বঢ়মপুৰ–নগাঁও সদৰত বিজেপিৰ প্রার্থীক সহায় নকৰাৰ কথা ক’লে ৰাজেন গোহাঁয়ে
নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বঢ়মপুৰ সমষ্টিত প্রার্থিত্বৰ পৰা বঞ্চিত হৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে৷
প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয়– দলীয় নেতৃত্বই তৃণমূল পর্যায়ৰ কর্মীসকলক গুৰুত্ব নিদিয়াৰ বাবেই আজি বিজেপিত বিদ্রোহ আৰম্ভ হৈছে৷ আমি যেতিয়া বিজেপিত যোগদান কৰিছিলোঁ তেতিয়া অসমত দলটোৰ অস্তিত্ব নাছিল বুলিয়েই ক’ব পাৰি৷ তেতিয়াৰ পৰাই আমি দলটোক শক্তিশালী কৰাৰ লগতে অসমত প্রতিষ্ঠা কৰাৰ কাৰণে কাম কৰি আহিছোঁ৷ লগতে অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ কাৰণেও কাম কৰি আহিছো৷
সেই সময়ত মই মোৰ ল’ৰা–ছোৱালীক অৱজ্ঞা কৰি দলটো শক্তিশালী কৰাৰ কামত ব্রতী হৈছিলোঁ৷ আনকি মোৰ সা–সম্পত্তিও বিক্রী কৰিব লগা হৈছিল৷ আশা আছিল দলটো এদিন অসমত প্রতিষ্ঠা হ’ব৷ দলেও মোক সমর্থন দিছিল৷ প্রথমবাৰ নগাঁও বিধানসভাত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিলোঁ৷ পৰৱর্তী সময়ত নগাঁও সংসদীয় সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি নির্বাচিত হৈছিলোঁ৷
একেৰাহে ২০ বছৰ সাংসদ হিচাপে কাম কৰি ৰাইজৰ সেৱা আগবঢ়াইছিলোঁ৷ প্রথম অৱস্থাত আমি বিৰোধীত আছিলোঁ৷ ৰাইজক আশা দিছিলোঁ যে এদিন বিজেপিৰ ভাল দিন আহিব৷ এতিয়া বিজেপিৰ ভাল দিন আহিছে৷ এই সময়ত আমাক ভালভাৱে অৱসৰ দিলেহেঁতেন তেতিয়া নিশ্চয় সুখী হ’লোঁহেঁতেন৷
লগতে তেওঁ কয়– এই বয়সত মনত আঘাত দি প্রার্থিত্বৰ পৰা বঞ্চিত কৰাত মই বৰ দুখ পাইছেছা৷ ২০১৯ চনত সংসদীয় নির্বাচনত মোক প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ সময়তো মই দুখ পাইছিলোঁ৷ তথাপি মই দলৰ হৈ কাম কৰি আহিছেছা৷ এইবাৰ মই বঢ়মপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে দলীয় নেতৃত্বৰ লগত আলোচনা কৰিছিলোঁ৷
মই ৰাজ্যিক আৰু কেন্দ্রীয় নেতৃত্বৰ লগতো কথা পাতিছিলোঁ৷ তেওঁলোকে মোক হা বুলিয়েই কৈছিল৷ কিন্তু শেষত পুনৰ মোক বঞ্চিত কৰিলে৷ কিহৰ কাৰণে মোক বঞ্চিত কৰিলে আৰু মোৰ বিৰুদ্ধে কি মানসিকতা লৈছে আৰু কি ষডযন্ত্র হ’ল সেয়া বুজি পোৱা নাই৷
