নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপমীয়াৰ ব্যৱসায়ী ৰমেন দাসৰ আদৰণীয় পদক্ষেপঃ বিহু আয়োজনেৰে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ৪ মেঃ তিতাবৰ মহকুমাৰ টিপমীয়া শান্তিপুৰ গাঁৱৰ খেলপথাৰত প্ৰয়াত অমৃত দাসৰ সোঁৱৰণত দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। গাঁওখনৰ উদ্যমী যুৱক তথা ব্যৱসায়ী ৰমেন দাসে পিতৃৰ সোঁৱৰণত অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ উদ্বোধন কৰে শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন দাসে। অনুষ্ঠানত ৰমেন দাসে মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুসকল, ধৰ্মগুৰু, নামঘৰীয়া আৰু সমাজৰ বিভিন্ন স্তৰৰ কেইবাগৰাকী সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি বিহুৰ জলপানেৰে আপ্যায়ন কৰে। প্ৰতিটো অনুষ্ঠানত ৰমেন দাসৰ পুত্ৰ-কন্যায়ো সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। ব্যৱসায়ী ৰমেন দাসৰ এই প্ৰচেষ্টাই অঞ্চলটোৰ নতুন প্রজন্মক এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে বুলি উপস্থিত ৰাইজে শলাগ লৈছে।

প্ৰেৰক অজয় শইকীয়া

You might also like