নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ভূমিকম্পত দুৰ্গতলৈ ৰছিদ খানৰ আৰ্থিক অনুদান

বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ : আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে নিজৰ সমগ্ৰ বিশ্বকাপৰ মাচুল ভূমিকম্পত দুৰ্গতক দান কৰাৰ সিদ্ধান্ত লৈছে। ৭ অক্টোবৰত আফগানিস্তানৰ পশ্চিম প্ৰদেশত ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে। ভূমিকম্পত শ শ লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গুৰুতৰভাৱে আহত হৈছে। ভূমিকম্পৰ ফলত পশ্চিম হেৰাট, ফাৰাহ আৰু বদঘিছ আদি অঞ্চলৰ বিস্তৰ ক্ষতি হৈছে। ৰছিদ খানে এক্স একাউণ্ট (টুইটাৰ)ৰ জৰিয়তে জনাইছে যে তেওঁ সমগ্ৰ বিশ্বকাপৰ মাচুল ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক দান কৰিব। ৰছিদে এক্সত লিখিছে, আফগানিস্তানৰ পশ্চিম প্ৰদেশ (হেৰাট, ফাৰাহ আৰু বদঘিছ)ত হোৱা ভূমিকম্পৰ বিষয়ে মই অতি দুখেৰে জানিব পাৰিলোঁ। মই বিশ্বকাপ ২০২৩ৰ বাবে সমগ্ৰ মাচুল দুখীয়া লোকসকলক সহায় কৰিবলৈ দান কৰিছো। তেওঁ আৰু কয় যে তেওঁ অতি সোনকালে বাকীসকলৰ বাবেও ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব। এই পোষ্টটোৰ কমেণ্টৰ জৰিয়তে ৰাইজে ৰছিদ খানক বহুত প্ৰশংসা কৰিছে। ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাৰ ফলত এতিয়ালৈকে ২০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। লগতে ১০ হাজাৰ লোক আহত হৈছেৰ। ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল হৈ পৰিছিল যে দেশখনৰ কিছু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ভূমিকম্পৰ তীব্ৰতা আছিল ৬.৩।

You might also like