নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামনামৰ ধ্বনিৰে মুখৰিত টিপলাইঃ মণিকূটত বিগ্ৰহ স্থাপনেৰে টিপলাই ৰামচন্দ্ৰ বিগ্ৰহ সভা মহোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা,  ১১ মাৰ্চ : ৰামনামৰ ধ্বনিৰে মুখৰিত দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত হোৱা টিপলাই ৰামচন্দ্ৰ বিগ্ৰহ সভা মহোৎসৱৰ আজি সামৰণি পৰে।সহস্ৰাধিক ভক্তৰে উদুলি-মুদুলি হৈ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিশতবৰ্ষীয় টিপলাই ৰামচন্দ্ৰ বিগ্ৰহৰ সভা মহোৎসৱ আৰু নৱনিৰ্মিত দেৱগৃহত বিগ্ৰহ স্থাপনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

৮ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সভা মহোৎসৱৰ কাৰ্য্যসূচী অনুসৰি ৮ মাৰ্চত অনুষ্ঠিত হয় মন্দিৰ গৃহ প্ৰক্ষালন আৰু চাফাই, আইসকলৰ নাম পৰিৱেশন অনুষ্ঠিত হয়।

৯ মাৰ্চত দিপৰু ৰাম নাথ আৰু শুখুনী বালা দেৱীৰ সোঁৱৰণী তোৰণ উন্মোচন কৰে তোৰণ দাতা অশ্বিনী নাথ আৰু অৰ্চনা দেৱীয়ে (কাঁহিকুছি, যোগীপাৰা, গুৱাহাটী)। ধৰ্মধ্বজা উত্তোলন কৰে টিপলাই ৰামচন্দ্ৰ বিগ্ৰহ পৰিচালনা সমিতিৰ সভাপতি হৰকুমাৰ নাথে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথে। নৱ নিৰ্মিত থলী ঘৰৰ দ্বাৰ মুকলি কৰে ৰামচন্দ্ৰ বিগ্ৰহ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰতিকান্ত নাথে। নৱনিৰ্মিত দেৱগৃহৰ দ্বাৰ উন্মোচন কৰে ৰামচন্দ্ৰ বিগ্ৰহ সভা মহোৎসৱৰ মূখ্য পৃষ্ঠপোষক বদন চন্দ্ৰ নাথে। ঐতিহাসিক নায়টাৰা চৌটাৰা বিলৰ পৰা আয়তীসকলৰ দ্বাৰা পানী তুলি আনি ৰাজস্থানৰ পৰা নিৰ্মাণ কৰি অনা ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তিক ধুৱাই শুদ্ধি কৰা হয়। পুৰণি দেৱগৃহৰ পৰা নৱনিৰ্মিত দেৱগৃহলৈ গুৰু আসনৰ সৈতে ভাগৱত স্থাপন কৰা হয়। নৱনিৰ্মিত দেৱগৃহত বিগ্ৰহ স্থাপনৰ সময়ত শঙ্খ, মৃদংগ, তাল-খোল, আয়তীসকলৰ উৰুলি, জয় শ্ৰীৰাম ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে । প্ৰীতি ভোজন, মহাপ্ৰভূ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ টিপলাইৰ ইতিবৃত্ত উন্মোচন কৰে ৰতিকান্ত নাথে। টিপলাই টিলাপাৰাৰ ভূপেন নাথৰ সঞ্চালনাত ভক্তপ্ৰাণ ৰাইজৰ অন্তৰঙ্গ আলাপ, নাম আমন্ত্ৰিত নামদলৰ নাম পৰিৱেশন, দেৱগৃহৰ প্ৰাংগনত ২০০ গছি মংগলদীপ প্ৰজ্বলন আৰু টিপলাই ৰাইজৰ নিজ নিজ পদূলিত বন্তি প্ৰজ্বলন কৰা হয়। আৰম্ভণি কৰে প্ৰতিভা দেৱীয়ে (গুৱাহাটী)। সন্ধিয়া আৰতি, নাম প্ৰসংগ অনুষ্ঠিত হয়। ভাগৱত পাঠ কৰে আনন্দ নাথ, কমলেশ্বৰ নাথ, অশ্বিনী নাথ আৰু উমেশ নাথে।

১০ মাৰ্চত প্ৰভাত বন্দনা (পাঠক আনন্দ নাথ), গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। গছপুলি ৰোপণ কৰে টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ কান্ত নাথে। সন্ধিয়া বন্তি প্ৰজ্বলন, অধিবাস অনুষ্ঠিত হয়।

১১ মাৰ্চত প্ৰভাত বন্দনা, (পাঠক আনন্দ নাথ আৰু ঘনশ্যাম পাঠক), হোম-যজ্ঞ, পূজা – অৰ্চনা, ৰাইজৰ শৰাই নৈৱেদ্য গ্ৰহণ আৰু ৰাইজৰ পুস্পাঞ্জলি প্ৰদান, সম্বর্ধনা অনুষ্ঠান, আমন্ত্ৰিত নামদলৰ নাম পৰিৱেশন (নামদলৰ দাতা-কুলধৰ নাথ আৰু সৰলা দেৱী, টিপলাই, পুৰণপাৰা), আমন্ত্ৰিত লোকৰ অভ্যৰ্থনা, ৰাইজ সেৱা, দক্ষিণ কামৰূপ লোহাৰঘাটৰ ‘যুগান্তৰ’ নাট্যদলৰ যাত্ৰাভিনয় অনুষ্ঠিত হয়।
প্ৰেৰক জ্যোতিষ নাথ

You might also like