নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাকুৱা উপলক্ষে ধুবুৰীত ‘ৰং উৎসৱ –২০২২’

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা। সেই উপলক্ষে কাইলৈ ধুবুৰীৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ৭৫ সংখ্যক স্বৰাজ উদযাপন সমিতিৰ উদ্যোগত বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰেৰে আয়োজন কৰা হৈছে ‘ৰং উৎসৱ –২০২২’’। কাৰ্যসূচী অনুসৰি কাইলৈ দিনৰ ১০.৩০ বজাত ধুবুৰী বিভাগ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভাগ কাৰ্যবাহ শতদল কুণ্ডুৰ বন্তি প্ৰজ্বলনেৰে এই ৰং উৎসৱৰ শুভাৰম্ভ ঘটিব। ইয়াৰ পিছত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই। আনহাতে এই ৰং উসৱৰ মুকলি সভাৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ–সংযোজক প্ৰদীপণে। কালি ফাকুৱা উপলক্ষে আয়োজিত হ’বলগীয়া এই বিশেষ কাৰ্যসূচীত সন্মানীয় অতিথিৰূপে অসম চলচিত্ৰ বিত্ত নিগমৰ উপাধ্যক্ষ ডা৹ আলেখ্য বৰুৱাও উপস্থিত থাকিব বুলি উদ্যোক্তা গোষ্ঠীৰ তৰফৰ পৰা জনোৱা হৈছে। ইয়াৰ উপৰি ধুবুৰীৰ বিশিষ্ট সাংস্কৃতিক আৰু সামাজিক গোষ্ঠী ‘নৃত্যঙ্গনা’’ৰ উদ্যোগতো কাইলৈ চহৰখনৰ ৰাজীৱ গান্ধী উদ্যানত দিনৰ ১০ বজাৰ পৰা ফাকুৱা উপলক্ষে ‘‘বসন্ত উৎসৱ –২০২২’’ৰ আয়োজন কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like