🔹 কংগ্ৰেছ ত্যাগ কৰি দুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে
বিশেষ বাৰ্তা, ২ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত খহনীয়া অব্যাহত থকাৰ সময়তে দলটোৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। জ্যেষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি দুদিন পূৰ্বে বিজেপিত যোগদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে যোগদানৰ পিছতেই বিজেপিৰ গুৰু দায়িত্বত অধিষ্ঠিত হৈছে ৰাণা গোস্বামী। ৰাণা গোস্বামীক বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি হিচাপে নিযুক্তি দিয়ে দলটোৰ শীৰ্ষ নেতৃত্বই। দুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাণা গোস্বামীক বিজেপিৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্ব প্ৰদান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।