চাৰিশ বছৰীয়া বৰ্ণিল পৰম্পৰাৰে আজিৰ পৰা আৰম্ভ ৰামদিয়া ভঠেলি মেলা উৎসৱ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ- ৰামদিয়াৰ ভঠেলি মেলাই সততে মানুহৰ মনলৈ শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে।এই ভঠেলি মেলা ৰামদিয়াতে আৱদ্ধ নাথাকি অসমৰ বাহিৰতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হব লাগে।কাৰণ এনে ধৰ্মীয়, সংস্কৃতি তথা সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰাটোৱেই ৰামদিয়া বাসীয়ে সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াৰ। সত্ৰ সংস্কৃতিৰ ছো’ঘৰ হিচাপে পৰিচিত ৰামদিয়াৰ পৰম্পৰাগত উৎসৱ ভঠেলি মেলাৰ উদ্বোধন কৰি এনেদৰে কয় সাহিত্যিক ড৹কুলধৰ শইকীয়াই। আজি বিয়লি পাচ বজাত ধূলাৰ সত্ৰৰ বিগ্ৰহ ভঠেলি মেলা থলীলৈ আদৰি অনাৰ পাছত অনুষ্ঠিত সভাত তেও ভাষণ প্ৰসংগত পুনৰ কয়, যিটো সময়ত জাতি- ধৰ্ম-বৰ্ণ, ভাষাকলৈ এক অপ্ৰত্যাশিত পৰিবেশৰ সৃষ্টি হৈছে, তেনে সময়তে ৰামদিয়াৰ ভঠেলি মেলা সমন্বয় আৰু সম্প্ৰীতিৰ এক জলন্ত নিদৰ্শন হিচাপে চিহ্নিত হৈ ঠিয়দি আছে আৰু এনে ধৰণৰ অনুস্থানৰ বৰ্তমান সময়ত অতি প্ৰয়োজন হৈ পৰিছে।তেও এই ৰামদিয়াৰ ভঠেলি মেলা অনাগত দিনত নৱ প্ৰজন্মৰ মাজত সদায় প্ৰচাৰিত হৈ থাকে তাৰ কামনা কৰে। ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুস্থিত তথা অনুষ্ঠানটোৰ কাৰ্যকৰী সভাপতি অতুল চন্দ্ৰ কাকতিয়ে আঁত ধৰা এই শুভ উদ্বোধনী অনুস্থানত বিশিষ্ট চিকিৎসক ডাঃবেদব্ৰত পাঠকে ৰামদিয়াৰ ভঠেলি মেলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে।এই অনুস্থানতে এমন্টনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই মুখ্য অতিথিৰ ভাষনত শৈশৱৰ স্মৃতি ৰোমণ্ঠন কৰি কয়, ৰামদিয়াৰ ভঠেলি মেলাই গ্ৰাম্য অঞ্চলত ব্যৱসায়- বানিজ্যৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰি আহিছে। মহাপুৰুষ মাধৱ দেৱক বিদায় দিয়া মূহুৰ্তৰ পৰাই যদিও ভঠেলি মেলা পৰম্পৰাগত ভাৱে ৰামদিয়াত অনুস্থিত হৈ আহিছে যদিও এই ভঠেলি উৎসৱ কিন্তু এক কৃষি ভিত্তিক উৎসৱ। এই ভঠেলি উৎসৱে গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।অনুষ্ঠানত ড৹ কুলধৰ শইকীয়াৰ পুত্ৰ তথা প্ৰশাসনীয় বিষয়া এ শইকীয়াই ৰামদিয়াৰ ভঠেলি মেলা দেখি অভিভূত হৈ পৰে।অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই পুথিভঁৰালৰ সভাপতি বলোৰাম কলিতাই।
প্ৰেৰক শ্বাহজাহান ইছলাম