নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত উৎকোচ লৈ ভিজিলেঞ্চৰ জালত ৰেঞ্জাৰ বাবলু দে’

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পাছতো একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ টকাৰ খঁক কমা নাই। মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে। অভিযানকাৰী দলে কেবাজনো ঘোচখোৰ বিষয়া কৰ্মচাৰীক হাতে-লোটে ধৰাও পেলাইছে। ইয়াৰ পিছতো কলা ধনৰ লোভ সামৰিব পৰা নাই ঘোচখোৰ বিষয়া কৰ্মচাৰীয়ে। আজি বিলাসীপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানত পুনৰ হাত দাঙিলে এজন চৰকাৰী বিষয়াই। প্ৰাপ্ত বাতৰি মতে, বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ৰেঞ্জাৰজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। এনে অভিযোগৰ ওপৰত ভিত্তি কৰি দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানকাৰীৰ দলে কাৰ্যালয়টোত অভিযান চলায়। অভিযানটোত ৰেঞ্জাৰ বাবলু দে’ই ডাম্পাৰৰ মালিকৰ পৰা ২৫ হেজাৰ নগদ টকা উৎকোচ লৱ ধৰোঁতে হাতে-লোটে ধৰা পেলায়। পিছত ঘোচখোৰ এ, এফ, এচ, বিষয়া বাবলু দে’ক গ্ৰেপ্তাৰ কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like