নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনেই নহয়, নাৰীৰ প্রতিও দুর্বল ৰাকেশ পাল

🔹 মহিলা প্রার্থীৰে অবৈধ সম্পর্ক দুর্নীতিৰ সদাগৰৰ

🔹 ভঙাগড়ৰ বাসগৃহত পালৰ সৈতে দিনটো অতিবাহিত কৰিছিল মহিলা প্ৰাৰ্থীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্রুৱাৰী : দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত অনিয়ম সন্দর্ভত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে দাখিল কৰা প্রতিবেদনে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নাম সাঙোৰ খাই পৰাৰ লগে লগে খলকনি তোলা প্রতিবেদনখনত বিতর্কিত পালৰ আন বহু কলংকিত অধ্যায় পোহৰলৈ আহিছে৷ এপিএছচিৰ দৰে স্বতন্ত্র সংস্থাৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰা পালে ধনৰ বিনিময়ত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰি সমগ্র ৰাজ্য প্রশাসন ব্যৱস্থাক পংগু কৰি তুলিছিল৷ কেৱল ধনৰ লালসাই নহয়, এপিএছচিৰ এইজন কলংকিত প্রাক্তন অধ্যক্ষৰ নাৰীৰ প্রতিও আছিল দুর্বলতা৷ সেয়েহে একাংশ প্রার্থীৰ সৈতে পালে অবৈধ সম্পর্কও স্থাপন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ সন্মুখত এপিএছচি কেলেংকাৰিৰ মধ্যভোগী তথা পালৰ অতি ঘনিষ্ঠ ডাঃ মৃগেন শইকীয়াই দিয়া স্বীকাৰোক্তিত এই বিস্ফোৰক তথ্য সদৰী কৰিছে৷ ২০২১ বর্ষৰ ৮ অক্টোবৰত আয়োগৰ সন্মুখত দিয়া জবানবন্দীত ডাঃ শইকীয়াই কয় যে কবিতা দাস আৰু সুনয়না আইদেউকে ধৰি একাংশ মহিলা প্রার্থীৰ সৈতে পালে অবৈধ সম্পর্ক স্থাপন কৰিছিল৷ আনকি তেওঁলোকে পালৰ বাসগৃহত সেই সময়ত সমগ্র দিন কটাইছিল বুলিও ডাঃ শইকীয়াই আয়োগক সদৰী কৰিছে৷ আনকি পালৰ এই অবৈধ সম্পর্কৰ বাবেই তেওঁৰ পত্নী আৰু মাতৃ মানসিক অশান্তিত ভুগিছিল বুলি সদৰী কৰি ডাঃ শইকীয়াই জবানবন্দীত এইদৰে কয়– ‘পালৰ পত্নী আৰু মাতৃ এনে অবৈধ সম্পর্কসমূহৰ বিষয়ে অৱগত আছিল আৰু সেয়েহে তেওঁলোক মানসিকভাৱে অশান্তিত ভুগিছিল৷ যিটো কাৰণে পালৰ পত্নীয়ে তেওঁৰ পৰা আঁতৰি গৈ গুৱাহাটীৰ এডিজিপি (সীমান্ত) কার্যালয়ৰ সমীপৱর্তী এটা ফ্লেটত বাস কৰিছিল৷ পালৰ মাতৃয়ে মোক অসমীয়াতে সঘনাই কৈছিল– ‘চৰিত্রৰ পতন হৈছে৷’ উল্লেখ্য যে অসম বিধানসভাৰ মজিয়াত ন্যায়িক আয়োগৰ প্রতিবেদনখন দাখিল কৰাৰ পাছতে পালৰ কার্যকালত সংঘটিত বহু তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ পালৰ একাংশ আশিসধন্য প্রার্থীয়ে কিদৰে বক্রপথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত যোগদান কৰিবলৈ সক্ষম হৈছিল, সেই সন্দর্ভত বিশদভাৱে উল্লেখ কৰা হৈছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি আন বহু প্রার্থীৰ দৰেই অভিশিখা বৰুৱা, দেৱব্রত দে’ আৰু সঞ্জন ফুকনে পালক প্রত্যক্ষ অথবা দালালৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আদায় দিছিল৷ সেই অনুসৰি অভিশিখা বৰুৱা আৰু সঞ্জন ফুকনে ১০ লাখকৈ টকা আদায় দিয়াৰ বিপৰীতে দেৱব্রত দে’ই চাকৰিৰ বাবদ পালক ৩৫ লাখ টকা উৎকোচ হিচাপে প্রদান কৰিছিল৷ এই ধনৰাশি প্রত্যক্ষভাৱে দিয়াৰ উপৰি দুই মধ্যভোগী বিকাশ পিনছা আৰু সুদীপ দাসৰ জৰিয়তে আদায় দিয়া বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ ধনৰ বিনিময়ত চাকৰি দিব বিচৰা প্রার্থীসকলক সকলো সুবিধা প্রদান কৰাৰ বাবে পালে বিশেষভাৱে পৰিকল্পনা কৰিছিল৷ বিশেষকৈ ষ্ট্রং ৰুম নিয়ন্ত্রণকে ধৰি কেতবোৰ বক্রপথ তেওঁ অৱলম্বন কৰিছিল৷ ষ্ট্রং ৰুমৰ চাবি কাৰ হাতত থাকিব, তাৰ নির্দিষ্ট নির্দেশনা আছে৷ সেই অনুসৰি সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্রত ষ্ট্রং ৰুমৰ এপাট চাবি এপিএছচিৰ অধ্যক্ষ আৰু আনপাট চাবি প্রধান পৰীক্ষা নিয়ন্ত্রকৰ সৈতে থাকিব লাগে৷ অর্থাৎ সেই সময়ত ষ্ট্রং ৰুমৰ চাবি পালৰ উপৰি তদানীন্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ এন বি সিংহৰ হাতত থাকিব লাগিছিল৷ কিন্তু ষ্ট্রং ৰুমৰ সকলো চাবি সহঃ পৰীক্ষা নিয়ন্ত্রক পৱিত্র কৈৱর্তৰ হাতৰ পৰাহে তদন্তকাৰীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু পৱিত্র কৈৱর্তৰ এই চাবি ৰখাৰ ক্ষেত্রত কোনো কর্তৃত্ব নাছিল৷ অৱশ্যে আয়োগৰ আগত দিয়া স্বীকাৰোক্তিত পৱিত্র কৈৱর্তই উল্লেখ কৰিছে যে এপিএছচিৰ তদানীন্তন অধ্যক্ষ পালৰ নির্দেশত ষ্ট্রং ৰুমৰ চাবি তেওঁৰ সৈতে ৰাখিছে৷ এনেদৰে সংশ্লিষ্ট নিয়মাৱলী ভৰিৰে মোহাৰি এপিএছচিত এটাৰ পাছত আন এটা কেলেংকাৰি সংঘটিত কৰি পালে যোগ্যজনক বঞ্চিত কৰি অযোগ্যজনক উচ্চ পদবীত নিযুক্তিৰ পথ মুকলি কৰি দিছিল৷

You might also like