নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখাৰীৰ বানত জলমগ্ন ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী-জামুগুৰি

🔹 পথ-পথাৰ একাকাৰ, বুৰ গ’ল বাথৌ মন্দিৰ-বিদ্যালয়
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট :  দিখাৰী নৈৰ বানত জলমগ্ন হৈ পৰিছে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ কেইবাখনো কৃষিজীৱী গাঁও। দিখাৰী নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰি অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁও। কালি নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নৈৰ বাঢ়নী পানী। দিখাৰী নৈৰ বাঢ়নী পানীয়ে উলুৱনী মাজগাঁৱৰ গোবিন বসুমতাৰী, অপূৰ্ব বসুমতাৰী, মুহিৰাম বড়ো, ১ নং জামুগুৰিৰ যোগেশ্বৰ বসুমতাৰী, হিতেশ বড়ো,মাণিক বড়ো, হৰি বসুমতাৰীকে ধৰি জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং,২ নং,৩ নং জামুগুৰি, ১ নং,২ নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা,১ নং,২ নং,৩ নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী, পাখ্ৰীগুৰী আদি পোন্ধৰখনৰো অধিক কৃষিজীৱী গাঁও বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উলুৱনী মাজগাঁৱৰ গোবিন বসুমতাৰী, অপূৰ্ব বসুমতাৰী, মুহিৰাম বড়ো, ১ নং জামুগুৰিৰ যোগেশ্বৰ বসুমতাৰী, হিতেশ বড়ো,মাণিক বড়ো, হৰি বসুমতাৰীকে ধৰি পোন্ধৰশৰো অধিক কৃষিজীৱী পৰিয়ালৰ ঘৰবাৰী, ভেটি, গোহালি, ভঁৰাল আদি বুৰাই পেলোৱাৰ লগতে শস্য-পথাৰসমূহো জলমগ্ন কৰি পেলায়। দিখাৰী নৈৰ বানত নামনি উলুৱনী বড়ো প্ৰাথমিক বিদ্যালয়, লংকা বড়ো প্ৰাথমিক বিদ্যালয়, বিঞ্চুপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, উলুৱনী মাজগাঁও বড়ো প্ৰাথমিক বিদ্যালয়, ১নং উলুৱনী বড়ো এম ই স্কুল জলমগ্ন হৈ আছে। তদুপৰি বানপীড়িত অঞ্চলটোৰ আটাইবোৰ বড়ো গাঁৱৰ বাথৌ মন্দিৰ, ধৰ্মীয় অনুষ্ঠানসমূহ বানত বুৰ গৈছে। আনহাতে দিখাৰী আৰু পঃতে নলাৰ বানে বুৰাই পেলাইছে তেলাম গাওঁ পঞ্চায়তৰ অৰুণ চাপৰি গাওঁখন। অঞ্চলটোৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঃতে নলাৰ পৰা মধুপুৰ হৈ ছিয়াৰী সংযোগী পথছোৱা বানত বুৰ গৈছে। বানত জলমগ্ন হৈ পৰা পথটোৰে সমগ্ৰ মধুপুৰ, অৰুণ চাপৰি, ছিয়াৰী আদি বানাক্ৰান্ত বহু গাঁৱৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে। জামুগুৰি, উলুৱনী, অৰুণ চাপৰি আদি অঞ্চলৰ গাঁওসমূহৰ  বাট-পথবিলাক দিখাৰী নদীৰ বানে বুৰাই পেলোৱাৰ লগতে কৃষিজীৱী গাঁওসমূহৰ বিঘাই বিঘাই শস্যপথাৰ বুৰ যোৱাৰ ফলত গঞা ৰাইজ বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। জলমগ্ন হৈ পৰা গাঁওসমূহৰ পথ, শস্য পথাৰসমূহ জলমগ্ন হৈ পৰাৰ ফলত পশুধনৰ মাজত খাদ্য সংকটে দেখা দিছে। ইপিনে, ঘগৰা, চিলাসূঁতি আৰু ডিমৌ নদীৰ বাঢ়নী পানীয়ে  ধেমাজি জিলাৰ চিলাসূঁতি আৰু মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ কুৰিখনৰো অধিক কৃষিজীৱী গাঁৱৰ শস্যপথাৰ বুৰাই পেলাইছে। নদীকেইখনৰ বানত চিলাসূঁতি গাওঁ পঞ্চায়তৰ চিলাবালিগাঁও, উত্তৰ চিলাবালি গাওঁ, পূব চিলাবালি গাওঁ, গৌৰাংগপুৰ, আৰু মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ বোকাবিল, ৰায়বস্তি, কাকবাৰী, ৰাসতোলা, মহাৰাণীপুৰ, কদমতলা আদি জনবসতিপূৰ্ণ কৃষিজীৱী গাঁৱৰ শস্য পথাৰ, পথ আদি বুৰ গৈছে। ইপিনে, চেৰেণ নদীৰ বাঢ়নী পানীয়ে চিমেন চাপৰি মাছখোৱা গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰভেটি বুৰাই পেলাইছে। গাঁওখনৰ বাবুল দত্ত, বিজয় ৰাভা, নৰনাথ বড়া, চেনীৰাম বড়া, ৰচেন গয়াৰী, লেচান বৰগোহাঞি, ৰূপালী বৰগোঁহাইকে ধৰি ষোল্লটা কৃষিজীৱী পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে।
প্ৰেৰক কৰবী দলে
You might also like