ৰঙাপৰাত একেদিনাই ৭খন আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভ শিক্ষামন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ‘অসমবাসীৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হৈ ৰ’ব৷ কংগ্রেছে কোনোদিনে কৰিব নোৱাৰা কাম এটা আজি বর্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৰি দেখুৱালে৷ অসমৰ শিক্ষা জগতৰ ইতিহাসত এটা দিনত ইমানসংখ্যক হাইস্কুলৰ নির্মাণকার্য একেলগে শুভাৰম্ভ কৰাৰ কোনো নজিৰ নাছিল৷’ –এই মন্তব্য শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি শংখধ্বনি, আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্র উচ্চাৰণৰ মাজত শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তর্গত তেজপুৰ–ঘগৰা, ৰূপাজুলি, ফুলবাৰী, নাহৰণি, সোণাজুলি, ঠাকুৰবাৰী আৰু নিউ আদাবাৰী চাহ বাগিচাত স্থাপন হ’বলগীয়া সাতখনকৈ আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ড০ শর্মাই৷ দেওবাৰে বিয়লি ২ বজাত শিক্ষামন্ত্রী ড০ শর্মাই তেজপুৰ–ঘগৰা আৰু ৰূপাজুলি চাহ বাগিচাৰ আদর্শ হাইস্কুলৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰাৰ পাছত তেজপুৰ–ঘগৰা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰে৷ নিজ ভাষণত তেওঁ কয় যে আজিৰ দিনটো ৰাইজৰ বাবে অতি পৱিত্র আৰু স্মৰণীয় হৈ ৰ’ব৷ সাত সাগৰ তেৰ নদীৰ সিপাৰে অসমত উৎপাদিত চাহপাতে সমাদৰ লাভ কৰি আহিছে৷ চাহ শিল্পৰ বাবে সমগ্র বিশ্বতে জাকত জিলিকা হৈ আছে অসমৰ নামটো৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চাহ জনগোষ্ঠীৰ লোকসকল খিলঞ্জীয়া নহয় বুলি কৰা মন্তব্যত প্রতিক্রিয়া ব্যক্ত কৰে মন্ত্রী ড০ শর্মাই৷ এই প্রসংগত তেওঁ কয় যে যাৰ কাৰণে অসমৰ নাম বিখ্যাত হৈছে, যাৰ কপালৰ ঘামৰ ফলত চাহপাতে বিশ্বৰ বজাৰ দখল কৰিছে, সেই ভাতৃ–ভগ্ণীসকল যদি অসমীয়া নহয়, তেন্তে অসমীয়া কোন? চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে আজি চাহ বাগিচাৰ ভূমি সংৰক্ষিত হৈ আছে বুলিও তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ শিক্ষামন্ত্রী ড০ শর্মাই পুনৰ কয় যে চাহ জনগোষ্ঠীৰ লোকসকলে তাহানিৰে পৰাই অক্লান্ত পৰিশ্রম কৰাৰ পাছতো চাহ বাগিচা অঞ্চলত বিগত ৭০ বছৰে শিক্ষাৰ বিকাশ হোৱা নাছিল৷ চাহ বাগিচাৰ সন্তানসকলে চিকিৎসক বা অভিযন্তা হোৱাৰ পূর্বে হাইস্কুল–উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ কংগ্রেছৰ দীর্ঘদিনীয়া শাসন আৰু চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰক সমালোচনাৰ লক্ষ্য কৰি লৈ তেওঁ কয় যে ঘাটোৱাৰৰ দৰে কংগ্রেছী ৰাজনীতিকে চাহ বাগিচা অঞ্চলত শিক্ষানুষ্ঠান