশেষ সচিব অশোক বর্মন, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সাধাৰণ প্রৱন্ধক চেতন কুমাৰ শ্রীৱাস্তৱকে ধৰি বহু গণ্যমান্য ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like