নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত গোসাঁইবড়ীৰ ৰাণু হাজৰিকা

নিয়মীয়া বাৰ্তা, ২২ জুলাই : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গোসাঁইবড়ীৰ ৰাণু হাজৰিকা এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। এই ৰোগৰ চিকিৎসাৰ বাবে বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন। আৰ্থিকভাৱে অতি দুৰ্বল ৰাণু হাজৰিকাৰ পৰিয়ালে চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱাৰাত সমস্যাৰ সন্মুখীন হব লগা হৈছে। অংগনৱাড়ী কৰ্মীৰ চাকৰি কৰা ৰাণু হাজৰিকাই মাহিলি লাভ কৰা সামান্য পাৰিতোষিকেৰে পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হৈ আহিছে। তেনে অৱস্থাৰ মাজতে আৰ্থিকভাৱে দুৰ্বল ৰাণু হাজৰিকা বছৰদিয়েক পূৰ্বে এক জটিল ৰোগত আক্রান্ত হয়। এই ৰোগৰ চিকিৎসা ব্যয়বহুল। তিনিটা সন্তানক লৈ পৰিয়াল চলোৱা মহিলাগৰাকীৰ বাবে এই চিকিৎসা ব্যয় বহন কৰাটো সম্ভৱ নহয়। সেয়ে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে বিভিন্নজনৰ সহায়ৰ প্ৰয়োজন। মহিলাগৰাকীৰ পৰিয়ালে এই ক্ষেত্ৰত সদাশয় আৰু মহানুভৱ ব্যক্তিৰ পৰা সহায় বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে ৰাণু হাজৰিকাৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ A/C, NO – 30442275753, IFSC Code – SBIN – 0000146 নম্বৰত সাহায্য প্ৰদান কৰিবলৈ বা 8876360410 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। অৱশ্যে দুই-একে কিছু সাহায়্য আগবঢ়াইছে যদিও সেয়া পৰ্যপ্ত নহয়। উল্লেখযোগ্য যে ৰাণু হাজৰিকাৰ স্বামী তীৰ্থনাথ ডেকাৰ কেইবছৰমান পূৰ্বে মৃত্যু হৈছিল।

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like