নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মে লৈকে বন্ধ থাকিব দেশৰ ঐতিহাসিক কীৰ্তিচিহ্নঃ ৰংঘৰ তলাতল কাৰেংঘৰ শিৱদল হয়গ্ৰীৱ মাধৱ দেৱালয় বন্ধ

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ ঘাতক ক’ভিড-১৯সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ অধীনৰ সকলাে ঐতিহাসিক কীৰ্তিচিহ্ন ১৫ মে লৈকে বন্ধ ঘােষণা কৰিছে। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লােৱাৰ বাবে কালি ভাৰতীয় পুৰাতত্ত্ব বিভাগে ঐতিহাসিক তাজমহল, কুতুবমিনাৰ, লালকিল্লাকে ধৰি দেশৰ প্রান্তে প্রান্তে থকা সকলাে কীৰ্তিচিহ্ন দর্শনার্থী-পর্যটকৰ বাবে বন্ধ কৰিলে। পুৰাতত্ত্ব বিভাগে ঘােষণা কৰা ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে সংগ্ৰহালয়, ঐতিহাসিক মন্দিৰকে ধৰি দেশজুৰি থকা ৩,৬৯৩ কীৰ্তিচিহ্ন আৰু ৫০ সংগ্রহালয় বন্ধ থাকিব। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰাে ৫৫ ঐতিহাসিক কীৰ্তিচিহ্ন ১৫ মে’লৈ বন্ধ থাকিব। উল্লেখ্য যে পুৰাতত্ত্ব বিভাগে ঘােষণা কৰা বন্ধৰ তালিকাত অসমৰ ৫৫ কীৰ্তিচিহ্নৰ ভিতৰত শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদ’ল, কামৰূপ জিলাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি কেইবাটাও কীৰ্তিচিহ্ন আছে। তালিকাত কাছাৰ জিলাৰ এটা, অবিভক্ত শােণিতপুৰ জিলাৰ বিশ্বনাথস্থিত বৰদলৈ মন্দিৰ, লেফটেনেন্ট লিউছৰ সমাধি, লেফটেনেন্ট থমাছ কেনেড়িৰ সমাধি, বিশ্বনাথ শিৱলিংগ, শুক্লেশ্বৰ, ধান্দি মন্দিৰ, বামুণী পাহাৰৰ শিলাখণ্ড, পৰ্বতীয়া শিলমন্দিৰ, গােৱালপাৰা জিলাৰ সূর্য পাহাৰৰ শিলাখণ্ড, বঙাইগাঁৱৰ প্রাচীন সমাধি, কামৰূপ মহানগৰ কামাখ্যা পাহাৰৰ শিৱলিংগ, চাৰিহতীয়া ভৈৰৱী, নৰকাসুৰৰ প্রতিমূর্তি, দুহতীয়া ভৈৰৱী আদি, চৰাইদেউৰ চাৰি মৈদাম, গােলাঘাটৰ নেঘেৰিটিঙৰ শিৱদল আদি আছে।

তাৎপর্যপূর্ণ যে বিগত বৰ্ষত কৰােনা মহামাৰীয়ে সংহাৰী ৰূপ লােৱাৰ পাছতে ১৭ মার্চৰ পৰাই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পুৰাতত্ত্ব বিভাগে বন্ধ কৰিছিল যদিও জুলাই মাহৰ পৰা ক’ভিড-১৯ প্রকলৰ মাজত ঐতিহাসিক কীৰ্তিচিহ্নসমূহ পুনৰ খােলা হৈছিল। এনেদৰে চলি থকাৰ মাজতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা পুনৰ ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰে। ঘাতক ভাইৰাছটোৰ সংহাৰ দ্রুতগতিত বৃদ্ধি পােৱাৰ পাছত পুনৰ আজিৰে পৰা কার্যকৰী হােৱাকৈ দেশৰ সকলাে ঐতিহাসিক কীৰ্তিচিহ্ন অহা ১৫ মে’লৈকে বন্ধ কৰিলে পুৰাতত্ত্ব বিভাগে।

