নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ সুদীর্ঘ ৫ বছৰ পাছত বুধবাৰে কইনাধৰাত অনুষ্ঠিত হয় অসম মন্ত্রীসভাৰ কেবিনেট বৈঠক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকে আন্তঃৰাষ্ট্রীয় পর্যায়ত চেম্পিয়নশ্বিপ অর্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা দুগৰাকী খেলুলৈ ক্রমে বক্সাৰ যমুনা বড়ো আৰু আর্চাৰ সঞ্জয় বড়োক আবকাৰী পৰিদর্শক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি এখন সংবাদ মেলত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে ২০১৯ চনত বক্সিঙত যমুনা বড়োৱে আৰু ২০১৪ চনত আর্চাৰীত সঞ্জয় বড়োৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত চেম্পিয়নশ্বিপ লাভ কৰে৷ দুয়োগৰাকী খেলুৱৈৰ ইচ্ছানুসৰি কেবিনেটে তেওঁলোকক আবকাৰী পৰিদর্শক পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷
এই কেবিনেট বৈঠকতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ৩ ছেপ্ঢেম্বৰত অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অভিৰুচি দিৱসৰ দিনটোতে দুয়োগৰাকী খেলুৱৈক নিযুক্তি–পত্র দিয়াৰ নির্দেশ দিয়ে৷ সেইদৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত নিউৰ’চার্জন নথকাৰ বাবে দুর্ঘটনাত কোনো লোক পতিত হ’লে গুৱাহাটীলৈ আনিব লগা হয় আৰু বহু সময়ত আদবাটতে বহুতোৰে মৃত্যুও ঘটে৷ ইয়াৰ পৰিপ্রেক্ষিতত আজিৰ কেবিনেটে ডাঃ শম্ভুধৰ ধৰক শিলচৰ মেডিকেল কলেজ হাস্পতালত নিউৰ’চার্জন হিচাপে ঠিকাভিত্তিক নিয়োগৰ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে আজিৰ কেবিনেটে এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন মাহে পূর্বৰ ৮৩০ টকাৰ পৰা ১০০০ টকাকৈ প্রত্যেক মাহৰ ১০ তাৰিখে দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ অৰুণোদয় আঁচনিৰ পুঁজিৰ বাবে এতিয়াৰে পৰা বিত্ত বিভাগলৈ এফ অ’ চি প্রেৰণ কৰিব নালাগে৷
বিভাগে প্রত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ আঁচনিৰ ধনৰাশি প্রত্যক্ষভাৱে প্রেৰণ কৰিব পাৰিব৷ আনহাতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্রতি সন্মান জনাই এই কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্রীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্রীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সম্পর্কত মন্ত্রী হাজৰিকাই কয় যে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ নাম পূর্বৰ চৰকাৰে ৰাজীৱ গান্ধী উদ্যানলৈ পৰিৱর্তন কৰিছিল৷ কিন্তু ওৰাং শব্দটো চাহ জনগোষ্ঠী, আদিবাসীৰ৷ সেয়ে তেওঁলোকৰ প্রতি সন্মান জনাই উদ্যানখনৰ নাম ওৰাং ৰাষ্ট্রীয় উদ্যান কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইপিনে ক’ভিড–১৯ৰ যাৱতীয় খৰচৰ বাবদ দিবলগীয়া ৬৬০ কোটি টকা ৰাজ্যৰ উপায়ুক্তসকললৈ মুকলি কৰি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷
বর্তমানৰ ৰাজ্য চৰকাৰে এতিয়ালৈ গ্রহণ কৰা প্রশাসনীয় সংস্থাসমূহৰ ভিতৰত এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে ২ কোটি টকা পর্যন্ত বিভাগে, ৫ কোটি টকা পর্যন্ত মুখ্য সচিবে, ৫ কোটিৰ পৰা ১০০ কোটি টকা পর্যন্ত বিত্তমন্ত্রীৰ নেতৃত্বত গঠিত কমিটীয়ে অনুমোদন দিব পাৰে৷ ১০০ কোটি চকাৰ ওপৰৰ হ’লে কেবিনেটে অনুমোদন দিব লাগিব৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৬৬০ কোটি টকাৰ প্রস্তাৱ দিয়াত আজিৰ কেবিনেটে সেই প্রস্তাৱৰ অনুমোদন জনায়৷ তদুপৰি ক’ভিডত মৃত্যুবৰণ কৰা ৰাজ্যখনৰ ৬,৫০০ ব্যক্তিৰ নিকটাত্মীয়লৈ ‘প্রার্থনা’ আঁচনিৰ জৰিয়তে এককালীনভাৱে ১ লাখ টকাৰ আর্থিক সাহায্য আগবঢ়োৱাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা প্রতি জিলাৰ অভিভাৱক মন্ত্রীসকলে সংশ্লিষ্ট জিলাসমূহত এই ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্রদান কৰিব৷
উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত দেশৰ ভিতৰত প্রথম অসমে ক’ভিডত আপোনজনক হেৰুওৱা পৰিয়ালসমূহক সহায়ৰ আঁচনি গ্রহণ কৰে৷ ইতিমধ্যে ক’ভিডৰ বাবে অনাথ হোৱা প্রতিটো শিশুক সহায় আৰু ভৱিষ্যতৰ দায়িত্ব গ্রহণ কৰি চৰকাৰে মুখ্যমন্ত্রীৰ শিশু সেৱা নামৰ এখন আঁচনি গ্রহণ কৰিছে৷ উক্ত আঁচনিৰ অধীনত একোজন শিশুৰ নামত ২৫ বছৰ বয়স পর্যন্ত ৭.৫ লাখকৈ টকা ফিক্সড ডিপ’জিটৰ ব্যৱস্থা কৰে৷ প্রতিমাহে সেইসকল শিশুক ৩,৫০০ টকাকৈ দিয়াৰ লগতে ২৫ বছৰ সম্পূর্ণ হোৱাৰ লগে লগে ফিক্সড ডিপ’জিটৰ মূলধন ৭.৫ লাখ টকা তেওঁলোকৰ একাউণ্টত জমা হ’ব৷ সেইদৰে আর্থিকভাৱে অনগ্রসৰ পৰিয়ালৰ যিসকল মহিলাৰ স্বামী ক’ভিডত মৃত্যু হৈছে তেওঁলোককো ২.৫ লাখ টকাকৈ দিছে৷ উক্ত দুই আঁচনিয়ে সামৰি নোলোৱা অর্থনৈতিকভাৱে অনগ্রসৰ যিসকল লোকৰ ক’ভিডত মৃত্যু হৈছে, সেইসকল লোকক প্রার্থনা আঁচনিৰ জৰিয়তে ১ লাখ টকাকৈ আর্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে৷