নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমুঠি অন্নৰ বাবে হাহাকাৰ এপ’লৰ ৫ শতাধিক শ্রমিক–কর্মচাৰীৰ

নিয়মীয়া বার্তা, ১৩ মে’ : লকডাউনৰ সময়ত ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্র উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ পাঁচ শতাধিক শ্রমিক–কর্মচাৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে ৷ যোৱা তিনি বছৰ ছয় মাহ ধৰি উক্ত মিলৰ উৎপাদন বন্ধ হৈ আছে ৷ যাৰ বাবে দৰমহা বন্ধ হৈ থকাত তীব্র আর্থিক সংকটত ভুগিব লগা হৈছে এইসকল শ্রমিক–কর্মচাৰীয়ে ৷ আনকি লকডাউনৰ বাবে একাংশই খাদ্য সংকটতো ভুগিব লগা হৈছে ৷

উল্লেখ্য যে লকডাউনৰ পূর্বে মিল বন্ধ হৈ থকা সময়ছোৱাত এইসকল কর্মচাৰীৰ কোনোবাই যদি দিন–হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল, তেন্তে আন কোনোবাই আকৌ হোটেলত বাচন–বর্তন ধুই পৰিয়াল চলাবলগীয়া হৈছিল ৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি দীর্ঘদিনীয়া লকডাউনৰ বাবে উক্ত কামসমূহো বন্ধ হৈ পৰাত বর্তমান শ্রমিক–কর্মচাৰীসক্ উপার্জনবিহীন হৈ পৰিছে ৷ এই ভয়ানক দুর্যোগৰ সময়ত শ্রমিক–কর্মচাৰীসক্ দুই–তিনি মাহৰ দৰমহা অথবা এককালীন আর্থিক সাহায্য প্রদান কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

You might also like