২৪ নৱেম্বৰত ছবিঘৰলৈ অসমীয়া ছবি ‘ৰঙাটাপু–১৯৮২’
বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ ‘ৰঙাটাপু’ বিশাল ব্রহ্মপুত্রৰ মাজৰ এটা সৰু চাপৰি৷ ১৯৮০ দশকত অসমলৈ অবৈধ প্রব্রজনকাৰীৰ প্রব্রজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হ’বলৈ লয়৷ এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্রব্রজনকাৰীৰ প্রব্রজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘর্ষত লিপ্ত হৈছিল৷ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা ’৮০ৰ দশকৰ এক ক’লা অধ্যায়৷ এই কাহিনী ৰূপালী, মালা, মৰম আৰু ৰাফিজাৰ৷ চাৰিগৰাকী নাৰীৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰ হূদয় কঁপাই যোৱা এটা তেজে ধোৱা কাহিনী– ‘ৰঙাটাপু–১৯৮২’৷ এনে এক মর্মস্পর্শী কাহিনীৰ আধাৰত নির্মাণ কৰা অসমীয়া ছবি ‘ৰঙাটাপু–১৯৮২’ ২৪ নৱেম্বৰত মুক্তিলাভ কৰিব৷ ইপিনে, ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বি আৰ চি চিনে প্রডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্রযোজনা কৰা ছবিখনৰ পৰিচালক আদিত্যম শহকীয়া৷ মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা৷ সহকাৰী পৰিচালক বিবেক বৰা৷ চিত্রগ্রহণ কৰিছে কৃষ শ্বাহে৷ শব্দ সম্পাদনা আৰু সংমিশ্রণ কৰিছে অমৃত প্রীতমে৷ আৱহ সংগীত কৰিছে অমৃত প্রীতম আৰু সুকুমাৰে৷ ছবিখনত অভিনয় কৰিছে ক্রমে– জনপ্রিয় অভিনেত্রী আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, হেমন্ত দেৱনাথ, আলিস্মিতাকে আদি কৰি বহুতো ন–পুৰণি শিল্পীয়ে৷
#বাৰ্তা ডেস্ক