নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল হুছেইন এগৰাকী অহংকাৰী-ব্যৰ্থ নেতা

🔹 চামগুৰিৰ পদুমনিত বিজেপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : ‘কংগ্ৰেছৰ একাংশ গুণ্ডাই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আক্ৰমণ কৰিছিল ৷ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ’বই ৷ ৰকিবুল হুছেইন এগৰাকী অহংকাৰী আৰু প্ৰতিশোধপৰায়ণ নেতা ৷ নিজৰ সমষ্টিৰ মানুহখিনিকে টিভিৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে৷ কালি কংগ্ৰেছৰ ৰেলীত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পাছতে “এটা এটা পাথৰৰ উত্তৰ দিম” বুলি হুংকাৰ দিয়া ৰকিবুল হুছেইন নিশ্চিতভাৱে এগৰাকী ব্যৰ্থ নেতা ৷ ৰকিবুল হুছেইনে  ৰূপহীৰ পৰা, ধিঙৰ পৰা মানুহ আনি নিজৰ ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে ৷”- এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ৷ ৰাজ্যত উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে আজি নগাঁও জিলাৰ ৮৮নং চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয়- “ৰকিবুল হুছেইনে চামগুৰিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাই আছে ৷ কেৱল সেয়াই নহয়, নিজৰ পুত্ৰক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চামগুৰিত প্ৰক্ষেপ কৰি নিজৰ পুত্ৰৰে ক্ষতি কৰিছে ৷ যুৱপ্ৰজন্মৰ নেতাগৰাকীক ধ্বংসাত্মক ৰাজনীতি শিকাই ৰকিবুল হুছেইনে নিজৰ পুত্ৰৰ ক্ষতি কৰিছে ৷” কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইনক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই আৰু কয়— “ৰকিবুল হুছেইনে নিজৰ সমষ্টিৰ দক্ষিণ অংশত ৰাস্তা-ঘাট আদিকে ধৰি উন্নয়নৰ কাম একোকে নকৰি ৰাইজক বঞ্চিত কৰিলে আৰু চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী, মাগুৰমাৰী আদি অঞ্চলকে ধৰি উত্তৰ অংশত একাংশ গুণ্ডাৰ সৃষ্টি কৰি ল’লে ৷ বনমন্ত্ৰী থকাৰ দিনত চোৰাং চিকাৰীক গঁড় হত্যা কৰিবলৈ উৎসাহ যোগোৱা ৰকিবুল হুছেইন এগৰাকী গঁড় হত্যাকাৰী ৷ ৰকিবুল হুছেইনে সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰি ধুবুৰীলৈ পলাই পত্ৰং দিছে ৷ এইবাৰ পাপৰ প্ৰায়শ্চিত্ত হ’ব ৷”

চামগুৰি সমষ্টিৰ ৰাইজে এটা এটা ভোট পদুম ফুলত দি উচিত উত্তৰ দিব লাগিব বুলি আহ্বান জনোৱাৰ লগতে উদাত্ত কণ্ঠে দিয়া নিজৰ ভাষণত অগপ, গণশক্তি, ইউপিপিএল দলক বিজেপিৰ অভিন্ন অংগ বুলি উল্লেখ কৰে ৷ আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত পদুমনি আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত অনুষ্ঠিত হোৱা আৰু ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ  জিলা সমিতিৰ সভাপতি বাবুল বৰাই আঁত ধৰা প্ৰথমখন নিৰ্বাচনী সভাত বিজেপি নেতা তথা সমাজকৰ্মী সুৰেশ বৰাই প্ৰথমে বক্তব্য প্ৰদান কৰি উপস্থিত সকলোকে লক্ষ্মীপূজাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সভাত ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সদস্য তথা এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ অধ্যক্ষ জয়ন্ত ডেকা, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা মাণিক গায়ন আৰু খগেন গায়নে চামগুৰি সমষ্টিৰ উন্নয়ন আৰু দীৰ্ঘদিনীয়া নানান সমস্যা সমাধানৰ বাবে দিপ্লুৰঞ্জন শৰ্মাক বিজয়ী কৰোৱাটো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি এইবাৰ এটাও ভোট লোকচান নকৰাকৈ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সভাত মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই সমষ্টিবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আদৰণী অনুষ্ঠানৰ আঁত ধৰে আৰু নিজৰ ভাষণত উন্নয়নৰ ৰাজনীতি কৰিম বুলি উল্লেখ কৰি অনাগত দিনত যুৱপ্ৰজন্মৰ বাবে চামগুৰি সমষ্টিৰ চাৰিটা ব্লকত ইনষ্টিটিউট নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ লগতে এইবাৰ কংগ্ৰেছ হাৰিব বুলি কৈ বিজেপিয়ে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে ৷ আজিৰ সভাত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মাকে  প্ৰমুখ্য কৰি স্থানীয় বহু নেতা-কৰ্মী উপস্থিত থাকে ৷ আজি অনুষ্ঠিত নিৰ্বাচনী সভাখনত কেইবাশ লোক উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like