ৰঙাপৰা মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ সংযোজন শিক্ষা মানৱ সমাজৰ বাবে বিশাল আশীর্বাদঃ ড০ শৰ্মা
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ পাছত ৰঙাপৰা মহাবিদ্যালয়খনে দ্বিতীয়খন পূর্ণাংগ মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে৷ ৰঙাপৰাৰ দৰে এটা অঞ্চলৰ বাবে অতি গৌৰৱ, আনন্দৰ কথা আৰু জ্ঞান–প্রজ্ঞাৰে শৈক্ষিক দিশত উত্তৰণৰ যাত্রা অব্যাহত ৰাখিব৷ শিক্ষা হ’ল এক আশীর্বাদ, শিক্ষাই এটা পৰিয়াললৈ জীৱনকালতে পৰিৱর্তন আনিবলৈ সক্ষম হয়৷ এটা দৰিদ্র পৰিয়ালৰ সন্তান তথা মেধাৱী ছাত্র–ছাত্রীয়ে শিক্ষাগ্রহণেৰে কম বয়সতে চিকিৎসক, শিক্ষক, অধ্যাপক, অভিযন্তা আদি হৈ পৰিয়ালটোক দৰিদ্রতাৰ পৰা মুকলি কৰি আনিব পাৰে৷ শিক্ষা অবিহনে এজন মানুহে কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ শৈক্ষিক উত্তৰণৰ ক্ষেত্রত আজিৰ দিনটো ৰঙাপৰা মহাবিদ্যালয়খনৰ বাবে স্মৰণীয় আৰু পৱিত্র দিন হৈ ৰ’ব৷ –এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰঙাপৰা মহাবিদ্যালয়ত সোমবাৰে বিজ্ঞান শাখাৰ ভৱন, বিজ্ঞান শাখা প্রৱর্তনৰ আনুষ্ঠানিক শুভাৰম্ভৰ কার্যসূচী আৰু সহকাৰী অধ্যাপকক নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী ড০ শর্মাই লগতে কয়– ৰাজ্যখনত শিক্ষাৰ বহু পৰিৱর্তন ঘটিছে৷ শিক্ষানুষ্ঠানসমূহ চৰকাৰে নির্মাণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ পূর্বৰ চৰকাৰসমূহে বিদ্যালয়, মহাবিদ্যালয়ৰ ইতিবাচক পদক্ষেপ নোলোৱা বাবেই শিক্ষক, অধ্যাপক, অধ্যাপিকাসকলে জীৱনৰ আধা সময় সংগ্রামৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হৈছিল৷
ৰঙাপৰা মহাবিদ্যালয়ত সোমবাৰে যোগদান কৰা বিজ্ঞান শাখাৰ শিক্ষকসকলৰ বাবে পূর্ণাংগ ৰূপত দৰমহা লাভ কৰাৰ পৰিৱেশ এই চৰকাৰৰ দিনত সৃষ্টি কৰা হৈছে৷ ভাষণ প্রসংগত তেওঁ কয় যে ৰাজ্যখনত বিদ্যালয়, মহাবিদ্যালয় স্থাপনৰ ক্ষেত্রত স্থানীয় ৰাইজৰ বিপৰীতে চৰকাৰৰ শিক্ষা বিভাগে প্রয়োজনীয়তাৰ ভিত্তিত বিদ্যালয়, মহাবিদ্যালয়ৰ সুন্দৰ ভৱন নির্মাণ কৰি পৰৱৰ্তী কালত শিক্ষক নিযুক্তি প্রদানেৰে এটা সুন্দৰ পৰিৱেশৰ মাজত যাতে শিক্ষা ব্যৱস্থা গঢ়ি উঠে, তাৰ পদেক্ষপ গ্রহণ কৰিছে৷ বিগত বর্ষত অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনত নতুনকৈ পাঁচখন মহাবিদ্যালয় স্থাপন কৰিছিল আৰু চলিত বর্ষত ৰাজ্যখনত শিক্ষা বিভাগে ১৬খনকৈ মহাবিদ্যালয় স্থাপন কৰিছে৷ অসমৰ প্রাদেশীকৃত মহাবিদ্যালয়সমূহত্ বিজ্ঞান বা বাণিজ্য শাখাৰ প্রৱর্তন কৰাৰ প্রয়াস হাতত লৈছিল আৰু তাৰ ভিতৰত ৰঙাপৰা মহাবিদ্যালয় অন্যতম৷ অসমৰ প্রতিখন চাহ বাগিচা অঞ্চলত শিক্ষানুষ্ঠানৰ অভাৱ অনুভৱ কৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ ১১৯খনকৈ আদর্শ হাইসুকল নির্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ৰাজ্যখনত শৈক্ষিক পৰিৱেশ, স্বাস্থ্যৰ ক্ষেত্রত চৰকাৰখনে বহুতো উন্নয়নমূলক কাম কৰি অহা বুলি মন্ত্রী ড০ শর্মাই সদৰী কৰে৷ ভাষণ প্রসংগত মন্ত্রী ড০ শর্মাই কয়– ক’ৰোনা মহামাৰী চলি থকাৰ সময়তে মনত বহুত সাহস লৈ আজিৰে পৰা মহাবিদ্যালয়সমূহত্ পাঠদানৰ ব্যৱস্থা মুকলি কৰিছে৷ এই সিদ্ধান্তটো অতি বিতর্কিত সিদ্ধান্ত৷ কাৰণ ক’ভিডত আক্রান্ত হৈ ৰাজ্যখনত প্রতিদিনে মানুহৰ মৃত্যু ঘটি আহিছে৷ কিন্তু ধনী শ্রেণী পৰিয়ালৰ সন্তানসকলে অনলাইনৰ জৰিয়তে পর্যাপ্ত শিক্ষা লাভ কৰি আহিছে যদিও দৰিদ্র পৰিয়ালৰ ছাত্র–ছাত্রীসকলে অনলাইনৰ জৰিয়তে শিক্ষা লাভ কৰাটো সম্ভৱ নাছিল৷ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত কালি নিশাটো কটোৱাৰ সময়ত ৰঙাপৰাত হোৱা উন্নয়নমূলক কাম–কাজসমূহ অনুধাৱন কৰা বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয়– ৰঙাপৰা বিধানসভা সমষ্টিত বিগত তিনিটা বছৰত নাটকীয়ভাৱে বিকাশ আৰু উন্নয়ন ঘটিছে৷ ৰঙাপৰাত উৰণীয়া সেতু নির্মাণকে ধৰি ৰাইজৰ বহু সমস্যা বিজেপি চৰকাৰখনে সমাধান কৰিবলৈ সক্ষম হৈছে৷ দিনৰ ১১ বজাত ৰঙাপৰা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাখনৰ আঁত ধৰে মহাবিদ্যালয়খনৰ বডো মাধ্যমৰ প্রবক্তা প্রশান্ত বডো আৰু আদৰণী ভাষণ প্রদান কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই৷ আজি অসম চৰকাৰৰ মন্ত্রী ড০ শর্মাই শিক্ষক নিযুক্তি–পত্র অনুষ্ঠানটোত বিজ্ঞান শাখাৰ পদার্থ বিজ্ঞানত ৩গৰাকী, ৰাসায়ন বিজ্ঞানত ৩গৰাকী, প্রাণী বিজ্ঞানত ৩গৰাকী, উদ্ভিদ বিজ্ঞানত ৩গৰাকী আৰু অংক শাস্ত্রত ৩গৰাকী শিক্ষকক নিযুক্তি–পত্র প্রদান কৰে৷ ৰঙাপৰা মহাবিদ্যালয়খনত মন্ত্রী ড০ শর্মা উপস্থিত হোৱাৰ পাছত মহাবিদ্যালয় কর্তৃপক্ষই গায়ন–বায়ন, অসমীয়া, বডো, চাহ জনগোষ্ঠীৰ পৰম্পাৰগত নৃত্য–গীতৰ মাজেৰে বিজ্ঞান শাখাৰ ভৱনটোৰ উদ্বোধনীস্থলীলৈ আদৰি লৈ যায়৷
ৰঙাপৰা নগৰত উৰণীয়া সেতু নির্মাণৰ বুজ ল’লে ড০ হিমন্ত বিশ্ব শর্মাই
শোণিতপুৰৰ ৰঙাপৰা নগৰত নির্মীয়মাণ উৰণীয়া সেতুৰ কাম–কাজৰ অগ্রগতিৰ বুজ ল’লে ৰাজ্যৰ শিক্ষা, বিত্ত, লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি ৰঙাপৰা সমষ্টিৰ ঘঘৰা, ঠাকুৰবাৰী, সোণাজুলি, নাহৰণী, ফুলবাৰী, নিউ আদাবাৰী চাহ বাগিচাত প্রতিষ্ঠা হ’বলগীয়া আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অহা মন্ত্রীগৰাকীয়ে ব্যস্ততাৰ মাজতে সন্ধিয়া ৰঙাপৰা নগৰৰ থানা তিনিআলিত নির্মাণ হৈ থকা উৰণীয়া সেতুখনৰ নির্মাণৰ অগ্রগতিৰ বুজ লয় লগতে নির্মাণকাৰী সংস্থাক নির্দেশ দিয়ে অহা ফেব্রুৱাৰী, মার্চ মাহৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰিবলৈ৷ উল্লেখ্য যে বিগত বর্ষত লোকসভা নির্বাচনৰ আগতে ড০ শর্মাই উক্ত উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ পাছৰে পৰা নির্মাণৰ কাম অব্যাহত আছে৷
বালিপৰাৰ সোণাবিল চাহবাগিচাত আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন
ৰঙাপৰা বিধানসভা সমষ্টিৰ বালিপৰাৰ সমীপৰ সোণাবিল চাহ বাগিচাত সোমবাৰে এখন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি দিনৰ ১২ বজাত মন্ত্রীগৰাকীয়ে চাহ বাগিচাখনত উপস্থিত হৈ পুৰোহিতৰ মন্ত্রোচ্চাৰণ, মাংগলিক অনুষ্ঠানৰ মাজেদি আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাইৰ লগতে বিজেপিৰ বালিপৰা, ৰঙাপৰা ব্লক মণ্ডলৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