 বন্ধ হৈ পৰিল শিৱসাগৰৰ ঐতিহাসিক শিৱদল তলা, ওলমিলে ৰংঘৰৰ দুৱাৰত

মহামাৰী কৰােনাৰ ত্ৰাসত দ্বিতীয়বাৰৰ বাবে স্তব্ধ কৰি তুলিলে শিৱসাগৰৰ বহুকেইটা প্রাচীন ঐতিহাসিক কীৰ্তিচিহ্ন। যাৰ বাবে পুনৰ তলা ওলমিলে শিৱসাগৰৰ শিৱদ’লত। লগতে বন্ধ হৈ পৰিল অসমৰ পৰিচয় শিৱসাগৰৰ ৰংঘৰৰ দ্বাৰ। দর্শনার্থীৰ বাবে বন্ধ হৈ গ’ল ঐতিহাসিক তলাতল ঘৰ, কাৰেং ঘৰ, চৰাইদেউ মৈদাম আদি। পুৰাতত্ত্ব বিভাগৰ সঞ্চালকে আজিৰ পৰা তক্কালে বলৱৎ হােৱাকৈ বিভাগে জাৰি কৰা এক নির্দেশত অহা ১৫ মে পর্যন্ত কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত থকা সকলাে প্রাচীন কীৰ্তিচিহ্ন বন্ধ। ৰখাৰ আদেশ জাৰি কৰিছে।

আনহাতে, আদেশ লাভ কৰাৰ পাছত আজি গােসাঁই বিহুৰ দিনা পুৱাৰে পৰা ভক্তসকলে শিৱসাগৰৰ শিৱদ’লত সেৱা জনাবলৈ আহি বিমােৰত পৰে। দল কর্তৃপক্ষই শিৱদ’লৰ প্ৰৱেশদ্বাৰত তলা লগাই সকলাে লােকৰ প্ৰৱেশ নিষেধ কৰাত হাতে হাতে শৰাই লৈ বাবাৰ চৰণত সেৱা ল’বলৈ অহা সকলাে নিৰাশ মনেৰে উভতি যাব লগা হয়। সেইদৰে ৰংঘৰ, তলাতল ঘৰ আদি প্রাচীন কীৰ্তিচিহ্নত বিহুৰ বন্ধত পর্যটকসকলে দর্শনৰ বাবে ভিৰ কৰে যদিও বিমুখ হৈ উভতি যাব লগাত পৰে। কেন্দ্রীয় চৰকাৰৰ অধীনস্থ এটা বিভাগৰ এনে আদেশে ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে। উল্লেখ্য যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতাে কৰােনাৰ সংক্রমণ প্রতিৰােধৰ বাবে কেন্দ্রীয় চৰকাৰে শিৱসাগৰৰ শিৱদ’ল, তলাতল ঘৰ, ৰংঘৰ তলাবন্ধ কৰাৰ ফলত প্রায় সাতটা মাহ বন্ধ হৈ আছিল।

হাজোৰ পঞ্চতীর্থ দেৱালয়ৰ দ্বাৰ ১৫ মেলৈ দর্শনার্থীৰ বাবে বন্ধ নিয়মীয়া বার্তা, হাজো ও ভয়াৱহ কৰােনা মহামাৰীৰ সংক্রমণ প্রতিৰােধ কৰাৰ লক্ষ্যৰে তীর্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি পঞ্চতীর্থৰ দ্বাৰ দর্শনার্থীৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে পঞ্চতীর্থ পৰিচালনা সমিতিয়ে। কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৰ পাছতেই আজি পঞ্চতীর্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শর্মাই এক প্ৰেছ ব্ৰিতিযােগে জনােৱা মতে, ভাৰত চৰকাৰে জাৰি কৰা এফ নং টি ৯০৩৮/৩৬/২০২০/এম নির্দেশমর্মে আজি সন্ধিয়া প্রায় চাৰে সাত বজাত আৰতি সমাপন কৰাৰে পৰা অহা ১৫ মে’লৈ পঞ্চতীর্থ ক্রমে হয়গ্ৰীৱ মাধৱ দেৱালয়, কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰৰ দ্বাৰ দর্শনার্থীৰ বাবে বন্ধ থাকিব।

You might also like