তেওঁ লগতে কয়– অকল মোৰ ক্ষেত্রতে নহয় সমগ্র অসমতে আমাৰ যিসকল দুখীয়া দলীয় কর্মীয়ে অভাৱত থাকিও কোনো দিনাই নিজৰ স্বার্থ পূৰণ কৰিবলৈ আন শাসকীয় ৰাজনৈতিক দললৈ যোৱা নাছিল, সেইসকলক আজি ভাল দিন অহাৰ সময়ত সম্পূর্ণৰূপে অৱহেলিত কৰা হৈছে৷ মই দলৰ ৰাজ্যিক সভাপতি হৈ থকাৰ সময়ত অসমৰ গাঁৱে গাঁৱে বিজেপিৰ পতাকা উৰিছিল৷
সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত গোহাঁয়ে কয়– মোক এজেপিকে ধৰি কেইবাটাও দলে আমন্ত্রণ জনাইছে৷ এইক্ষেত্রত মোৰ স্থিতি স্পষ্ট– মই নিজ হাতেৰে এই দলটো গঠন কৰাত এইটো পর্যায়লৈ অনাত সক্রিয়ভাৱে লাগি আছোঁ৷ এই বয়সত আকৌ মই বেলেগ দললৈ গৈ ৰাজনীতি কৰিম সেইটো হ’ব নোৱাৰে৷ মোৰ যিটো অন্তৰাত্মাত সোমাই আছে, মই সেই আদর্শৰ পৰা বিচ্যুত নহওঁ৷
অৱশ্যে মই কথাবোৰ চিন্তা কৰিম৷ বঢ়মপুৰ সমষ্টিৰ সন্দর্ভত তেওঁ কয়– দলে প্রার্থিত্ব দিয়াহেঁতেন নিশ্চয় মই নির্বাচন খেলিলোঁহেঁতেন৷ বঢ়মপুৰত প্রার্থিত্ব লাভ কৰা জিতু গোস্বামীৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয়– আজি যাক প্রার্থিত্ব দিছে, তেওঁক মই বেয়া বুলি কোৱা নাই৷ অনুপযুক্ত বুলিও কোৱা নাই৷
নগাঁও সদৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টি মই বিজেপিৰ দখলতে থকাটো বিচাৰোঁ৷ বিজেপিৰ দুয়োজন প্রার্থীৰ প্রতি মোৰ শুভাকামনা আছে৷ তেওঁলোক জিকিব বুলি মই আশাবাদী৷ অৱশ্যে মই তেওঁলোকক সক্রিয়ভাৱে সহায় কৰিব নোৱাৰিম৷ কাৰণ এতিয়া মই মানসিকভাৱে শক্তিশালী নহয়৷ কিছুদিনৰ বাবে বাহিৰলৈ গুচি যাম৷ এইবাৰ কাৰ চৰকাৰ হ’ব বুলি সোধা প্রশ্ণৰ উত্তৰত ৰাজেন গোহায়ে কয়– বিজেপিৰ প্রতি ৰাইজৰ আস্থা আছে, এইবাৰ নিশ্চিতভাৱে অসমত বিজেপিৰে চৰকাৰ হ’ব৷
ৰাজেন গোহাঁইৰ এই বক্তব্যই স্পষ্ট কৰিছে যে বঢ়মপুৰ সমষ্টিত তেওঁক প্রার্থিত্ব নিদিয়াত তেওঁ ভীষণভাৱে অসন্তুষ্ট আৰু ক্ষুব্ধ হৈ উঠিছে৷ ২০১৯ৰ লোকসভা নির্বাচনত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা ৰাজেন গোহাঁয়ে বিজেপিৰ প্রার্থীগৰাকীক সক্রিয়ভাৱে সহযোগিতা কৰা নাছিল, যাৰ বাবে বিজেপি প্রার্থীগৰাকীয়ে পৰাজয়বৰণ কৰিব লগা হৈছিল৷ এইবাৰো প্রার্থিত্বৰ পৰা বঞ্চিত হৈ ৰাজেন গোহাঁয়ে নির্বাচনৰ সময়ত নগাঁও সদৰ আৰু বঢ়মপুৰৰ বিজেপি প্রার্থী দুগৰাকীক সক্রিয়ভাৱে সহায় কৰিব নোৱাৰো বুলি কৰা ঘোষণাই বিশেষ তাৎপর্য বহন কৰিছে৷