গঢ়ি তোলাৰ অনুভৱ নকৰাটো অতি দুর্ভাগ্যজনক৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰ অতিক্রম কৰাৰ পাছতহে আজি বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলত হাইস্কুল নির্মাণৰ পদক্ষেপ গ্রহণ কৰিলে৷ আজি নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰা আদর্শ হাইস্কুলসমূহত অহা মে’ মাহৰ পৰা পাঠদান আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে৷ লগতে শিক্ষামন্ত্রী ড০ শর্মাই কয় যে চাহ বাগিচাৰ ছাত্র–ছাত্রীসকলে একাদশ আৰু দ্বাদশ শ্রেণীত অধ্যয়নৰ বাবে যাতে আন ঠাইলৈ ঢ়াপলি মেলিব নালাগে, তাৰ বাবে এই আদর্শ হাইস্কুলসমূহ ২০২২ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ চাহ বাগিচাৰ গাতে লাগি থকা প্রতিখন মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ ছাত্র–ছাত্রীসকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ ৰাজ্যখনৰ চাহ বাগিচা এলেকাৰ ১ লাখ গর্ভৱতী মহিলাই ১২ হাজাৰকৈ ধন লাভ কৰাৰ উপৰি ৭ লাখ চাহ শ্রমিকৰ একাউণ্টত ৫ হাজাৰকৈ টকা প্রদান কৰাৰ কথা উল্লেখ কৰি তেওঁ বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনিৰো প্রসংগ টানি আনে৷ চাহ বাগিচাৰ জনসাধাৰণে যাতে দীর্ঘজীৱন যাপন কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রেই চাহৰ সৈতে নিমখৰ সলনি চেনি খোৱাৰ পৰিৱেশ গঢ়ি তুলিব বুলি ঠাকুৰবাৰী চাহ বাগিচাত আদর্শ হাইস্কুল নির্মাণৰ শুভাৰম্ভ কৰা সময়ত তেওঁ মন্তব্য কৰে৷ প্রখৰ ৰ’দৰ মাজতো সভাত উপস্থিত থকা ৰাইজক উদ্দেশ্যি তেওঁ কয় যে বিশ্বৰ দৰবাৰত অসমীয়াৰ বিহু প্রতিষ্ঠা হ’লে অন্যান্য জাতি–জনগোষ্ঠীৰ ৰাইজে আনন্দ লাভ কৰিব লাগিব৷ সেইদৰে বিশ্বৰ দৰবাৰত বাগৰুম্বা, ঝুমুৰ, মিচিং, তিৱা আদি নৃত্যই প্রতিষ্ঠা লাভ কৰিলেও অসমীয়াসকলে আদৰণি জনাব লাগিব৷ শিক্ষা, সংস্কৃতি, বিজ্ঞানৰ মাজেৰে আগুৱাই যাব লাগিব ৰাইজ৷ অসমৰ চাহ বাগিচাৰ পিছপৰা অঞ্চললৈ আহি আজি নির্মাণকার্য শুভাৰম্ভ কৰা শিক্ষানুষ্ঠানসমূহে এক যুগান্তকাৰী বিপ্লৱ আনিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, গহপুৰৰ বিধায়ক উৎপল বৰা, এমট্রনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিং, জিলা পৰিষদৰ সভানেত্রী ডলী ছুৰি আদি উপস্থিত থকা ৰাজহুৱা সভাখনত আদৰণী ভাষণ প্রদান কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে৷ ৰাজহুৱা সভাৰ পূর্বে নির্মাণকার্যৰ শুভাৰম্ভথলীলৈ শিক্ষামন্ত্রী ড০ শর্মা আৰু সাংসদ দাসক গায়ন–বায়ন, চাওৰা–ঝুমুৰ নৃত্য–গীতেৰে আদৰি লৈ যোৱা হয়৷
‘এটা জাতিৰ মেৰুদণ্ড পোন হৈ থাকিবলৈ হ’লে প্রতিজন লোকেই শিক্ষিত হ’ব লাগিব’
