নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবিদ্যুৎ প্রকল্পৰ কুফল ভুগিছে ৰঙানদীপৰীয়াইঃ জীৱন্ত নদীৰ অপমৃত্যু বাৰিষাতো মৰুময় ৰঙানদীৰ বক্ষ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  নদী সভ্যতাক কেন্দ্র কৰি জীৱন পৰিক্রমা গঢ় লৈ উঠাৰ লগতে নদীভিত্তিক নিজস্ব কলা–সংস্কৃতি, সভ্যতাৰে জীৱন নির্বাহৰ বুনিয়াদ গঢ়ি তোলা অসমৰ এটা বৃহৎ জনগোষ্ঠী বর্তমানে আধুনিকতাৰ হাতোৰাত বন্দী হৈ নিঃশেষ হ’বলৈ ধৰিছে৷ আদিম যুগৰে পৰা নদীৰ পলসুৱা মাটি, জীৱন নির্বাহৰ বাবে অতিকৈ প্রয়োজনীয় নদীৰ পানী, প্রয়োজনত সহজতে উপলব্ধ খৰি, ঘৰ বনাবৰ বাবে নদী–কাষৰীয়া খেৰ, খাগৰি, নল, পোহনীয়া জীৱ–জন্তুৰ বাবে খাদ্য, মাছ–কাছ আদি সকলো নদীৰ পৰা সহজে আহৰণ কৰি জীৱন প্রণালী গঢ় দিয়া উজনি অসমৰ মিচিং জনগোষ্ঠীয় লোকসকলে নদীক কেন্দ্র কৰিয়েই বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা নদীৰ কাষত বসবাস কৰি আহিছে৷ উত্তৰ অসমৰ লখিমপুৰ জিলাৰ সোৱণশিৰি আৰু ৰঙানদীক কেন্দ্র কৰি বসবাস কৰা মিচিং জনগোষ্ঠীটো সম্প্রতি বিপর্যয়ৰ সন্মুখীন হ’ব লগা হৈছে৷ নদীকেইখনক কেন্দ্র কৰি গঢ় লৈ উঠা সভ্যতা, সংস্কৃতি, ব্যৱসায়–বাণিজ্যলৈও অশনি সংকেত কঢ়িয়াই আনিলে এখন জীৱন্ত নদীৰ অপমৃত্যুত৷ আধুনিক সভ্যতা গঢ় দিয়াৰ নামত প্রতিখন চিৰপ্রৱহমান নদীৰ উৎপত্তিস্থলত কৃত্রিম বান্ধ নির্মাণ কৰি স্বাভাৱিক গতিক বাধা প্রদান কৰাৰ লগতে নদীৰ প্রৱাহিত পানী কৃত্রিম বান্ধত আবদ্ধ কৰি ৰখাত নদীৰ বক্ষ মৰুময় হৈ পৰাত নদী–কাষৰীয়া ৰাইজৰ জীৱনলৈ অশনি সংকেত নমাই আনিছে৷

আনহাতে লখিমপুৰ জিলাৰ মাজেৰে প্রৱাহিত ৰঙানদীৰ উৎপত্তিস্থলত বহুজাতিক কোম্পানী নীপকোৱে নির্মাণ কৰা ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্রকল্পৰ কুফল বর্তমান ৰঙানদীপৰীয়া ৰাইজে ভোগ কৰি আহিছে৷ ৰঙানদীপৰীয়া তেলাহী আৰু নাওবৈচাৰ শতাধিক গাঁৱৰ ৰাইজে আশা কৰিছিল ৰঙানদী জলবিদ্যুৎ প্রকল্প হ’লে ৰঙানদীপৰীয়া ৰাইজে বাৰিষাৰ সংহাৰী বানৰ পৰা পৰিত্রাণ পাব৷ জলবিদ্যুৎ প্রকল্পৰ পৰা উৎপাদিত বিদ্যুতে লখিমপুৰ আলোকিত কৰিব, উন্নত হ’ব জীৱন নির্বাহৰ মান৷ পিছে নদীপৰীয়া ৰাইজৰ আশা বাস্তৱত পৰিণত হোৱাটো দূৰৈৰে কথা, বর্তমান বাৰিষাৰ বান্ধৰ অতিৰিক্ত পানী খুলি দিলেই নিমিষতে ৰঙানদীয়ে জলপ্রলয়ৰ সূচনা কৰি দুয়োপাৰৰ ৰাইজৰ জীৱন, সম্পত্তি, আন্তঃগাঁথনিৰ লগতে কৃষি অর্থনীতি ধাৰাবাহিকভাৱে বিধ্বস্ত কৰি আহিছে৷ অসমৰ সীমান্তৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ য়াজুলিত নির্মাণ কৰা ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পৰা অৰুণাচল প্রদেশে বিনামূলীয়া বিদ্যুৎ, নিবনুৱাই সংস্থাপন লাভ কৰাৰ বিপৰীতে অসমৰ ৰঙানদীপৰীয়া জনগণে কেৱল দুর্যোগ, বিপর্যয়ৰ লগত সহবাস কৰিব লগা হৈছে৷

জলবিদ্যুৎ প্রকল্প নির্মাণ, আনফালে বনাঞ্চল ধ্বংসৰ কৰুণ পৰিণতিত নদীখন বাৰিষাও মৰুময় হৈ পৰে৷ আধুনিক মানৱ জাতিৰ পৰিকল্পনাহীন, ধ্বংসাত্মক কর্মকাণ্ডই এখন জীৱন্ত নদীক ঠেলি দিছে অপমৃত্যুৰ দিশে৷ ওপজা দিনৰে পৰা যিখন নদীৰ বুকুত সাঁতুৰি–নাদুৰি, নদীৰ নির্মল বায়ু সেৱন কৰি, নদীৰ বুকুত নানানটা বেপাৰ–বাণিজ্য কৰি জীৱন–যৌৱন পাৰ কৰি অহা সেইখন নদীৰ অপমৃত্যুত ৰঙানদীপৰীয়া মিচিং জনগোষ্ঠীটোৰ লগতে অন্যান্য জাতি–জনগোষ্ঠীয়ে নীৰৱে চকুলো টুকিছে৷

You might also like