নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণী চাপৰি মনসা মন্দিৰত দেৱীৰ প্রাণ প্রতিষ্ঠা কার্যসূচী

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : গড়ল ভট্টাপাৰাস্থিত ঐতিহ্যমণ্ডিত তথা সদাজাগ্রত ৰাণী চাপৰি শ্রীশ্রীমনসা মন্দিৰৰ পুৰণি মণিকূটটো মন্দিৰত বৃদ্ধি পোৱা ভক্তৰ সংখ্যাৰ প্রতি লক্ষ্য ৰাখি ভক্তিপ্রাণ ৰাইজৰ দান–বৰঙণিৰে নতুনকৈ আহল–বহল পৰিসৰত নির্মাণ কৰা হৈছে৷ আনহাতে, অহা ২৪, ২৫ আৰু ২৬ জানুৱাৰীত নতুনকৈ নির্মাণ কৰা মণিকূট আৰু মা মনসা দেৱীৰ প্রতিমাৰ প্রাণ প্রতিষ্ঠা কার্যসূচী তিনিদিনীয়াকৈ পালন কৰা হ’ব৷ ৰাণী চাপৰি শ্রীশ্রী মনসা পূজা কমিটীৰ সভাপতি অখিল বৈশ্য আৰু সাধাৰণ সম্পাদক সুভাষ কলিতাই জানিবলৈ দিয়া মতে, ২৪ জানুৱাৰীত পুৱা ৮ বজাত প্রাণ প্রতিষ্ঠাৰ লগত সংগতি ৰাখি এক বিশাল ধর্মীয় শোভাযাত্রা উলিওৱা হ’ব৷ শোভাযাত্রা উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী হৰেন মুদৈ আৰু সাংস্কৃতিক কর্মী গৰিমা শইকীয়া গার্গে৷ সন্ধিয়া ৫ বজাত সমূহীয়া বন্তি প্রজ্বলন আৰু ৬ বজাত সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ২৫ জানুৱাৰীৰ দ্বিতীয় দিনা পুৱা ৭ বজাত মাংগলিক কার্যসূচীৰ মাজেৰে নতুন মণিকূটৰ দ্বাৰ মুকলি কৰা হ’ব৷ তাৰ পিছত গণপতি আৰু শিৱলিংগৰ দ্বাৰ মুকলি কৰা হ’ব৷ ৮ বজাৰ পৰা জলযাত্রা আৰু ঘট স্থাপন, ৯ বজাৰ পৰা পূজা আৰম্ভ হ’ব৷ আনহাতে, কার্যসূচীৰ লগত সংগতি ৰাখি বিয়লি চাৰে তিনি বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব৷ সন্ধিয়া আৰতি, ওজাপালি, নাগাৰা নাম আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ২৬ জানুৱাৰী শেষৰ দিনা পুৱা দহ বজাৰ পৰা ছাত্র–ছাত্রীৰ মাজত তিনিটা শাখাত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট সমাজকর্মী আৰু ৰাষ্ট্রীয় খেলুৱৈ অনিল দাসে৷ অনুষ্ঠানত জুবিন গার্গকে ধৰি কেইবাজনো আমন্ত্রিত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব৷

You might also like