বিশ্বনাথ জিলাৰ সাঁকোমঠা আৰু প্রতাপগড় চাহ বাগিচাতো দুখনকৈ আদর্শ হাইস্কুলৰ নির্মাণকার্য আজি মাংগলিক শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ড০ শর্মাই৷ সাঁকোমঠা চাহ বাগিচাত প্রস্তাৱিত আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰি শিক্ষামন্ত্রী ড০ শর্মাই কয় যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ২০১৬ চনত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ শাসনলৈ অহাৰ পাছত চাহ শ্রমিকৰ জীৱন ধাৰণৰ মান আৰু উন্নয়নৰ ধাৰা ত্বৰান্বিত হৈছে৷ চাহ বাগিচাৰ শিক্ষার্থীয়ে যাতে অষ্টম শ্রেণীতেই শিক্ষানুষ্ঠান ত্যাগ নকৰে বৰঞ্চ দ্বাদশ শ্রেণী পর্যন্ত আগ্রহ প্রকাশ কৰে, তাৰ প্রতি মনোযোগ দিবলৈ তেওঁ আছা–আটছা আদি সংগঠনসমূহক আহ্বান জনায়৷ চাহ বাগিচাৰ সাত লাখ শ্রমিকৰ বেংক একাউণ্টত অহা ডিচেম্বৰ মাহত ৩,০০০ টকাকৈ জমা হ’ব বুলিও তেওঁ সদৰী কৰে৷ তেওঁ কয় যে এটা জাতিৰ মেৰুদণ্ড যদি পোন হৈ থাকিব লাগে, তেন্তে প্রতিটো অঞ্চলৰ প্রতিজন লোকেই শিক্ষিত হ’ব লাগিব৷ অসমত ব্রিটিছৰ দিনত মাত্র ১০খন চৰকাৰী বিদ্যালয়হে আছিল৷ বর্তমানৰ বিজেপি চৰকাৰে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত ১১৯খন আদর্শ হাইস্কুল স্থাপনৰ পৰিকল্পনা গ্রহণ কৰি আজি ইয়াৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে অহা ডিচেম্বৰ মাহৰ প্রথমটো পষেকতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণৰ কাম আৰম্ভ হ’ব বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগৰো দায়িত্বত থকা মন্ত্রী ড০ শর্মাই৷ তেওঁ জানিবলৈ দিয়া মতে, চিকিৎসা মহাবিদ্যালয়খন নির্মাণত ব্যয় কৰা হ’ব ৪১৯ কোটি টকা৷ আজি প্রাতঃভ্রমণৰ সময়ত বিশ্বনাথৰ উন্নয়নৰ ছবি প্রত্যক্ষ কৰি সন্তুষ্টি লাভ কৰা শিক্ষামন্ত্রী ড০ শর্মাই ডিচেম্বৰ মাহত পুনৰ বিশ্বনাথলৈ অহাৰ প্রতিশ্রুতি দিয়ে৷ সাঁকোমঠা আৰু প্রতাপগড় চাহ বাগিচাৰ আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভৰ সময়ত গহপুৰৰ বিধায়ক উৎপল বৰা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, বিশ্বনাথ জিলাৰ উপায়ুক্ত প্রণৱ কুমাৰ শর্মা, আৰক্ষী অধীক্ষক ৰাজেন সিং আদি উপস্থিত আছিল৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ লোকনির্মাণ বিভাগৰ ২০২০–২১ বর্ষৰ স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজি (এছ অ’ পি ডি)ৰ অধীনত মুঠ ১১৯খন আদর্শ হাইস্কুল নির্মাণ কৰিবলৈ লোৱা হৈছে৷ ইয়াৰ বাবে আবণ্টিত মুঠ ধনৰ পৰিমাণ হৈছে ১৪,২৫০.০০ লাখ টকা৷ প্রতিখন আদর্শ হাইস্কুলৰ বাবে ব্যয় কৰা হ’ব ১১৯.৭৫ লাখ টকা৷ প্রতিখন বিদ্যালয়ৰ মাটিৰ পৰিমাণ হৈছে ২.৫০ বিঘা৷