নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মোৰ বন্ধুসকল ইউক্ৰেইনত আবদ্ধ হৈ আছে, সিহঁতক উদ্ধাৰ কৰক”- ইউক্ৰেইনফেৰৎ যুৱতীৰ আৱেগিক আহ্বান

নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ সেনা বাহিনীৰ ভয়ংকৰ আক্ৰমণত তচনচ ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী।পৰহি ইউক্ৰেইনৰ পৰা আহি নগাঁৱত উপস্থিত হ’ল টাৰ্ণপিল নেচনেল মেডিকেল কলেজত অধ্যয়নৰত তৃতীয় বৰ্ষৰ ছাত্ৰী আলগৌছিয়া শ্বৱনম। তেওঁ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শিমলুগুৰিৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া চোহৰাৱ আলী আৰু ৰিজুৱাৰা শ্বেহনাজৰ কন্য়া।দুই বছৰ পূৰ্বে তেওঁ মেডিকেল পাঠ্যক্ৰমত অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ গৈছিল।চকুৱে মুখে এতিয়াও আতংকৰ চাপ স্পষ্ট হৈ থকা ছাত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত কয়,”মই পৰহি পালোহি। সুকলমে আহি ঘৰ পোৱা বাবে ভগৱানৰ ওচৰত মই কৃতজ্ঞ।” তেওঁ আৰু কয়,”ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশলৈ গৈ আছে।চৰকাৰে কিবা এটা কৰক যাতে তাত আৱদ্ধ হৈ থকা অসম তথা ভাৰতৰ ছাত্ৰ ছাত্ৰীসকল সুকলমে আহি ঘৰ পায়হি। ইউক্ৰেইনত বিশ হেজাৰমান ভাৰতীয় ছাত্ৰ ছাত্ৰী আছে।তাৰ ভিতৰত তিনি হেজাৰ মান আমাৰ অসমৰ।তিনি হেজাৰ মান ভাৰতীয় ছাত্ৰ ছাত্ৰী উভতি আহিছে যদিও এতিয়াও তাত ১৭হেজাৰ মান আৱদ্ধ হৈ আছে।” ছাত্ৰীগৰাকীয়ে কয়,”আমি অহাৰ সময়ত ইউক্ৰেইনৰ পৰিস্থিতি ইমানেই বেয়া নাছিল।আমি অহাৰ পাছত হঠাৎ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰে। জানুৱাৰী মাহৰ শেহৰ পৰা তাৰ পৰিস্থিতি ক্ৰমাৎ বেয়া হৈ আহিছিল। আমিতো যেনে তেনে আহিলো,তাত আৱদ্ধ হৈ থকা মোৰ বন্ধুসকলে তাত কান্দি আছে।একো খাবলৈ নাই।ভাৰতীয় দূতাবাসে সিঁহতক কৈছে পোলেণ্ড আৰু হাংগেৰী হৈ দেশলৈ উভতি আহিবলৈ। কিন্তু সেয়া কেনেকৈ সম্ভৱ। বাহিৰত বোমা বিস্ফোৰণ হৈ আছে।” আনহাতে, আলগৌছিয়া শ্বৱনমৰ সহপাঠী গুৱাহাটীৰ নুনমাটিৰ অশোক সিনহাৰ লগত তেওঁৰ হোৱা ভিডিঅ’কলিঙত ছাত্ৰজনে সাংবাদিকক কয়, “আমাৰ অৱস্থা নাই। যাতায়াত বন্ধ, দোকান পোহাৰ বন্ধ, কেৱল বাংকাৰত সোমাই আছোঁ। আমি তীব্ৰ খাদ্য সংকটত ভুগিছোঁ। খোৱাৰ সামগ্ৰীতো নায়েই আনকি খোৱাপানীৰো অভাৱ।”
প্ৰেৰক কনক হাজৰিকা

You might also like