নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিঙৰাৰ পুনৰাবৃত্তিৰ আতংকত ত্ৰস্তমান লখিমপুৰৰ ৰঙানদীপৰীয়া

🟢লখিমপুৰৰ ৰঙানদীতো হব পাৰে শিঙৰাৰ পুনৰাবৃত্তি। 
🟢বাঁহৰ গোজ পুতি মথাউৰি সুৰক্ষাৰ ব্যৱস্থা জলসম্পদ বিভাগৰ। 
বিশেষ বাৰ্তা ১৫ জুনঃ লখিমপুৰত চিৰাচৰিতভাৱে কালিৰে পৰা আৰম্ভ হল বানৰ দুৰ্যোগ। শিঙৰা নৈয়ে মথাউৰি ছিঙি প্লাৱন সৃষ্টি কৰিছে জিলাখনত। নৈখনৰ এনে ধ্বংসলীলা ৰঙানদীতো হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। এই আশংকা বৃদ্ধি পাইছে নদী খনৰ বাঁওদিশে  থকা ৩৬২ কোটি টকীয়া মথাউৰি টোক লৈ। লখিমপুৰ নগৰৰো সুৰক্ষা কৱচ স্বৰূপ এই মথাউৰি টোৰ কেইবাটাও স্থানত নদী খনে বিগত বৰ্ষৰ বাৰিষা কালতে ভাবুকি সৃষ্টি কৰিছিল। বিশেষ কৈ লখিমপুৰ নগৰৰ সমীপৰ বগলীজানৰ পৰা বৰবিল পৰ্যন্ত এলেকাটোত নদীখনে পাক লৈ কেইবাঠাইত মথাউৰি টোত খহনীয়া সৃষ্টি কৰিছিল। কিন্তু বিভাগৰ প্ৰচেষ্টা ত তেতিয়া কোনোমতে মথাউৰিটো ৰক্ষা পৰে। বাৰিষা অন্ত পৰাৰ পাছত খৰালি কাল শেষ হল যদিও জলসম্পদ বিভাগে বিগত বৰ্ষৰ বাৰিষা কালত মথাউৰি টোৰ যি সমুহ অংশত খহনীয়া হৈছিল বা নদীখনে পাক লৈ খুন্দিয়াইছিল সেই অংশ সমুহত কোনো শক্তিশালী সুৰক্ষা ব্যবস্থা নললে। বিপৰীতে বৰ্তমান বাৰিষা  আৰম্ভ হোৱাৰ সময়ত তেনে অংশ সমুহত কেইদালমান বাহৰ গোজ পুতিয়েই  দায়িত্ব সামৰিলে। লক্ষ্য নীয় কথা যে যি খন ৰঙা নদীত প্ৰতিবছৰে বাৰিষা কালত বান্ধ ভগাৰ আশংকা কৰি নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়ে সেই খন নদীৰ মথাউৰি সুৰক্ষাৰ নামত বাহৰ গোজ পোতা হৈছে। ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হলেই বান্ধ ভগাৰ আশংকা কৰি তিনি চাৰি হেজাৰ মিলিমিটাৰ পৰ্যন্ত গেট খুলি দি নদীখনত নীপকোৱে বিশাল জলৰাশি মোকলাই দিয়ে। ফলত নদীখনে কালৰূপ ধৰি বিশেষকৈ লখিমপুৰত এফালৰ পৰা সকলো সংহাৰি নিয়ে। নদীখনৰ এনে বিধ্বংসী ৰূপক বাধা দি মথাউৰি সুৰক্ষা কৰিবলৈ বিভাগে দুই তিনি হাত দীঘল বাহৰ গোজ পোতা কাৰ্য্য এতিয়া চৰ্চিত হৈছে। বিভিন্ন দল সংগঠনে এই লৈ ক্ষোভ প্রকাশ কৰিছে। বিভাগৰ এনে পালমৰা কামৰ বাবে লখিমপুৰ বিধ্বস্ত হলে বিভাগটোৱেই জগৰীয়া হব বুলি সতৰ্ক বাণী শুনাইছে সংগঠন সমুহে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিক ৰ সভাপতি মনোজ কলিতাই বিভাগৰ এনে কাৰ্য্য ৰ ফলত লখিমপুৰ নগৰ বা জিলাখনৰ বিভিন্ন অঞ্চল বিপদত পৰিলে বিভাগটোক পোনপটীয়াকৈ তেওলোকে জবাবদিহি কৰিব বুলি সকীয়াই দিছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like