নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱৰ বিয়াত সোণৰ আঙঠি-চেইন-ব্রেচলেট উপহাৰ ৰাকেশ পালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত পর্বতসম দুর্নীতিৰ বহু তথ্য অসম আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰাকেশ পালৰ কার্যকালত আয়োগত নিযুক্তিৰ নামত সংঘটিত হোৱা বৃহৎ অনিয়মৰ আন কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগৰ প্রতিবেদনত৷ শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত দাখিল হোৱাৰ পিছত ৰাজহুৱা হৈ পৰা প্রতিবেদনখনত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ তথ্য পোহৰলৈ আহিছে৷ এপিএছচিত সংঘটিত নিযুক্তি কেলেংকাৰিত মধ্যভোগীৰ ভূমিকা লোৱা পশু চিকিৎসক ডাঃ মৃগেন শইকীয়াই ২০২১ বর্ষৰ ১৮ অক্টোবৰত আয়োগৰ সন্মুখত দিয়া স্বীকাৰোক্তিত প্রকাশ কৰা অনুসৰি তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈক ৰাকেশ পালে নিয়মীয়াভাৱে সাক্ষাৎ কৰিছিল৷ এপিএছচিৰ স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে কলংকিত ৰাকেশ পালে তৰুণ গগৈক সাক্ষাৎ কৰিছিল৷ মৃগেন শইকীয়াই প্রকাশ কৰা অনুসৰি ২০১৩ বর্ষত পালে তৰুণ গগৈক প্রথমবাৰ সাক্ষাৎ কৰিছিল৷ ডাঃ শইকীয়াৰ জৰিয়তে পালে তদানীন্তন মুখ্যমন্ত্রী গগৈক সাক্ষাৎ কৰে৷ আনকি নিজৰ অনুৰোধ পূৰণ কৰাৰ বাবে পালে প্রতিটো সাক্ষাততে প্রাক্তন মুখ্যমন্ত্রী গগৈক বিভিন্ন ধৰণৰ দামী উপহাৰ প্রদান কৰিছিল৷ বিশেষকৈ বর্তমানৰ সাংসদ তথা পুত্র গৌৰৱ গগৈৰ বিয়াৰ সময়ত পালে সোণৰ চেইন, আঙঠি আৰু ব্রেছলেট উপহাৰ হিচাপে দিছিল বুলিও ডাঃ শইকীয়াই স্বীকাৰোক্তিত উল্লেখ কৰিছে৷ পৰৱর্তী সময়ত প্রাক্তন মুখ্যন্ত্রীগৰাকীয়ে পালক এপিএছচিৰ অধ্যক্ষ ৰূপে নীতি–বহির্ভূতভাৱে নিযুক্তি দিছিল৷ বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগৰ ওচৰত মধ্যভোগী ডাঃ শইকীয়াই প্রকাশ কৰা অনুসৰি ২০১২ বর্ষৰ ডিচেম্বৰৰ পৰাই তেওঁ ৰাকেশ পালক চিনি পাইছিল৷ ২০১২ বর্ষৰ ডিচেম্বৰৰ পৰা ২০১৩ বর্ষৰ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সৎসংগ বিহাৰ ঋত্বিক সন্মিলনত পালৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল৷ সেই সময়ত পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ সমিতিৰ তেওঁ সভাপতি আছিল৷ তেতিয়াৰে পৰা লাহে লাহে পালৰ সৈতে তেওঁৰ সম্পর্ক ঘনিষ্ঠ হৈ পৰে৷ এপিএছচিৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে সেই সময়ত কর্মৰত পালে ডাঃ শইকীয়াৰ সৈতে ঘনিষ্ঠতাৰ সম্পর্ক অব্যাহত ৰাখিছিল৷ তেতিয়াই তেওঁ এপিএছচিৰ গৱেষণা বিষয়া মুকুল ডেকাৰ সংস্পর্শলৈ আহিছিল৷ মুকুল ডেকাৰ ভগ্ণী আৰু ডাঃ শইকীয়াৰ পত্নী একে শ্রেণীত অধ্যয়ন কৰা হেতুকে দুয়োৰে মাজত সম্পর্ক আছিল৷ মুকুল ডেকাই পালক অৱগত কৰিছিল যে সেইসময়ৰ মুখ্যমন্ত্রী গগৈৰ সৈতে ডাঃ শইকীয়াৰ ঘনিষ্ঠ সম্পর্ক আছে৷ ইয়াৰ ভিত্তিতে পালে ডাঃ শইকীয়াক মুখ্যমন্ত্রীৰ সৈতে সাক্ষাৎ কৰোৱাই দিবলৈ আহ্বান জনায়৷ এই অনুৰোধত ডাঃ শইকীয়াই ২০১৩ বর্ষৰ ফেব্রুৱাৰীৰ আশে–পাশে কইনাধৰাত থকা গগৈৰ আৱাসলৈ পালক লৈ গৈছিল৷ সেই প্রথম সাক্ষাতৰ পাছৰে পৰা পালে প্রতি সপ্তাহতে মুখ্যমন্ত্রীক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰিছিল বুলিও ডাঃ শইকীয়াই ন্যায়িক আয়োগৰ সন্মুখত স্বীকাৰোক্তি দিছে৷ বিশেষকৈ সাক্ষাতৰ সময়ত পালে মুখ্যমন্ত্রীক এপিএছচিৰ স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ অনুৰোধ জনাইছিল৷ তদানীন্তন মুখ্যমন্ত্রীয়ে এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দি কিছুদিন অপেক্ষা কৰিবলৈ কৈছিল৷ ন্যায়িক আয়োগৰ সন্মুখত দিয়া স্বীকাৰোক্তিত ডাঃ শইকীয়াই এই সন্দর্ভত এইদৰে কয়– আমাৰ এনে সাক্ষাতৰ সময়তে মুখ্যমন্ত্রীয়ে জনাইছিল যে ৰাকেশ পালক এপিএছচিৰ স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে তেওঁ পার্ছনেল বিভাগক নির্দেশ দিছে৷ আনকি ইয়াৰ বাবে ফাইল পুটআপ কৰা হৈছিল আৰু আইন বিভাগৰ ওচৰলৈ প্রেৰণ কৰা হৈছিল৷ এই ফাইলৰ কাম–কাজ মই নিৰীক্ষণ কৰি আছিলোঁ৷ এই উদ্দেশ্যৰে পালে মোক ৫ লাখ টকা দিছিল৷ সেইসময়ত সেই ফাইলটো আইন বিভাগৰ তদানীন্তন উপ–সচিব এম বৰভূঞাৰ টেবুলত হ’ল্ড কৰি ৰাখিছিল৷ মই বৰভূঞাক যোগাযোগ কৰিছিলোঁ৷ তেওঁ সদৰী কৰিছিল যে ফাইলটোত যথেষ্ট আসোঁৱাহ আছে আৰু তাৎক্ষণিকভাৱে অনুমোদন দিব নোৱাৰি৷ যেতিয়া বৰভূঞাক মই ফাইলটো অনুমোদনৰ বাবে ধনৰ প্রস্তাৱ দিছিলোঁ, তেতিয়া তেওঁ প্রত্যক্ষভাৱে পালৰ সৈতে কথা পাতিব বিচাৰিছিল৷ সেইমর্মে পালে বৰভূঞাৰ সৈতে ফোনযোগে কথাও পাতিছিল৷ তেতিয়াৰ পৰাই পালৰ নির্দেশত মই বৰভূঞাক সাক্ষাৎ কৰা নাছিলোঁ৷ পালে মোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাহিদ চৌধুৰীক লগ কৰিব দিছিল আৰু কৈছিল যে বাকী কাম জাহিদ চৌধুৰীয়ে আগবঢ়াই নিব৷ কিয়নো জাহিদ চৌধুৰী আৰু বৰভূঞা দুয়োজনে শিলচৰৰ বাসিন্দা৷ পৰৱর্তী সময়ত গুৱাহাটীৰ জি এছ ৰোডৰ এখন হোটেলত ডাঃ শইকীয়াই মুকুল ডেকা, অধিবক্তা জাহিদ চৌধুৰী, উপ–সচিব এম বৰভূঞা, সুদীপ দাস আৰু ৰাকেশ কুমাৰ পালক লগ পাইছিল বুলিও সদৰী কৰে৷ এই সাক্ষাতৰ সময়তে পালে ৫০ হাজাৰ টকা বৰভূঞাক দিবলৈ তেওঁৰ হাতত গুঁজি দিয়া বুলি উল্লেখ কৰে৷ পালৰ নির্দেশত বৰভূঞাক এই ধন দিব বিচাৰিছিল যদিও চিচি টিভি থকাৰ বাবেই তেওঁ গ্রহণ কৰা নাছিল বুলি ডাঃ শইকীয়াই ন্যায়িক আয়োগক অৱগত কৰিছে৷ অৱশ্যে এই সাক্ষাতৰ কিছুদিন পাছতে ৰাকেশ পালক এপিএছচিৰ স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ডাঃ শইকীয়াই প্রকাশ কৰা অনুসৰি এপিএছচিৰ স্থায়ী অধ্যক্ষ হোৱাৰ পাছতে ৰাকেশ পালৰ সৈতে আন বহু লোকৰ ঘনিষ্ঠতা বৃদ্ধি পায়৷ বিকাশ কুমাৰ পিঞ্চা, কৌশিক কুমাৰ কলিতা, গুলছন ডাউলাগাপু, ভাস্কৰ দত্ত দাস, দেৱব্রত দে’, প্রসেনজিৎ ঘোষ, কবিতা দাস, সুনয়না আইদেউ, ৰাজর্ষি সেন ডেকা, কল্যাণ কুমাৰ দাস, হেমন্ত শইকীয়া, পল্লৱী শর্মা চৌধুৰী, প্রসেনজিৎ কুমাৰ ঘোষ আদিয়ে ৰাকেশ পালক ভঙাগড়ৰ শক্তিগড় পথত থকা বাসগৃহত সাক্ষাৎ কৰিছিল৷ সুদীপ দাস আৰু সঞ্জয় সাহাৰ অনুমতিমর্মেহে ৰাকেশ পালক সাক্ষাৎ কৰিব পাৰিছিল বুলি উল্লেখ কৰি ডাঃ শইকীয়াই ন্যায়িক আয়োগৰ আগত এইদৰেও কয়– প্রসেনজিৎ কুমাৰ ঘোষ পূর্বে কৰ পৰিদর্শক পদত বাছনি লাভ কৰিছিল৷ তেওঁ পুনৰ ২০১৪ বর্ষত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হয় আৰু সৎসংগ বিহাৰৰ বাবে ৰাকেশ কুমাৰ পালে দাবী কৰা মতে এখন বগা ৰঙৰ ৰেনল্ট ডাষ্টাৰ কাৰৰ সলনি দ্বিতীয় পদত বাছনি লাভ কৰে৷ এই কাৰখন সৎসংগ বিহাৰৰ বাবে দুবছৰ ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পাছত গুৱাহাটীৰ ছয়মাইলৰ ভগৱান দাস নামৰ এজন লোকে ক্রয় কৰিছিল৷ পৰৱর্তী সময়ত ভগৱান দাসৰ পুত্র ৰাকেশ দাসেও ২০১৩ বর্ষৰ পৰীক্ষাত উত্তীর্ণ হৈ সহকাৰী নিযুক্তি বিষয়া হিচাপে চাকৰি লাভ কৰাৰ তথ্যও মধ্যভোগী ডাঃ শইকীয়াই সদৰী কৰিছে৷ আন এক ভাষ্যত তেওঁ প্রকাশ কৰে যে ৰাকেশ দাসে ভুৱা উত্তৰবহীত লিখি পৰীক্ষাত উত্তীর্ণ হৈছিল৷ আনহাতে, ভুৱা উত্তৰবহীসমূহ ছপা কৰা ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালত কাম কৰা মেচিনমেন, কম্পিউটাৰ অপাৰেটৰ, ৰিচিপ্ঢছনিষ্ট, মেনেজাৰ আদিক তদন্তৰ আওতালৈ ননাক লৈও ডাঃ শইকীয়াই আয়োগৰ ওচৰত আশ্চর্য প্রকাশ কৰে৷ ন্যায়িক আয়োগক মধ্যভোগী ডাঃ শইকীয়াই অৱগত কৰা অনুসৰি পালৰ এজন বড়ো উপাধিৰ পিএছ’ৱে এই নিযুক্তি কেলেংকাৰিৰ লেনদেনৰ সবিশেষ তথ্য জানিছিল৷ তেওঁ প্রকাশ কৰা অনুসৰি ২০১৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ এদিন পূর্বে ৩০ৰ পৰা ৩৫জন প্রার্থীক পালৰ বাসগৃহত এনছাৰকীসমূহ আগতীয়াকৈ প্রদান কৰা হৈছিল৷ অবৈধ নিযুক্তিৰ নামত সংগ্রহ কৰা ধন ঝাৰখণ্ডৰ দেওঘৰলৈ প্রেৰণ কৰা হৈছিল বুলি ন্যায়িক আয়োগৰ সদৰী কৰি ডাঃ শইকীয়াই কয়– পালে প্রার্থীসকলৰ পৰা অবৈধভাৱে সংগ্রহ কৰা ধন ঝাৰখণ্ডৰ দেওঘৰলৈ প্রেৰণ কৰিছিল, য’ত তেওঁৰ কনিষ্ঠ ভগ্ণীৰ বাসগৃহ আছে৷ তদুপৰি মেঘালয়ৰ তুৰালৈও ধন প্রেৰণ কৰা হৈছিল, য’ত পালৰ স্থায়ী বাসগৃহ আছে আৰু জ্যেষ্ঠ ভগ্ণীয়ে বাস কৰে৷ লালগণেশত বিল্ডিং, ফ্লেট আৰু মাটিৰ লগতে কাহিলিপাৰাৰ দক্ষিণগাঁৱত তথা পানীখাইতীত যথেষ্ট পৰিমাণৰ পালৰ ভূমি আছে৷ তেওঁৰ ভাতৃয়ে মোক কৈছিল যে কলকাতাতো পালৰ সম্পত্তি আছে, কিন্তু এই সম্পত্তি সঠিকভাৱে ক’ত আছে মই নাজানো৷ উল্লেখ্য যে ন্যায়িক আয়োগৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি তদানীন্তন মুখ্যমন্ত্রীয়ে এখন সাধাৰণ আবেদনৰ ভিত্তিতে পালক এপিএছচিৰ সদস্য হিচাপে মনোনীত কৰিবলৈ পৰামর্শ দিছিল৷ আনকি পালক কোনো নিযুক্তি প্রক্রিয়া অনুসৰণ নকৰাকৈ তথা তথ্যপাতি পৰীক্ষণ নকৰাকৈয়ে সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল৷ স্বাভাৱিকতে ন্যায়িক আয়োগৰ প্রতিবেদনত ডাঃ শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে ৰাকেশ পালৰ সম্পর্কৰ উন্মোচনে সচেতন মহলৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like