নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামময় অসম : চাকি–বন্তিৰে আলোকিত ৰাজ্য

🔹 বশিষ্ঠ মন্দিৰত জ্বলিল এক লাখ বন্তি, ১২ সহস্রাধিক বন্তিৰে উজলিল কামাখ্যা মন্দিৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰী : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল সমগ্র দেশবাসী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পূজা সম্পন্ন কৰাৰ পিছতে সমগ্র দেশৰ লগতে অসমতো সৃষ্টি হ’ল এক উৎসৱমুখৰ পৰিৱেশ৷ কার্যতঃ ৰাজ্যত ৰামময় পৰিৱেশৰ সৃষ্টিৰ লগতে চাকি–বন্তিৰে আলোকিত হৈ পৰিল চৌদিশ৷ ৰাজ্যৰ প্রান্তে প্রান্তে প্রায় প্রতিটো ধর্মীয় অনুষ্ঠান, নামঘৰত আজি প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠান প্রত্যক্ষ কৰাৰ লগতে বন্তি প্রজ্বলন আৰু নাম–প্রসংগৰে মুখৰিত কৰি তোলে সমগ্র অঞ্চল৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পিছতে মঙলদৈৰ ৰাম জানকী মন্দিৰত এক লাখ মাটিৰ চাকি প্রজ্বলনেৰে দ্বিতীয় অযোধ্যাত পৰিণত কৰে সমগ্র অঞ্চল৷ ইফালে, কামাখ্যা মন্দিৰত আজি অনুষ্ঠিত হ’ল বিশেষ কার্যসূচী৷ মন্দিৰৰ চৌহদত একেলগে প্রজ্বলন কৰা হ’ল ১২ হাজাৰ চাকি৷ আনহাতে, বৰদোৱাত খোল, দবা, তালেৰে মুখৰিত হৈ পৰিল প্রাণ প্রতিষ্ঠাৰ মুহূর্তটো৷ জয় শ্রীৰাম ধ্বনি শুনা গ’ল বটদ্রৱাৰ চৌপাশে৷ নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়তো ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উপলক্ষে সৃষ্টি হয় হ’ল আবতৰীয়া দেৱালী৷ এক লাখ মাটিৰ চাকি প্রজ্বলনৰ লগতে নাম–প্রসংগৰে মুখৰিত হৈ পৰে সমগ্র দেৱালয় আৰু বেলশৰ অঞ্চল৷

ৰঙিয়াতো আজি দহ সহস্রাধিক ৰামভক্তই উলিয়ায় এক বিশাল ৰেলী৷ প্রাণ প্রতিষ্ঠাৰ এই দিনটোত আজি গুৱাহাটীত দেখা গ’ল এক উখল-মাখল পৰিৱেশ৷ মহানগৰীৰ বিভিন্ন ধর্মীয় অনুষ্ঠানত বন্তি প্রজ্বলন আৰু নাম–প্রসংগ, ধর্মীয় শোভাযাত্রাৰে এক ধর্মীয় পৰিৱেশৰ সৃষ্টি হয়৷ বশিষ্ঠ মন্দিৰত প্রাণ প্রতিষ্ঠা উপলক্ষে এক লাখ বন্তি প্রজ্বলন কৰা হয়৷ একেদৰে ফাঁচী বজাৰত আজি সৃষ্টি হয় উখল–মাখল পৰিৱেশ৷ সমগ্র দিনটো ৰাম ভজনেৰে মুখৰিত হৈ থকাৰ পিছত বিয়লি আতচবাজী আৰু ধর্মীয় শোভাযাত্রাই সমগ্র ফাঁচী বজাৰ অঞ্চল মুখৰিত কৰি তোলে৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উপলক্ষে গণেশগুৰিৰ হনুমান মন্দিৰতো বিশেষ ধর্মীয় কার্যসূচী ৰূপায়ণ কৰা হয়৷ প্রাণ প্রতিষ্ঠাৰ পোনপটীয়া সম্প্রচাৰ প্রত্যক্ষ কৰাৰ লগতে ধর্মপ্রাণ ৰাইজে আজি ভজন–কীর্তনতো ভাগ লয়৷ হনুমান মন্দিৰত আজি দীর্ঘ সময় উচ্চাৰিত হৈ থাকে হনুমান চালিচা৷ আনহাতে, সন্ধিয়াৰ ভাগত ৰামলালাৰ ওপৰত প্রদর্শিত হয় নাটক৷ উজানবজাৰস্থিত হনুমান মন্দিৰতো আজি ধর্মীয় শোভাযাত্রা উলিওৱা হয় আৰু ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পোনপটীয়া অনুষ্ঠান প্রদর্শন কৰা হয়৷ মহানগৰীৰ ফটাশিলতো আজি প্রাণ প্রতিষ্ঠা উপলক্ষে কৰ সেৱকক সম্বর্ধনা জ্ঞাপন কৰে আৰু যজ্ঞ সম্পাদন হয়৷

You might also like