শূন্যৰ লগত মিত্রতা কৰিছে কংগ্রেছে, বিজেপিয়ে পাব ১০০ঃ বিৰোধীৰ মহাজোঁটক কটাক্ষ ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ মহাজোঁট গঠনেৰে বিজেপিক উৎখাত কৰাৰ প্রস্তুতি চলোৱা কংগ্রেছে বৃহৎ শূন্য এটাৰে মিত্রতা কৰিছে বুলি কালি কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ সভাপতি দাসৰ মন্তব্য– ‘আঙুলি মূৰত লেখিব পৰা পঞ্চায়ত প্রতিনিধি নথকা দলৰ সৈতে মিত্রতা কৰিছে কংগ্রেছে৷ ইয়াৰ দ্বাৰা বিজেপিৰ তিলমাত্রও ক্ষতি নহয়৷’ উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্ব চি পি আই, চি পি আই (এম) চি পি আই (এম–এল), আঞ্চলিক গণ মর্চা আৰু এ আই ইউ ডি এফে গঠন কৰিছে মহাজোঁট৷
আনকি মহাজোঁটৰ এক বৈঠকত কংগ্রেছে এই মিত্রতাৰে বিজেপিক ওফৰাই দিছপুৰৰ শাসনলৈ আহিব বুলি মন্তব্য কৰিছিল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ ৰিপুণ বৰাৰ এই মন্তব্যক লৈয়ে সৰভোগত এক দলীয় কার্যসূচীত অংশ লৈ সভাপতি ৰঞ্জিত দাসে কটাক্ষ কৰি কয়– ‘কংগ্রেছে যাৰ সৈতে মিত্রতা কৰি বিজেপিক উৎখাত কৰাৰ সপোন দেখিছে, সেই দলসমূহৰ পঞ্চায়তত প্রতিনিধিয়েই নাই৷ পঞ্চায়তৰ ২২ হাজাৰ ৱার্ড কমিছনাৰৰ মাত্র ৪০টাহে বাঁওপন্থী দলৰ৷ ২,২০০ পঞ্চায়ত সভাপতিৰ ভিতৰত বাঁওদলৰ মাত্র এজন প্রতিনিধি৷ জিলা সভাপতি এজনো নাই৷ এই শক্তিক লগত লৈ কংগ্রেছে বিজেপিক প্রত্যাহ্বান জনাব খুজিছে৷ সেয়েহে মই কৈছোঁ যে কংগ্রেছে শূন্যৰ সৈতে মিত্রতা কৰিছে৷ গাঁও পঞ্চায়ৰ ২৪,০০০ প্রতিনিধিৰ ভিতৰত চি পি এম, চি পি আইৰ প্রতিনিধি মাত্র ৪১জন৷ গতিকে মহাজোঁট গঠন কৰিলেও বিজেপিৰ কোনা ক্ষতি নহয়৷’
আনহাতে, ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাক সমালোচনা কৰি ৰঞ্জিত দাসৰ মন্তব্য– ‘সাংসদ অজিত ভূঞাই গঠন কৰা দলটোৰ অস্তিত্বই নাই৷ অসমৰ ৰাইজে দলটোৰ নামেই নাজানে৷ তেনে দলৰ সৈতে কংগ্রেছৰ মিত্রতা হৈছে৷ ‘কা’ আন্দোলনৰ জৰিয়তে আৱেগ সৃষ্টি কৰি সাংসদ হোৱা অজিত ভূঞাই এতিয়া বদৰুদ্দিন আজমলক মুখ্যমন্ত্রী পতাৰ সপোন দেখিছে৷ কিন্তু স্বাভিমানী অসমীয়া, স্বাভিমানী ভাৰতীয়ই কেতিয়াও এয়া হ’বলৈ নিদিয়ে৷ বিজেপিৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হ’ব৷ বিজেপিয়ে ১০০খন আসন অতিক্রম কৰি এইবাৰ চৰকাৰ গঠন কৰিব৷
সর্বস্পর্শী, সর্বব্যাপী হোৱা বিকাশ–উন্নয়ন হ’ব বিজেপিৰ নির্বাচনী ইছ্যু৷’ উল্লেখ্য যে সৰভোগ কালীমন্দিৰ প্রাংগণত আজি অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান কার্যসূচী৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত চি পি আই এমৰ দলৰ ২০০জন, কংগ্রেছৰ ৫০জন, অগপৰ ১০০জন, বি পি এফৰ ৫০জন, আছুৰ ৩১জন আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ৫০জন সদস্যই বিজেপিত যোগদান কৰে৷ এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ প্রতি সাধাৰণ ভোটাৰ ৰাইজৰ আকর্ষণ দিনকদিনে বৃদ্ধি পাইছে৷
ৰাজ্যত কেইবাটাও ৰাজনৈতিক দল গঠন হৈছে যদিও বিজেপিৰ প্রতিহে আকর্ষণ বৃদ্ধি হৈছে৷ মন কৰিবলগীয়া যে বিজেপিৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে দলৰ নৱনির্বাচিত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংসদ দিলীপ শইকীয়াই কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফে অস্তিত্বহীন মহাশূন্য বামপন্থীৰ লগত মিত্রজোঁট গঠন কৰিছে৷ ৰাজ্যখনৰ বাঁওদলৰ ভৱিষ্যৎ অন্ধকাৰ বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে সৰভোগ সমষ্টিত দলৰ সভাপতি ৰঞ্জিত দাসে বিপুলসংখ্যক ভোটত জয়লাভ কৰি হেটট্রিক কৰিব বুলি মন্তব্য কৰে৷