ধুবুৰীৰ গুটিপাৰা পথৰ দুখন বাঁহৰ দলঙে মাতিছে বিপদঃ ৰাইজৰ সমস্যাৰ প্ৰতি উদাসীন জনপ্ৰতিনিধি
নিয়মীয়া বাৰ্তা, ৪ মেঃ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত বগৰীবাৰীৰ মহামায়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গুটিপাৰালৈ যোৱা একমাত্ৰ ৰাস্তাটোত দুখনকৈ থকা বাঁহৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হোৱাত ৰাইজৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে ৬-৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাটোত বছৰৰ ছ মাহ কাল বাৰিষাৰ সময়ত যাতায়াত কৰোতে টিপকাই , সোণকোষত দু খন কৈ নৈ অতি বিপজ্জনকভাৱে টুলুঙা নাৱৰে পাৰাপাৰ হব লাগে। বাৰিষাৰ কাল যোৱাৰ পিছত উক্ত দুখনকৈ নৈৰ স্থানত বৰ্তমানত থকা বাঁহৰ সাঁকোৰে যাতায়াত কৰোতে প্ৰতি জনে ৩০ ৰ পৰা ৪০ টকাকৈ দিব লাগে । কোনো এজন জনপ্ৰতিনিধিয়ে এ্লেকাটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বিপৰীতে চৰকাৰে লাখ লাখ টকাৰ নিবিদা গ্ৰহণ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে।ছাএ – ছাত্ৰী প্ৰসূতি ৰোগী সংকট জনক ৰোগী আদিৰ লগতে দৈনিক প্ৰায় শ শ লোকৰ যাতায়তৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথছোৱাত থকা দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলঙে বাৰুকৈয়ে জলাকলা খুৱাইছৈ গঞাবাসীক। গুটিপাৰা গাধুৰ হাট বয়জেৰ আলগা আণ্ডামাৰী আদি কে ধৰি প্ৰায় কুৰি খন গাঁৱৰ প্ৰায় বিশ হাজাৰ লোকৰ বিপদৰ প্ৰতি উদাসীন স্হানীয় বিধায়ক গৰাকী। একে লেথাৰিয়ে সুদীৰ্ঘ ১৫ বছৰ কাল অতিক্ৰম ধৰি ৰাজত্ব কৰি থকা স্হানীয় বিধায়ক হাফিজ বছিৰ উদ্দিন কাছিমীয়ে সমষ্টি উন্নয়নৰ প্ৰতি পিঠি দি নিজত্ব ভোক বিলাসত ব্যস্ত থকাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। ৰাইজে আৰু অভিযোগ কৰে যে কেৱল যাতায়াতেই নহয় সমষ্টিটোত সোনকোষ আৰু টিপকাই নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি ইতিমধ্যে শ শ লোকৰ ঘৰ বাৰী নৈৰ খহনীয়াত জাহ গৈছে। তদুপৰি অঞ্চলটোত শিক্ষা স্বাস্থ্য খোৱা পানী বিদ্যুত আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। অঞ্চলবাসীয়ে স্থানীয় বিধায়ক তথা কতৃপক্ষক সমস্যা সমুহ সমাধান কৰিবলৈ দাবী জনাইছে।
প্রেৰক মতিয়ৰ ৰহমান