নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পৌৰ নিগমৰ নির্বাচনঃ কামৰূপ মহানগৰ জিলা প্রশাসনৰ ড্রাই ডে’ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ গুৱাহাটী পৌৰ নিগমৰ ২২ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ পৰিপ্রেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে ২০ এপ্রিলৰ আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্রিলৰ আবেলি ৪.৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে ড্রাই ডে’ ঘোষণা কৰিছে৷ লগতে ২৪ এপ্রিলৰ ভোট গণনাৰ দিনটোতো গণনা কার্য সম্পূর্ণ নোহোৱা পর্যন্ত ঘোষণা কৰা হৈছে ড্রাই ডে’৷ তদুপৰি কিবা কাৰণে পুনৰ ভোট গ্রহণ কৰিবলগীয়া হ’লে পুনৰ গ্রহণৰ দিনোটোতো বাহাল থাকিব ড্রাই ডে’৷ ড্রাই ডে’ৰ সময়ছোৱাত পৌৰ নিগম এলেকাত থকা সকলোধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্রীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পণ্যাগাৰ, আইএমএফএল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ নির্দেশ জাৰি কৰা হৈছে৷ তেনেদৰে বাৰ, দোকান, হোটেল, ৰেষুটৰেণ্ট তথা ৰাজহুৱা স্থানত যিকোনো প্রকাৰৰ মাদক দ্রব্য অথবা নিচাজাতীয় দ্রব্যৰ সেৱন আৰু ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছে ড্রাই ডে’ৰ সময়ছোৱাত৷ কোনো লোকে এই নিয়ম ভংগ কৰিলে অসম আবকাৰী আইনৰ ১৩৫ (গ) ধাৰাৰ নির্বাচনী আচৰণবিধি ভংগৰ অপৰাধত বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি এক নির্দেশনাযোগে জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই৷

You might also like