চাকৰিৰ প্রলোভনেৰে বহু প্রার্থীৰ পৰা ধন লৈছিল ৰাজীৱ পৰাশৰে
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ বিতর্কিত দিবন ডেকাৰ পাছতে প্রভাৱশালী বিজেপি কর্মী ৰাজীৱ পৰাশৰে কেৱল পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰে নহয়, বিভিন্ন বিভাগৰ চাকৰিৰ নামত ধন সংগ্রহ কৰিছিল৷ এইজন বিজেপি কর্মীয়ে ৰে’ল বিভাগত চাকৰি দিয়াৰ নামতো সংগ্রহ কৰিছিল লাখ লাখ টকা৷ মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে ধৃত ৰাজীৱ পৰাশৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড তথা বিজেপিৰ যুৱ নেতা দিবন ডেকাই উক্ত কেলেংকাৰিৰ গোচৰত গ্রেপ্তাৰ হৈ বিজেপি দল–চৰকাৰক শ’লঠেকত পেলোৱাৰ পাছতে চাকৰিৰ নামত ধন সংগ্রহৰ অভিযোগত গ্রেপ্তাৰ হৈ দলত কলংকৰ দাগ লগালে ৰাজীৱ পৰাশৰে৷
উল্লেখ্য যে ডেৰ বছৰ পূর্বে সম্পন্ন হোৱা ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ চাকৰি ধনৰ বিনিময়ত বহু প্রার্থীক দিয়াৰ অভিযোগত ক্রাইম ব্রাঞ্চে শুকুৰবাৰে নিশা মহানগৰীৰ এবিচিস্থিত অনিল প্লাজাৰ পৰা ৰাজীৱ পৰাশৰক গ্রেপ্তাৰ কৰে৷ বিজেপি নেতাজনক ক্রাইম ব্রাঞ্চে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ চাকৰি নিযুক্তি কেলেংকাৰিৰ প্রধান অভিযুক্ত হিচাপে গ্রেপ্তাৰ কৰাৰ পাছত স্বাভাৱিকতে দিছপুৰত জোকাৰণি সৃষ্টি হৈছে৷ উল্লেখ্য যে বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ৰাজীৱ পৰাশৰ অৱশ্যে এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ তথ্য ক্রাইম ব্রাঞ্চে লাভ কৰা নাই৷
ইফালে, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্রহ কৰাৰ তথ্য লাভ কৰিছে যদিও ক্রাইম ব্রাঞ্চৰ তদন্তত ৰাজীৱ পৰাশৰে চাকৰি দিয়াৰ তথ্য এইপর্যন্ত পোহৰলৈ অহা নাই বুলি শনিবাৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই তাৎক্ষণিকভাৱে সংবাদ মাধ্যমক জনাইছে৷ চাকৰিৰ নামত ধন সংগ্রহ কৰাৰ অভিযোগ সংক্রান্তত তদন্ত চলি আছে আৰু টকা দিয়াসকলকো সোধা–পোছা কৰা হ’ব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জনায়৷ উল্লেখ্য যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্রহ কৰাৰ অভিযোগত ক্রাইম ব্রাঞ্চে ৰাজীৱ পৰাশৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৮/৪২০ আৰু ১২০(খ) ধাৰাত ১৫/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ ক্রাইম ব্রাঞ্চে কালি অনিল প্লাজাৰ পৰা ৰাজীৱ পৰাশৰক গ্রেপ্তাৰ কৰাৰ পাছত ছয়মাইলত থকা দালালজনৰ জে কে এপার্টমেণ্টৰ সপ্তম মহলাত থকা ফ্লেটত অভিযান চলায়৷ অভিযানৰ অন্তত ক্রাইম ব্রাঞ্চে বিভিন্ন প্রার্থীৰ পৰা ৩৪ লাখ টকা সংগ্রহ কৰাৰ তথ্য, ১৫খন পাছবুক উদ্ধাৰ কৰে৷
ক্রাইম ব্রাঞ্চৰ অভিযানকাৰী দলটোৱে ধৃত পৰাশৰৰ এ এছ–০১ বি জেড–৪০০০ নম্বৰৰ স্ক’ৰপি’ গাড়ীখনো জব্দ কৰে৷ উল্লেখ্য যে এই গাড়ীখনত বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ নামত থকা অসম বিধানসভাৰ কাৰ পাছ লগোৱা আছে৷ ক্রাইম বাঞ্চে ৰাজীৱ পৰাশৰৰ ফ্লেটৰ পৰা এটা লেপটপ জব্দ কৰাৰ লগতে দালালজনৰ এটা ম’বাইল ফোনো জব্দ কৰে৷ ইফালে, ধৃত দালালজনে বহু চাকৰি প্রার্থীৰ লগত গুগল পে’ৰ জৰিয়তে ধনৰ লেনদেন কৰাৰো তথ্য লাভ কৰিছে৷
উল্লেখ্য যে এইজন ৰাজীৱ পৰাশৰে বিগত ২০১৬ চনৰ অসম বিধানসভা নির্বাচনত ৰঙাপৰা সমষ্টিৰ বিজেপিৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ আছিল৷ ইফালে, ৰাজীৱ পৰাশৰক শনিবাৰে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়৷ আদালতে পৰাশৰক তিনি দিনৰ বাবে ক্রাইম ব্রাঞ্চৰ জিম্মালৈ প্রেৰণ কৰে৷