ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভা
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ আজি ধুবুৰীৰ চহৰৰ পাঁচমোৰ অঞ্চলত ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত এখন বিশেষ নিৰ্বাচনী সভাত উপস্থিত থাকে দলটোৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে। সভাখনত সদ্য ভংগ হোৱা ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন সভাপতি আশাদুৰ ৰহমান, উপ-সভাপতি আলতাফ হুছেইন মণ্ডলকে ধৰি জিলা পৰিষদখনৰ অইন কেইবাগৰাকী সদস্যৰ উপৰি ধুবুৰী জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধীসকল উপস্থিত আছিল। তাৎপৰ্যপূৰ্ণভাবে আজিৰ বিশেষ নিৰ্বাচনী সভাখনত ধুবুৰী জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মতিৰচৰ জিলা পৰিষদৰ সদ্য প্ৰাক্তন সদস্যা বেবী বেগম উপস্থিত থকা দেখা নগ’ল। অৱশ্যে জিলা কংগ্ৰেছৰ এক সূত্ৰই সদৰি কৰা অনুসৰি আজি বিয়লি বেবী বেগমে আয়োজিত কৰা ইফতাৰৰ কাৰ্য্যসূচীত উপস্থিত থাকিব ৰকিবুল হুছেইনে। উল্লেখ্য যে ৫ এপ্ৰিলৰ দিনা এআইইউডিএফ দলৰ বিধায়ক নজৰুল হক, আমিনুল ইছলাম, কৰিমউদ্দিন বৰভূঞাঁ, নিজানুৰ ৰহমানকে ধৰি দলটোৰ কেন্দ্ৰীয় আৰু ধুবুৰী জিলা কমিটিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত মধুশৌলমাৰী-টিয়ামাৰী আৰু কুমাৰগঞ্জ জিলা পৰিষদৰ সদ্য প্ৰাক্তন জিলা পৰিষদ সদস্য ৰেজাউল ইছলাম ৰিংকু আৰু আনোৱাৰ হুছেইনে কংগ্ৰেছ দল এৰি আনুষ্ঠানিকভাবে এআইইউডিএফ দলত যোগ দিছিল। তাৰ পিছে পিছে ধুবুৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাক্তন জিলা পৰিষদ সদস্য আৰু পঞ্চায়ত প্ৰতিনিধীৰ উপস্থিতত ধুবুৰী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ধুবুৰীত অনুষ্ঠিত হৈ যোৱা আজিৰ এই সভাখন বিশেষ তাৎপৰ্যবাহী বুলিয়েই কিন্তু বিবেচিত হৈছে ধুবুৰীৰ ৰাজনৈতিক মহলবোৰত। সভাখনত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান জুৱেল, দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, গোলকগঞ্জৰ কংগ্ৰেছী বিধায়ক আব্দুল সোৱাহান সৰকাৰ, জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা, ধুবুৰী পৌৰসভাৰ কংগ্ৰেছ দলৰ ৱাৰ্ড আয়ুক্ত উমা হালদাৰ প্ৰমুখ্যে কংগ্ৰেছৰ জিলা পৰ্যায়ৰ বিভিন্ন স্তৰৰ বিষয়ববীয়াসকল উপস্থিত আছিল। সভাখনৰ পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত ৰকিবুল হুছেইনে দাবী কৰে যে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ বিৰূদ্ধে ঢৌ বৈছে; আৰু বিৰোধী ঐক্যমঞ্চৰ সপক্ষে স্পষ্ট মতামত দেখা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী