বিশেষ বাৰ্তা, ৭ নবেম্বৰঃ শুৱালকুছিত আজিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱায়ে ৷ উদ্বোধনী ভাষণত তেওঁ বৰ্তমানৰ ৰাস মহোৎসৱসমুহত বাহ্যিকতা আৰু আধুনিকতাই ৰাসৰ মান মৰ্যদা হানি কৰা বুলি উদ্বেগ প্ৰকাশ কৰি কয় যে ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত ভক্তি ভাৱৰ সৃষ্টিৰ বাবেই গোপীসকলৰ লগত ৰাসক্ৰীড়াৰ সৃষ্টি কৰিছিল৷ ৰাসক্ৰীড়া হল আধ্যাত্মিক দিশ উপলব্ধিৰ বস্তু ৷ কিন্ত আজিৰ প্ৰজন্মই ৰাসক্ৰীড়াক আনন্দ আৰু বাহ্যিকতাৰ বস্তু হিচাবে চাব বিচাৰে ৷ ইয়ে ৰাসক মূল উদ্দেশ্যৰ পৰা ক্ৰমাগতভাবে আঁতৰাই নিছে ৷ আত্ম পৰত্মাৰ মহামিলন যে ৰাসক্ৰীড়াৰ মূল উদ্দেশ্য আৰু আধ্যাত্মিকতাৰে যে তাক উপলব্ধি কৰিব লাগিব সেইটো প্ৰতিষ্ঠা কৰিবলৈ হলে নৱ প্ৰজন্মক এই বিষয়ত অৱগত কৰি তেওঁলোকৰ হূদয়ত কৃষ্ণ ভক্তিৰ স্থান দিব লাগিব ৷ নহলে ৰাসৰ নামত চলা অপসংস্কৃতিবোৰে ৰাস উৎসৱৰ সকলো সন্মান লাঘৱ কৰিব৷ নিজৰ ৮৪ বছৰীয়া অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ পুনৰ কয় যে মানুহৰ মনত যেতিয়ালৈকে আধ্যাত্মিকতাৰ বীজ ৰোপন নহব তেতিয়ালৈকে সংস্কৃতিৰ নামত অপসংস্কৃতি, ধৰ্মৰ নামত অধৰ্ম, বাহ্যিকতা আদিয়ে সমাজখন গ্ৰাহ কৰি থাকিব ৷ সেয়েহে যুৱ প্ৰজন্মক আধ্যাত্মিকতাৰ দিশৰে আগবাঢ়িলৈ তেওঁ আহ্বান জনায় ৷ তেওঁৰ লগত মুখমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা আৰু স্থানীয় যুৱ বিজেপি কৰ্মী কুমুদ বৈশ্যয়ো উপস্থিত থাকে ৷ কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে মূল মণ্ডপৰ দ্বাৰ মুকলি কৰা উক্ত ৰাস মহোৎসৱৰ মূল গেটৰ বন্তি প্ৰজ্বলন কৰে ডেকা সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্ত আৰু মণ্ডপৰ বন্তি প্ৰজ্বলন কৰে অবসৰী শিক্ষক মৃগেন্দ্ৰ কুমাৰ দাসে ৷ আজি ৰাসস্থলীত অগণন লোকৰ সমাবেশ ঘটে ৷
প্ৰেৰক দিলীপ মেধি